ETV Bharat / state

Road Safety: পথ দুৰ্ঘটনা ৰোধৰ বাবে কঠোৰ শোণিতপুৰ জিলা প্ৰশাসন

author img

By

Published : Dec 22, 2022, 7:07 PM IST

নৱবৰ্ষত পথ দুৰ্ঘটনা ৰোধৰ বাবে কঠোৰ হৈছে শোণিতপুৰ জিলা প্ৰশাসন ৷ মদ্যপান কৰি বাহন চলোৱা আৰু হেলমেট বিহীনভাৱে মটৰ চাইকেল চলোৱা সকলৰ বিৰুদ্ধে লোৱা কঠোৰ ব্যৱস্থা ৷ জিলাখনৰ বনভোজস্থলী সমূহতো জিলা প্ৰশাসনে চলাব অভিযান ৷

Road Safety
পথ দুৰ্ঘটনা ৰোধৰ বাবে কঠোৰ শোণিতপুৰ জিলা প্ৰশাসন

তেজপুৰ, 22 ডিচেম্বৰ: বৰদিন, নৱবৰ্ষ বা অনাগত উৎসৱ-পাৰ্ৱণৰ সময়ত যাতে কোনো পথ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) জাৰি কৰা নিৰ্দেশনাৰ পিছতে তৎপৰ হৈছে জিলা প্ৰশাসনসমূহ ৷ ৰাজ্যৰ আন জিলাৰ লগতে শোণিতপুৰ জিলাত পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত দুৰ্ঘটনা ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে(Action taking to prevent road accident) ৷

এই সন্দৰ্ভত বৃহস্পতিবাৰে শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰে উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ(DC Deba kr Mishra) লগতে আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই(SP Sushanta Biswa Sarma) ৷ সংবাদমেলত আগন্তুক উৎসৱৰ বতৰত বনভোজস্থলী সমূহত বিশেষ অভিযান চলোৱাৰ লগতে, দুচকীয়া বাহনত হেলমেট পৰিধান নকৰা(Driving without helmets) আৰু মদ্যপান কৰি বাহন চলোৱা(Drink and Drive) সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰে উপায়ুক্তগৰাকীয়ে ৷ যদি কোনো বাহনৰ চালকে মদ্যপান কৰা পৰিলক্ষিত হয় তেনেক্ষেত্ৰত বনভোজলৈ যোৱা দলটোৱে চালক সলনি কৰিব লাগিব বুলিও উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে ৷

উপায়ুক্তগৰাকীয়ে লগতে কয় যে, ‘‘প্ৰয়োজন অনুসৰি জিলাখনৰ সমূহ পথৰ দাতিত চিহ্ন, ৰিফ্লেক্টৰ আদি স্থাপনৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হ’ব । লগতে যিবোৰ স্থানত দ্ৰুতগতিৰ বাবে দুৰ্ঘটনা সংঘটিত হৈছিল তাত স্পীড ব্ৰেকাৰ(Speed Breaker) স্থাপন কৰি গতি ৰোধ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।’’ আগন্তুক উৎসৱৰ বতৰত পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে সংশ্লিষ্ট সকলো বিভাগক যাৱতীয় ব্যৱস্থা হাতত লবলৈ ইতিমধ্যেই নিৰ্দেশনা দিয়া হৈছে বুলিও উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে ৷

তেখেতে লগতে কয় যে, জিলাখনৰ নিৰ্দিষ্ট স্থানত তালাচী চকী স্থাপন কৰি তাত নিয়মিতভাৱে আৰক্ষী, পৰিবহন বিভাগ আৰু দণ্ডাধীশৰ যৌথ নিৰীক্ষণ চলোৱা হ’ব । লগতে এই সময়ছোৱাত অবৈধ সুৰাৰ(Illegal liquor) বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিবলৈ আবকাৰী বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে বুলিও সদৰী কৰে । ইয়াৰ উপৰিও, জিলাখনত ই-ৰিক্সা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি উপায়ুক্তগৰাকীয়ে উল্লেখ কৰি ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচল বন্ধ কৰা হ’ব আৰু এই নিৰ্দেশ উলংঘা কৰা ই-ৰিক্সাসমূহ জব্দ কৰা হ’ব বুলি তেখেতে জানিবলৈ দিয়ে ।

আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ গতি নিৰ্ধাৰণ কৰিবলৈ জিলাখনৰ চাৰিটা স্থানত ইতিমধ্যে স্পীড গান(Speed Gun) স্থাপন কৰা হৈছে বুলি সদৰী কৰে ৷ লগতে, পথ সুৰক্ষা আইন উলংঘা(Road safety measures) কৰা সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰে ।

ইয়াৰ পূৰ্বে, জিলাখনৰ ৰাজহ চক্ৰ বিষয়া আৰু বিভিন্ন আৰক্ষী থানা আৰু উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সকলৰ উপস্থিতিত জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় য’ত জিলাখনৰ দুৰ্ঘটনাস্থলীসমূহ চিনাক্ত কৰি পথ সুৰক্ষাৰ ওপৰত বিতংভাৱে পৰ্যালোচনা কৰা হয় ৷

লগতে পঢ়ক: Symptom of long Covid: ক্ৰমান্বয়ে স্বাদ-ঘ্ৰাণ শক্তি হেৰুৱাইছে ক'ভিড ৰোগীয়ে: অধ্যয়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.