তেজপুৰ,২ ছেপ্টেম্বৰ : প্ৰায় পাঁচ শতাধিক লোকৰ নাম অন্তৰ্ভুক্ত নহ'ল শোণিতপুৰ জিলাৰ এখন গাঁৱত । তেজপুৰ চহৰৰ নিলগত বাৰঘূৰি গাঁৱৰ আঠ শতাধিক লোকৰ ভিতৰত পাঁচ শতাধিক লোকৰ নামেই অন্তৰ্ভুক্ত নহ'ল এনআৰচিত । উল্লেখযোগ্য যে ১৯৬৪ চনত পূব পাকিস্তানৰ পৰা শৰণাৰ্থী হিচাবে আনি তেজপুৰ বাৰগুৰিত স্থাপন কৰা শৰণাৰ্থীৰ শিবিৰত ৰখা হৈছিল প্ৰায় ৪০০ লোকক । পৰৱৰ্তী সময়ত ১৯৬৯-৭০ চনত প্ৰতিজন লোকক এক বিঘা মাটি আৰু ৫ হাজাৰ টকা দি সংস্থাপন কৰা হৈছিল শৰণাৰ্থীৰ শিবিৰৰ আশে পাশে আৰু ঢেকীয়াজুলিৰ লগতে ন দুৱাৰ অঞ্চলত । সেই পৰিয়ালৰ হাতত এতিয়াও মজুত আছে সেই সময়ত ভাৰত চৰকাৰে শৰণাৰ্থীৰ হিচাপে স্থাপন কৰা সম্পূৰ্ণ নথি পত্ৰ । কিন্তু তেওঁলোকৰ নাম অন্তৰ্ভুক্ত নহ'ল এন আৰ চিত ।
উচ্চতম ন্যায়ালয়ে পূৱ পাকিস্তানৰ শৰণাৰ্থী সকলৰ তথ্য পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছিল যদিও সেই সমূহ পৰীক্ষা বা পুনৰ পৰীক্ষা নকৰাৰ অভিযোগ উত্থাপন এই ৫০০ জন লোকৰ । তেওঁলোকৰ হাতত শৰণাৰ্থীৰ তথ্যৰ বাহিৰে আন তথ্য নাই । প্ৰয়াত প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰুয়ে ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ জৰিয়তে এই সকল শৰণাৰ্থীক সংস্থাপিত কৰিছিল যদিও তেওঁলোকৰ নাম ১৯৭১ চনৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট নোহোৱা বাবেই তেওঁলোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত নহ'ল ।