ETV Bharat / state

Tezpur murder case: মনীষা বড়ো হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়াক লৈ অসন্তুষ্ট বড়ো সংগঠন

author img

By

Published : Apr 19, 2023, 10:44 PM IST

অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ওপৰত হোৱা আতিশয্য প্ৰতিৰোধী আইন ১৯৮৯ ৰ ধাৰা সংযোগ কৰাৰ লগতে মনীষা বড়োৰ হত্যাকাৰীক ফাঁচি দিয়াৰ দাবী জনজাতীয় সংগঠনৰ ৷ এই সন্দৰ্ভত এবছুৰ ঠেলামৰা আঞ্চলিক সমিতিয়ে শোণিতপুৰৰ উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে (Tezpur murder case) ৷

tezpur manisha bodo murder case
হত্যাকাৰীক ফাঁচীৰ দাবী
হত্যাকাৰীক ফাঁচীৰ দাবী

তেজপুৰ, ১৯ এপ্ৰিল : চাঞ্চল্যকৰ মনীষা বড়ো হত্যাকাণ্ডৰ নতুন মোৰ ৷ সমগ্ৰ ৰাজ্য জোঁকাৰি গৈছে মনীষা বড়োৰ হত্যাকাণ্ডই ৷ বুধবাৰে দিনৰ প্ৰায় ১.৩০ বজাত তেজপুৰসহ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নত এখন সংবাদমেল আয়োজন কৰে কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই ৷ তেওঁলোকে উক্ত হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী তোলে (Tezpur Manisha murder Updates) ৷

পঞ্জাৱ নেশ্যনেল বেংকৰ কৰ্মচাৰী তথা ঠেলামৰাৰ বড়গাঁও নিবাসী মনীষা বড়োক ঊষানগৰৰ ভাড়া ঘৰত হত্যা কৰা সন্দৰ্ভত দুই অভিযুক্ত ৰিচাৰ্ড দলে আৰু দেৱাশীষ কৰৰ বিৰুদ্ধে দলবদ্ধভাৱে ধৰ্ষণ আৰু হত্যাৰ ৩৬২/২০২৩ নম্বৰ গোচৰৰ বিপৰীতে ৩৭৬(D)/৩০২ ধাৰা সংলগ্ন কৰা হৈছে ৷ কিন্তু অনুসূচিত জাতি আৰু জনজাতিৰ মহিলা আৰু যুৱতীৰ ওপৰত চলা আতিশয্য প্ৰতিৰোধী ১৯৮৯ ৰ আইন সংযোগ কৰা হোৱা নাই (Tezpur PNB lady employee murder case) ৷

আৰক্ষীয়ে মূল অভিযুক্ত দেৱাশীষক পলাতক অৱস্থাত কৰায়ত্ব কৰিবলৈ সক্ষম হোৱাত আৰক্ষীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলেও সংগঠনৰ প্ৰতিনিধিবৰ্গই কয় যে, মনীষা বড়ো এগৰাকী জনজাতীয় যুৱতী হোৱা সত্বেও দেশৰ কেন্দ্ৰীয় চৰকাৰে অনুসূচিত জাতি আৰু জনজাতি সকলৰ সুৰক্ষাৰ বাবে কেতিয়াবাই প্ৰযোজ্য কৰিবলৈ নিৰ্দেশ দিয়া আইনখন এইক্ষেত্ৰত প্ৰয়োগ নকৰাটো দুৰ্ভাগ্যজনক ৷ এই আইনৰ অধীনত গ্ৰেপ্তাৰ হ’লে অভিযুক্তই জামিন লাভ নকৰে আৰু ৬০ দিনৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰাটো বাধ্যতামূলক বুলি তেওঁলোকে উল্লেখ কৰে ৷

সংগঠন সমূহৰ বিষয়ববীয়া সকলে লগতে কয় যে, এই আইনৰ নিৰ্দেশ অনুসৰি জিলা দণ্ডাধীশে নিপীড়িতৰ পৰিয়ালক আৰ্থিক সাহায্য আগবঢ়াব লাগে যদিও মনীষাৰ দৰিদ্ৰ পৰিয়ালটোৱে হত্যাকাণ্ডৰ ছদিন উকলি যোৱাৰ পাচতো সেয়া লাভ কৰা নাই ৷ মাজতে দিল্লীত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাতো ৰাজ্য চৰকাৰক ১৯৮৯ ৰ আইনখন বলৱৎ কৰিবলৈ কোৱা হৈছিল যদিও সেয়া বাস্তৱত কাৰ্যকৰী কৰাৰ পৰা ৰাজ্য চৰকাৰ বিৰত আছে বুলি ক্ষোভ প্ৰকাশ সংগঠন কেইটাৰ ৷

সংবাদমেলত সংগঠন কেইটাৰ বিষয়ববীয়া সকলে আৰু কয় যে, বৰ্তমানৰ চৰকাৰৰ প্ৰতিটো আহ্বানৰ প্ৰতি ৰাজ্যৰ জনজাতীয় লোকসকলে সমৰ্থন আগবঢ়াই আহিছে যদিও ৰাজ্য চৰকাৰে জনজাতীয় মহিলা-যুৱতীসকলৰ ওপৰত হোৱা আতিশয্য প্ৰতিৰোধী আইনখন বলৱৎ কৰা নাই ৷ সেয়েহে এইখন আইন বলৱৎ কৰি চৰকাৰক জনজাতি সকলৰ প্ৰতি মৰম প্ৰকৃততে আছে বুলি প্ৰমাণ দিবলৈও আহ্বান জনায় (Tezpur Bank employee Murder news) ৷

তেওঁলোকে লগতে কয় যে, যিখন চৰকাৰে বিহুৰ অভিলেখ স্থাপন কৰিবলৈ এশকোটি আৰু বাল্যবিবাহ প্ৰতিৰোধৰ বাবে দুশ কোটি টকা ব্যয় কৰিব পাৰে, সেইখন চৰকাৰে কিন্তু আতিশয্যৰ বলি হোৱা জনজাতীয় যুৱতীৰ পৰিয়ালক সামান্য সাহায্যও আদায় দিয়া নাই ৷ অথচ নিহত মনীষা পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল ৷ ইপিনে ১৯৮৯ ৰ বিশেষ আইনখন ৰাজ্যত কাৰ্যকৰী নকৰাৰ ক্ষেত্ৰত ৰাজ্যখনৰ সকলো জনজাতীয় স্বায়ত্ত পৰিষদ সমূহো নীৰৱে থকা বুলি অভিযোগ কৰি সংবাদমেলত এনে সকলো স্বায়ত্ত পৰিষদ সমূহকো এইক্ষেত্ৰত মাত মতাৰ বাবে আহ্বান জনোৱা হয় (Tezpur Manisha Bodo murder case ) ৷

মনীষা বড়োৰ হত্যাৰে জড়িত সকলে কঠোৰতম শাস্তি লাভ কৰিবই লাগিব বুলি দাবী জনাই তেওঁলোকে কয় যে, মূল অভিযুক্ত দেৱাশীষ কৰৰ লগতে ৰিচাৰ্ড দলেৰ ক্ষেত্ৰতো একেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ এইক্ষেত্ৰত কোনো আপোচৰ কথা নাহে বুলি প্ৰকাশ কৰি সংবাদমেলত কোৱা হয় যে, মুঠতে হত্যাকাৰীক ফাঁচি দিলেহে হত্যা আৰু ধৰ্ষণৰ বলি হোৱা মনীষা তথা পৰিয়ালে প্ৰকৃত ন্যায় লাভ কৰিব (Tezpur bank employee murder) ৷

উল্লেখযোগ্য যে, আজিৰ স্মাৰকপত্ৰৰ প্ৰতিলিপি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ পাছতো যদি এই বিষয়টোৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেনেহলে বিষয়টো দেশৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়কে ধৰি মানৱ অধিকাৰ আয়োগ, জনজাতি কল্যান মন্ত্ৰালয়কে ধৰি বিভিন্ন পৰ্যায়ত দৃষ্টিগোচৰ কৰা হ’ব বুলিও সংবাদমেলত কোৱা হয় ৷

সংবাদমেলত উপস্থিত থাকে সদৌ অসম জনজাতি ছাত্ৰ সন্থাৰ উপদেষ্টা ৰাজু দেউৰী, ট্ৰাইবেল সংঘৰ শোণিতপুৰ জিলা সমিতিৰ যুটীয়া সম্পাদক জিতেন মেছ, এবছুৰ ঠেলামৰা আঞ্চলিকৰ সভাপতি বিপুল বসুমতাৰী, সাধাৰণ সম্পাদক মিথিংগা বড়ো, এবছুৰ শোণিতপুৰ জিলা সমিতিৰ সাহিত্য সম্পাদক সুনীল কুমাৰ বড়ো আৰু সংগঠনটোৰ শোণিতপুৰ জিলাৰ মুখপাত্ৰ পৰেশ বৰমহলীয়া ৷

লগতে পঢ়ক : Tezpur Bank employee Murder: প্ৰেয়সীক হত্যা কৰিও মুখত কোনো অনুশোনাৰ লেশ নাই দেবাশীষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.