ETV Bharat / state

চিজুছাৰ পাকে ব্যাঘ্ৰ প্ৰকল্পত দুস্প্ৰাপ্য প্ৰজাতিৰ বাঘৰ উপস্থিতি - ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া

অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ চিজুছাৰ পাকে ব্যাঘ্ৰ প্ৰকল্পত বৰ্তমান তিনিটা ক'লা বাঘৰ অৱস্থিতি ধৰা পৰিছে ৷ ২০০০ চনত এই ব্লেক পেন্থাৰ অৰ্থাৎ ক’লা বাঘৰ অৱস্থিতিৰ উমান পোৱা যায় ৷ ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া ডেৰাদুনৰ এক বিশেষ প্ৰচেষ্টাৰ ফলত এইবিধ বাঘৰ অৱস্থিতিৰ তথ্য সংগ্ৰহ কৰিব পৰা গৈছিল ৷ উল্লেখ্য যে, এইটো প্ৰজাতিৰ বাঘ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত কেইখনমান ব্যাঘ্ৰ প্ৰকল্পতহে উপলব্ধ ।

Three Black Tiger habited in Pakke Tiger reserve area tezpur assam etv bharat latest news
দুস্প্ৰাপ্য প্ৰজাতিৰ বাঘৰ উপস্থিতি
author img

By

Published : Feb 25, 2020, 7:06 PM IST

তেজপুৰ,২৫ ফেব্ৰুৱাৰীঃ অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ চিজুছাৰ পাকে ব্যাঘ্ৰ প্ৰকল্পত বৰ্তমান তিনিটা ক'লা বাঘৰ অৱস্থিতি ধৰা পৰিছে ৷ ২০০০ চনত এই ব্লেক পেন্থাৰ অৰ্থাৎ ক’লা বাঘৰ অৱস্থিতিৰ উমান পোৱা যায় ৷ কিন্তু বিভাগীয় মুৰব্বী আৰু বনবিভাগৰ উচ্চ পৰ্যায়ৰ বৈজ্ঞানিকৰ দ্বাৰা ২০০৭ চনত উক্ত দুৰ্লভ প্ৰজাতিৰ বাঘ থকাতো নিশ্চিত হয় ৷

ইতিমধ্যে পোৱালিসহ তিনিটা বাঘৰ চালচলন কেমেৰাত ধৰা পৰে ৷ বনবিভাগৰ তৰফৰ পৰাও উক্ত অঞ্চলত এইবাৰ কেমেৰা সংলগ্ন কৰা হৈছিল ৷ আনহাতে, একেখিনি ঠাইতে ২০০১ চনত ক'লা নাহৰফুটুকীৰ এটা প্ৰজাতিৰ উমান পোৱা গৈছিল ৷

দুস্প্ৰাপ্য প্ৰজাতিৰ বাঘৰ উপস্থিতি

প্ৰায় দুস্প্ৰাপ্য প্ৰজাতিৰ এই বাঘবিধৰ আকৃতি অন্য বাঘৰ দৰে একে যদিও কাণ দুখন প্ৰায় ঘূৰণীয়া ৷ তদুপৰি অন্য বাঘৰ তুলনাত দেহৰ আকাৰ ডাঙৰ হোৱা দেখা যায় ৷ ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া ডেৰাদুনৰ এক বিশেষ প্ৰচেষ্টাৰ ফলত এইবিধ বাঘৰ অৱস্থিতিৰ তথ্য সংগ্ৰহ কৰিব পৰা গৈছিল ৷ উল্লেখ্য যে, এই প্ৰজাতিৰ বাঘ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত কেইখনমান ব্যাঘ্ৰ প্ৰকল্পতহে উপলব্ধ ।

লগতে চাওকঃখানাপাৰাত উন্মোচন 'অসম দৰ্শন আচঁনি'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.