তেজপুৰ, ১১ মাৰ্চ : লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰিৰ পাচতেই এতিয়া তেজপুৰ লোকসভা সমষ্টিক লৈ বিজেপি দলৰ মাজত চলিছে ব্যাপক চৰ্চা । দলটোৰ পৰা সমষ্টিটোৰ বাবে কোনে লাভ কৰিব প্ৰাৰ্থীত্ব তাক লৈয়ে চলিছে ব্যাপক জল্পনা-কল্পনা অব্যাহত আছে । সমষ্টিটোৰ পৰা সঘনাই উচ্চাৰণ হৈছে ৰাজ্য চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম । ইপিনে এই সম্পৰ্কত সাংবাদিকে মন্ত্ৰীগৰাকীক সোধা প্ৰশ্নৰ উত্তৰত, দলৰ সিদ্ধান্ত মতেই তেওঁক যিটো সমষ্টি দিয়া হয় তাতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু বুলি মত প্ৰকাশ কৰে ৷ আনহাতে যদি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হয়, তেন্তে বিগত কেইবা দিন ধৰি নতুন দিল্লীত বাহৰ পাতি থকা তেজপুৰ সমষ্টিৰ সাংসদ আৰ পি শৰ্মাৰ ভূমিকাও লক্ষণীয় হ'ব ৷
হিমন্ত বিশ্ব নে আৰ পি শৰ্মা ? - লোকসভা নিৰ্বাচন
তেজপুৰ লোকসভা সমষ্টিক লৈ চলিছে ব্যাপক চৰ্চা
তেজপুৰ, ১১ মাৰ্চ : লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰিৰ পাচতেই এতিয়া তেজপুৰ লোকসভা সমষ্টিক লৈ বিজেপি দলৰ মাজত চলিছে ব্যাপক চৰ্চা । দলটোৰ পৰা সমষ্টিটোৰ বাবে কোনে লাভ কৰিব প্ৰাৰ্থীত্ব তাক লৈয়ে চলিছে ব্যাপক জল্পনা-কল্পনা অব্যাহত আছে । সমষ্টিটোৰ পৰা সঘনাই উচ্চাৰণ হৈছে ৰাজ্য চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম । ইপিনে এই সম্পৰ্কত সাংবাদিকে মন্ত্ৰীগৰাকীক সোধা প্ৰশ্নৰ উত্তৰত, দলৰ সিদ্ধান্ত মতেই তেওঁক যিটো সমষ্টি দিয়া হয় তাতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু বুলি মত প্ৰকাশ কৰে ৷ আনহাতে যদি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হয়, তেন্তে বিগত কেইবা দিন ধৰি নতুন দিল্লীত বাহৰ পাতি থকা তেজপুৰ সমষ্টিৰ সাংসদ আৰ পি শৰ্মাৰ ভূমিকাও লক্ষণীয় হ'ব ৷
Body:নিৰ্বাচনী আয়ুক্ত ৰ নির্বাচনী দিন ঘোষণা কৰা ৰ পাছতেই ৰাজনৈতিক দল সমূহৰ ভিতৰত বৃদ্ধি পাইছে তৎপৰতা ।অৱশ্যে আজি পৰ্যন্ত কোনো এটা ৰাজনৈতিক দলেই তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী ৰ নাম আনুষ্ঠানিক ভাৱে ঘোষণা কৰা নাই যদিও সঘনাই নাম উচ্চৰণ হৈছে বৰ্তমান ৰ ৰাজ্য চৰকাৰ ৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ নাম । হয় আপুনি ঠিকেই ভাবিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য ও বৃত্ত মন্ত্রী তথা নেদাৰ আহ্বায়াক হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ হৈছে বিজেপি দলৰ তেজপুৰ লোক সভাৰ প্ৰাৰ্থী ৰ বাবে, কিন্ত এই বিষয়ে কি কয় মন্ত্ৰীৰ মুখতে শুনক।
Byte: হিমন্ত বিশ্ব শৰ্মা,
Conclusion:আনহাতে তেজপুৰ সংসদীয় সমষ্টিৰ ৰ সাংসদ ৰাম প্ৰসাদ শৰ্মা এই বাৰ বঞ্চিত হব পাৰে নেকি প্ৰাৰ্থীত্বৰ পৰা ।
ইতিমধ্যে সাংসদ ৰাম প্ৰসাদ শৰ্মা ই নতুন দিল্লীত যোৱা কেইবাটাও দিন ধৰি বাহৰ পাতি আছে ।তেজপুৰ সমষ্টিৰ পৰা বিজেপি দলৰ কেইবা জন লোকৰ নাম চৰ্চিত হৈছে ।
আনহাতে নিৰ্বাচনৰ আচৰণ বিধি ১৮ মাৰ্চ ত ঘোষণা হব ।প্ৰশ্ন হয় প্ৰধান ৰাজনৈতিক দল বিজেপি আৰু কংগ্ৰেছে ভোট ৰ অংক ঠিক কৰিছে নেকি ? কিয়নো তেজপুৰ লোক সভাত নেপালী ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি বুলিও একাংশ ই কৌশল গত ভাবে প্ৰচাৰ চলাই আহিছে যদিও তথ্য গত ভাবে সেয়া শুদ্ধ নহয় ।এনে প্ৰেক্ষাপটত সমষ্টিটোত দীৰ্ঘদিন ধৰি চলি অহা এক বিশেষ জন গোষ্ঠীয় ৰাজনীতিক এক প্ৰকাৰে নিঃশেষ কৰি এক নতুন অধ্যায়ৰ সূচনাৰ বাবে সম্প্ৰতি বিজেপি দলে যি কুজ কাৱাছ আৰম্ভ কৰিছে যদিও বিজেপি দলৰ সেই ৰণকৌশলত কীটকার্য লাভ কৰিব নে সেয়া সময়েহে কব ।
প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম
তেজপুৰ
১১/৩/১৯