ETV Bharat / state

ডেকাৰগাঁও-ডিব্ৰুগড়ৰ মাজত চলিব বিশেষ ইণ্টাৰচিটি ৰে'ল - ডেকাৰগাঁও ৰে'লৱে ষ্টেচন

ডেকাৰগাঁও-ডিব্ৰুগড়ৰ মাজত চলিব বিশেষ ইণ্টাৰচিটি ৰে'ল ৷ ১৯ আগষ্টৰ পৰা চলিব এই বিশেষ ৰে'লখন ৷

ডেকাৰগাঁও-ডিব্ৰুগড়ৰ মাজত চলিব বিশেষ ইণ্টাৰচিটি ৰেল ৷ ১৯ আগষ্টৰ পৰা চলিব বিশেষ ৰেলখন
author img

By

Published : Aug 19, 2019, 3:14 AM IST

ৰঙাপৰা, 19 আগষ্ট: অৱশেষত পৰীক্ষামূলক ভাবে ডেকাৰগাঁৱৰ পৰা ডিব্ৰুগড়ৰ মাজত চলাচল কৰিব ইন্টাৰচিটি ৰে'লগাড়ী। ১৯ আগষ্টৰ পৰা তেজপুৰ আৰু ডিব্ৰুগড়ৰ মাজত চলিব এই ইন্টাৰচিটি ৰেলখন ৷ তেজপুৰৰ ডেকাৰগাঁও ৰে'লৱে ষ্টেচনৰ পৰা বগীবিল দলং হৈ ডিব্ৰুগড়লৈ যাব ৰে'লখন৷ বৃহস্পতি আৰু দেওবাৰৰ বাহিৰে সপ্তাহৰ বাকী পাঁচদিন চলাচল কৰিব ৰে'লখন।

ডেকাৰগাঁও-ডিব্ৰুগড়ৰ মাজত চলিব বিশেষ ইণ্টাৰচিটি ৰেল ৷ ১৯ আগষ্টৰ পৰা চলিব বিশেষ ৰেলখন

০৫৮২০ নম্বৰৰ উজনিমুৱা ইণ্টাৰচিটি ৰে'লখন ১৯ আগষ্টত পুৱা ৬-২০ বজাত ডেকাৰগাঁও ৰে'লৱে ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু দিনৰ ১-৩০ বজাত ডিব্ৰুগড়ৰ ৰে'লৱে ষ্টেচনত যাত্ৰা শেষ কৰিব। ঠিক একেদিনাই বিয়লি ৩ বজাত ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰিবলগীয়া নামনিমুৱা ০৫৮১৯ নম্বৰৰ ইণ্টাৰচিটি ৰে'লখন নিশা ১০-৪০ বজাত ডেকাৰগাঁও ৰে'লৱে ষ্টেচনত যাত্ৰা শেষ কৰিব।

১১ টা ডবাসম্পন্ন ৰে'লখনে যাত্ৰাপথত ৰঙাপৰা নৰ্থ, বালিপাৰা, বিশ্বনাথ চাৰিআলি, হেলেম, গহপুৰ, তাঁতীবাহাৰ, হাৰমতী, উত্তৰ লক্ষীমপুৰ, গোগামুখ, ধেমাজি, নিউ চিচিবৰগাঁও, টঙানি আৰু ধামালগাঁও ষ্টেচনত ৰ’ব। বৰ্তমান ছমাহৰ বাবে পৰীক্ষামূলকভাৱে চলোৱা হ’ব ৰে'লখন। উল্লেখ্য যে, ২০১৮ বৰ্ষৰ ২৫ ডিচেম্বৰত দেশৰ সৰ্বাতোকৈ দীঘল ৰেলপথ তথা ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান বগীবিল দলংখন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰা আঠ মাহৰ পাছত এখনো দুৰণীবটীয়া যাত্ৰীবাহী ৰেল চলাচল হোৱা নাছিল।

দীৰ্ঘদিনৰ মূৰত ৰে'লৱে বিভাগে ডেকাৰগাঁও-ডিব্ৰুগড়ৰ মাজত ৰে'ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাত উত্তৰপৰীয়া ৰাইজ উৎফুল্লিত হৈ পৰিছে।

Intro:ডেকাৰগাঁও-ডিব্ৰুগড়ৰ মাজত চলিব বিশেষ ইণ্টাৰচিটি ৰেলঃ ১৯ আগষ্টৰ পৰা চলিব বিশেষ ৰেলখনBody:ৰঙাপৰাঃ অৱশেষত পৰীক্ষামূলক ভাবে ডেকাৰগাঁৱৰ পৰা ডিব্ৰুগড়ৰ মাজত চলাচল কৰিব ইন্টাৰচিটি ৰেলগাড়ী। ১৯ আগষ্টৰ পৰা তেজপুৰ আৰু ডিব্ৰুগড়ৰ মাজত চলিব ইন্টাৰচিটি ৰেলখন। তেজপুৰৰ ডেকাৰগাঁও ৰেলৱে ষ্টেচনৰ পৰা বগীবিল দলং হৈ ডিব্ৰুগড়লৈ যাব ৰেলখন। বৃহস্পতি আৰু দেওবাৰৰ বাহিৰে সপ্তাহৰ বাকী পাঁচদিন চলাচল কৰিব ৰেলখন। ০৫৮২০ নম্বৰৰ উজনিমুৱা ইণ্টাৰচিটি ৰেলখন ১৯ আগষ্টত পুৱা ৬-২০ বজাত ডেকাৰগাঁও ৰেলৱে ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু দিনৰ ১-৩০ বজাত ডিব্ৰুগড়ৰ ৰেলৱে ষ্টেচনত যাত্ৰা শেষ কৰিব। ঠিক একেদিনাই বিয়লি ৩ বজাত ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰিবলগীয়া নামনিমুৱা ০৫৮১৯ নম্বৰৰ ইণ্টাৰচিটি ৰেলখন নিশা ১০-৪০ বজাত ডেকাৰগাঁও ৰেলৱে ষ্টেচনত যাত্ৰা শেষ কৰিব। ১১ টা ডবাসম্পন্ন ৰেলখনে যাত্ৰাপথত ৰঙাপৰা নৰ্থ¸ বালিপাৰা¸ বিশ্বনাথ চাৰিআলি¸ হেলেম¸ গহপুৰ¸ তাঁতীবাহাৰ¸ হাৰমতী¸ উত্তৰ লক্ষীমপুৰ¸ গোগামুখ¸ ধেমাজি¸ নিউ চিচিবৰগাঁও¸ টঙানি আৰু ধামালগাঁও ষ্টেচনত ৰ’ব। বৰ্তমান ছমাহৰ বাবে পৰীক্ষামূলকভাৱে চলোৱা হ’ব ৰেলখন। উল্লেখযোগ্য যে, ২০১৮ বৰ্ষৰ ২৫ ডিচেম্বৰত দেশৰ সৰ্বাতোকৈ দীঘল ৰেলপথ তথা ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান বগীবিল দলংখন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰা আঠ মাহৰ পাছত এখনো দুৰণীবটীয়া যাত্ৰীবাহী ৰেল চলাচল হোৱা নাছিল। দীৰ্ঘদিনৰ মূৰত ৰেলৱে বিভাগে ডেকাৰগাঁও-ডিব্ৰুগড়ৰ মাজত ৰেল চলোৱাৰ সিদ্ধান্ত গ্ৰহন কৰাত উত্তৰপৰীয়া ৰাইজ উৎফুল্লিত হৈ পৰিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.