ETV Bharat / state

মজুৰি বৃদ্ধিৰ প্ৰতিবাদত 30 চেপ্তেম্বৰত ৰাজ্যজুৰি চাহ শ্ৰমিকৰ ধৰ্মঘট

author img

By

Published : Sep 4, 2020, 7:32 PM IST

চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি 351.33 টকালৈ বৃদ্ধি নকৰাৰ ক্ষোভত ৰাজ্যজুৰি ধৰ্মঘট কাৰ্যসূচীৰ আহ্বান জনাইছে অখিল ভাৰতীয় চাহ মজদুৰ সংঘই ৷ 30 চেপ্তেম্বৰত পালন কৰা হ’ব এই ধৰ্মঘট ৷

Tea garden worker protest tezpur assam etv bharat news
চাহ শ্ৰমিকৰ ধৰ্মঘট

তেজপুৰ,৪ চেপ্তেম্বৰ : 30 চেপ্তেম্বৰত ৰাজ্যজুৰি চাহ শ্ৰমিকসকলে গ্ৰহণ কৰিব এক প্ৰতিবাদী কাৰ্যসূচী ৷ শুকুৰবাৰে তেজপুৰত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত সমিতিৰ মুখ্য আহ্বায়ক বিবেক দাস আৰু অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক দীনেশ নায়কে ঘোষণা কৰে এই কথা ৷ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অনুসৰি চাহ শ্ৰমিকসকলক দৈনিক মজুৰি 350 টকাকৈ প্ৰদান কৰাৰ কথা আছিল ৷ কিন্তু চৰকাৰ গঠনৰ এবছৰ অতিক্ৰমৰ পিছতো এই মজুৰি বৃদ্ধি নহ’ল ৷ বিগত সময়ছোৱাত অৰ্থাৎ 2018 চনৰ 20 আগষ্টত ইয়াৰ প্ৰতিবাদত পালন কৰা হৈছিল বাগিচা ধৰ্মঘট কাৰ্যসূচী । তাৰপিছতে এই ৰাশি বৃদ্ধি পায় দৈনিক 30 টকালৈ ৷ কিন্তু দুমাহৰ মজুৰিৰ পৰা চাহ শ্ৰমিকসকলক চৰকাৰে বঞ্চিত কৰাৰ এক অভিযোগ উত্থাপিত কৰিছে সংঘই ৷

Tea garden worker protest tezpur assam etv bharat news
৩০ চেপ্তেম্বৰত চাহ শ্ৰমিকৰ ধৰ্মঘট

2019 চনত এই মজুৰি 351.33 টকালৈ বৃদ্ধি কৰাৰ সম্পৰ্কত বিজেপি চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । উল্লেখ্য যে,1948 চনৰ মজুৰি আইন অনুসৰি প্রতি 6 মাহৰ মুৰে মুৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে শ্ৰমিকৰ মজুৰিৰ লগত মৰগীয়া ভাট্টা দিয়া উচিত ৷ চাহ বাগিচাত প্ৰতি 3 বছৰৰ মুৰত এক চুক্তিৰ জৰিয়তে মজুৰি বৃদ্ধিৰ নিয়ম প্ৰচলিত আছিল, য’ত প্ৰতি বছৰৰ পহিলা জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ এক নিৰ্দিষ্ট পৰিমাণত আৰু পৰৱৰ্তী দুই বছৰৰ বাবে এই বৃদ্ধিৰ পৰিমাণ পূৰ্বতেই নিৰ্ধাৰণ কৰা হয় বুলি দাসে কয় ৷ আনহাতে,প্রসূতিৰ বাবে ঘোষণা কৰা 12 হাজাৰ টকীয়া আঁচনিখনো বিফল হৈছে চাহ বাগিচাৰ ক্ষেত্ৰত ৷ সেয়ে এই দাবীসমূহ মানিবলৈ চৰকাৰক হেঁচা প্ৰদানৰ স্বাৰ্থতে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব অখিল ভাৰতীয় চাহ মজদুৰ সংঘই ৷

12 ঘণ্টীয়া প্ৰতিবাদ চাহ শ্ৰমিকৰ

লগতে চাওকঃ দুৱাৰমুখত নিৰ্বাচন : তিনিখন নতুন আঁচনি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.