তেজপুৰ, ২৯ জুলাই : অসমৰ চাহ উদ্যোগ বিগত দুটা মাহত অত্যাধিক বৰষুণৰ বাবে প্ৰচুৰ পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে ৷ ফলস্বৰূপে অসমত চাহ উৎপাদনৰ পৰিমাণ হ্ৰাস পাইছে । বিশেষকৈ উজনি অসমৰ চাহ বাগিচাসমূহত কেঁচা পাতৰ উৎপাদন হ্ৰাস পাইছে (Tea production declines in Assam) ৷
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত শোণিতপুৰ, ওদালগুৰিত ৫০% শতাংশ হ্ৰাস হোৱাৰ বিপৰীতে নামনি অসমত বতৰে কোনো প্ৰভাৱ পেলোৱা নাই । এই উৎপাদন হ্ৰাসৰ ফলত গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত জুন আৰু জুলাই মাহত ৮ মিলিয়ন কেজি চাহপাতৰ পৰিমাণ হ্ৰাস পোৱা বুলি জানিবলৈ দিয়ে গুৱাহাটীৰ চাহ নিলাম ক্ৰেতা সন্থাৰ সম্পাদক দীনেশ বিহানিয়ে ।
তেওঁ কয় যে কেঁচাপাতৰ উৎপাদন বিগত জুন আৰু জুলাই মাহত ২০ শতাংশ হ্ৰাস পাইছে ৷ কাৰণ চাহ খেতিৰ বাবে অত্যন্ত বৰষুণ যথেষ্ট ক্ষতিকাৰক ৷ এইবাৰ বৰষুণৰ পৰিমাণ বৃদ্ধি আৰু অস্বাভাৱিক বানৰ বাবে কেঁচা পাত বনুৱাই তুলিব পৰা নাই ৷ ফলত চাহ গছসমূহ অনিষ্ট হৈ পৰিছে ।
গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত এই সময়ছোৱাত প্ৰায় ৩৯ নিযুত কিলোগ্ৰাম হ্ৰাস পাইছে ৷ কিন্তু ২০২১ চনৰ মুঠ উৎপাদন যথেষ্ট ভাল আছিল । ২০২২ চনৰ মে’ মাহলৈকে প্ৰায় ৩৮.৯০ নিযুত কিলোগ্ৰাম চাহ অতিৰিক্ত উৎপাদন হৈছিল বুলি বিহানীয়ে উল্লেখ কৰে । তেওঁ লগতে দৃঢ়তাৰে কয় যে, ভাৰতীয় চাহৰ বজাৰত বৰ্তমান ভাল চাহিদা আছে ৷
লগতে ভাল মানদণ্ডৰ চাহে ১৫-২০ টকা অতিৰিক্ত লাভ কৰিবলৈও সক্ষম হৈছিল (Tea Production In Assam)। তেওঁ কয়, বৰ্তমান পৰিস্থিতি যথেষ্ট সলনি হৈছে আৰু অৰ্থ’ডক্স গ্ৰেড চাহৰ ওপৰত এক নিৰ্ভৰযোগ্য চাহিদা আছে ৷ য'ত নিলামৰ মূল্য যোৱা বছৰৰ মূল্যৰ তুলনাত ৫০ টকাতকৈও অধিক বৃদ্ধি পাইছে । ইয়াৰ কাৰণ হৈছে ৰপ্তানিকৰ্তাসকলৰ পৰা চাহৰ ভাল চাহিদা লাভ কৰা হৈছে ৷
শোণিতপুৰ জিলাৰ পদুমণি চাহ উৎপাদন কেন্দ্ৰৰ পৰিচালন সঞ্চালক তথা বিশিষ্ট চাহ খেতিয়ক প্ৰশান্ত কুমাৰ নাথে উল্লেখ কৰে যে, শোণিতপুৰ জিলাৰ লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত কেঁচা চাহপাতৰ উৎপাদন ৩৫-৪০ শতাংশ হ্ৰাস পাইছে আৰু উচিত মূল্য হেৰুৱাইছে । ইয়াৰ প্ৰধান কাৰণ অত্যাধিক বৰষুণৰ পৰিমাণ আৰু তাৰ পিছত হোৱা খৰাং সদৃশ পৰিৱেশ ৷
কাৰণ প্ৰখৰ ৰ’দতো চাহ গছে পাতৰ বাহন ক্ষমতা হেৰুৱাই পেলাইছে আৰু বহু পৰিমাণে অনিষ্ট হৈছে । শোণিতপুৰ আৰু ওদালগুৰি জিলাৰ চাহ বাগিচাসমূহত বানৰ বাবে এই পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছে বুলি তেওঁ কয় । মনকৰিবলগীয়া যে, ভাৰত বৰ্ষত ৯২.৬ মিলিয়ন কেজি চাহ উৎপাদন হয় ৷ তাৰে ৩৩ মিলিয়ন কেজি চাহ অসমত উৎপাদন হয় ।
বৰ্তমান শ্ৰীলংকাৰ বিত্তীয় নাটনিৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ক্ৰেতাৰ ভাৰতৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হৈছে । শ্ৰীলংকাই ৩০০ মিলিয়ন কেজি চাহ উৎপাদন কৰাৰ বিপৰীতে ২৮৬ মিলিয়ন কেজি চাহ ৰপ্তানি কৰে ৷ ইয়াৰ ভিতৰত ৯৫ শতাংশই অৰ্থ’ডক্স উৎপাদন কৰে ।
লগতে পঢ়ক : Akshaya Patra kitchen inaugurate: যোৰহাটৰ 30 হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে পাব অক্ষয় পাত্ৰৰ খাদ্য