তেজপুৰ, 6 ফেব্ৰুৱাৰী : দেশৰ বিত্তমন্ত্ৰী নির্মলা সীতাৰমণে শনিবাৰে অসমৰ 8 লাখ চাহ জনগোষ্ঠীৰ লোকক 3 হাজাৰ টকা তেওঁলোকৰ একাউণ্টত প্ৰদান কৰে । চাহ জনগোষ্ঠী ছাত্ৰ সন্থাই ইয়াক নিৰ্বাচনী চমক বুলি অভিহিত কৰিছে । চাহ জনগোষ্ঠী ছাত্ৰ সন্থাই 3 হাজাৰ টকাৰ বিপৰীতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা বৃদ্ধি কৰাৰ দাবী জনাইছে ৷
সংগঠনটোৰ নেতাই অভিযোগ কৰি কয় যে, অসমৰ চাহ বাগিচাৰ লোকসকল আজিৰ তাৰিখত যথেষ্ট সমস্যাৰে জৰ্জৰিত । অসমত প্ৰায় এক কোটিৰো অধিক চাহ শ্ৰমিক আছে তেনেক্ষেত্ৰত বিত্তমন্ত্ৰী সাধাৰণ বাজেটত অসম আৰু পশ্চিম বংগৰ চাহ শ্ৰমিকৰ বাবে 1000 হাজাৰ কোটি টকাৰ ঘোষণা কৰিছে ৷

ইফালে, দীৰ্ঘদিন ধৰি চাহ শ্ৰমিক সকলে এটুপি বিশুদ্ধ খোৱা পানী, শৌচালয় ,শিক্ষা আদিৰ পৰা বঞ্চিত হৈ আছে । এতিয়াও স্বচ্ছ ভাৰত অভিযান আঁচনিয়ে ঢুকি পোৱা নাই বহু চাহ বাগিচাক । আনহাতে, চাহ জনগোষ্ঠীৰ লোক সকলক অনুসূচিত জনজাতিৰ মৰ্যদা দিয়া বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অসমত ঘোষণা কৰিছে যদিও সেইয়া ৰাইজক বিভ্ৰান্ত কৰাৰ বাহিৰে আন একো নহয় বুলি কটাক্ষ সংগঠনটোৰ নেতাৰ । ইফালে, ওড়িশা আৰু উত্তৰাখণ্ডৰ চাহ শ্ৰমিক সকলে ইতিমধ্যে জনগোষ্ঠীৰ মৰ্যাদা লাভ কৰিছে । কিন্তু অসমত আন্দোলন কৰিও লাভ কৰিব পৰা নাই বুলি কয় চাহ জনগোষ্ঠী ছাত্র সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অজয় মাধৱ তাঁতীয়ে ।

লগতে পঢ়ক : গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন