ETV Bharat / state

Aditya L1 ৰ টেলিস্কোপ নিৰ্মাণত তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱদানক প্ৰশংসা মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীৰ - তেজপুৰ বিশ্ববিদ্যালয়

ইছৰ'ৰ Aditya L1 মহাকাশযানত থকা সৌৰ অতিবেঙুনীয়া ইমেজিং টেলিস্কোপে (SUIT) অতিবেঙুনীয়া তৰংগ দৈৰ্ঘ্যৰ ওচৰৰ সূৰ্যৰ প্ৰথমটো সম্পূৰ্ণ ডিস্ক ছবি সংগ্ৰহ কৰিছে । Aditya L1ৰ Solar Ultraviolet Imaging Telescope চমুকৈ SUIT এ প্ৰথমবাৰৰ সূৰ্যৰ ফটো প্ৰেৰণ কৰে । Aditya-L1 ৰ SUIT ৰ বিকাশত তেজপুৰ বিশ্ববিদ্যালয়ৰ বিশেষ ভূমিকা আছিল ৷ যাৰ বাবে এতিয়া Aditya-L1 ৰ সাফল্যত সকলোৱে তেজপুৰ বিশ্ববিদ্যালয়ক শলাগ লৈছে ৷

TU’s  efforts in Aditya L1 mission lauded
Aditya L1 সাফল্যত তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱদান
author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 12:23 PM IST

Updated : Dec 11, 2023, 2:49 PM IST

তেজপুৰ, ১১ ডিচেম্বৰ: Aditya-L1 এ ২০০-৪০০ এন এম তৰংগদৈৰ্ঘৰ পৰিসৰত সূৰ্যৰ প্ৰথম সম্পূৰ্ণ ডিস্ক ছবি সফলতাৰে সংগ্ৰহ কৰিছে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ'ৰ (ISRO) অফিচিয়েল ৱেবছাইটত প্ৰকাশ পাইছে এই তথ্য ৷ Aditya-L1 মহাকাশযানত থকা সৌৰ আল্ট্ৰাভায়োলেট ইমেজিং টেলিস্কোপে (SUIT) এ বিভিন্ন বৈজ্ঞানিক ফিল্টাৰ ব্যৱহাৰ কৰি এই তৰংগদৈৰ্ঘৰ পৰিসৰত সূৰ্যৰ আলোকমণ্ডল আৰু ক্ৰম’স্ফিয়াৰৰ ছবি ধৰিছিল ।

  • Aditya-L1 Mission:
    The SUIT payload captures full-disk images of the Sun in near ultraviolet wavelengths

    The images include the first-ever full-disk representations of the Sun in wavelengths ranging from 200 to 400 nm.

    They provide pioneering insights into the intricate details… pic.twitter.com/YBAYJ3YkUy

    — ISRO (@isro) December 8, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

Aditya L1 ৰ সফলতাত আছে অসমৰ বিশেষ অৰিহণা ৷ Aditya L1 মহাকাশযানত থকা সৌৰ অতিবেঙুনীয়া ইমেজিং টেলিস্কোপ (SUIT) বিকাশত অসমৰ আগশাৰীৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ আছে বিশেষ অৱদান ৷ তেজপুৰ বিশ্ববিদ্যালয়ে ইন্টাৰ ইউনিভাৰ্চিটি চেণ্টাৰ ফ’ৰ এষ্ট্ৰ’নমি এণ্ড এষ্ট্ৰ’ফিজিক্স (IUCAA), পুনে, মণিপাল একাডেমী অৱ হায়াৰ এডুকেশ্যন (MAHE), IISER-কলকাতাৰ চেন্টাৰ ফৰ এক্সিলেন্ট ইন স্পেছ চাইন্ট (CESSI), ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰ’ফিজিক্স বেংগালুৰু, উদয়পুৰ সৌৰ মানৱ নিৰীক্ষণ কেন্দ্ৰৰ (USO-PRL) লগত সমূহীয়া প্ৰচেষ্টাৰ অন্তত মহাকাশযানখনত থকা SUIT ৰ বিকাশ কৰিছিল ৷

Aditya-L1 ৰ এই সফলতাৰ পাচত বিশ্ববিদ্যালয়সমূূহৰ এই সমূহীয়া প্ৰচেষ্টাৰ শলাগ লৈছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী শৰ্মাই ফেচবুকত এটা পোষ্টৰ যোগে এই প্ৰচেষ্টাৰ শলাগ লৈ কয়, "বঢ়িয়া! এইটো এটা ডাঙৰ খবৰ ৷ অসমৰ গৱেষণাই আদিত্য(সূৰ্য) ৰ ওপৰত চিহ্ন এৰিব !আমোদজনক কথাটো হ’ল মহাভাৰতত তেজপুৰক অগ্নিগড় বুলিও জনা যায় আৰু এতিয়া চহৰখনৰ এই সৃষ্টিয়ে অগ্নি দেৱতাৰ শক্তি সহ্য কৰিব” ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও ইয়াৰ শলাগ লয় । তেওঁ ফেচবুকত কয় "তেজপুৰ বিশ্ববিদ্যালয়ৰ আমাৰ বিজ্ঞানী আৰু গৱেষকসকললৈ অভিনন্দন কিয়নো #AdityaL1 মহাকাশযানখনত থকা সৌৰ আল্ট্ৰাভায়োলেট ইমেজিং টেলিস্কোপ (SUIT) যন্ত্ৰই ২০০-৪০০ এন এম তৰংগদৈৰ্ঘৰ পৰিসৰত সূৰ্যৰ প্ৰথমটো সম্পূৰ্ণ ডিস্ক ছবি সফলতাৰে ধৰিবলৈ সক্ষম হৈছে ৷"

তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ পি এইচ ডি তথা পুনেৰ আই ইউ চি এ এৰ জ্যেষ্ঠ গৱেষক জন্মেজয় সৰকাৰ, আদিত্য-এল ১ত IUCAAৰ সৌৰ আল্ট্ৰাভায়োলেট ইমেজিং টেলিস্কোপ পেলোড বিকশিত কৰাৰ অংশ আছিল । জন্মেজয়ে এই সফলতাত সন্তোষ ব্যক্ত কৰি পৰৱৰ্তী দুমাহত আৰু অধিক তথ্য আহৰণৰ আশা ব্যক্ত কৰে । ইফালে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভূ নাথ সিঙে এই সফলতাত আনন্দ প্ৰকাশ কৰি কয় যে এনে খবৰে ৰাজ্যৰ শৈক্ষিক সমাজৰ মনোবল বৃদ্ধি কৰিব । “এয়া তেজপুৰ বিশ্ববিদ্যালয়ৰ গুণগত শিক্ষা আৰু গৱেষণাৰ প্ৰমাণ” উপাচাৰ্য সিঙে কয় ।

লগতে পঢ়ক: India Sun Mission: আদিত্য-L1 অভিযানৰ অংশ অসমীয়া বিজ্ঞানী ঐশ্বন্যা শৰ্মা; যোৰহাটত উছৱ মুখৰ পৰিৱেশ

Last Updated : Dec 11, 2023, 2:49 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.