ETV Bharat / state

Defence Research Laboratory: শোণিতপুৰৰ শতাধিক শিক্ষাৰ্থীৰ আৰোহনৰ অধীনত ডি আৰ এল পৰিদৰ্শন - মেণ্টৰিং আৰু কাউন্সেলিঙ

শোণিতপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সহযোগত আজি 'মেন্টিজ ডেভেলপমেণ্ট প্ৰগ্ৰেম'ৰ আয়োজন । ডিফেন্স ৰিচাৰ্চ লেব'ৰেটৰী (ডি আৰ এল) ডি আৰ ডি অ' তেজপুৰৰ সহযোগত সম্পন্ন কৰা হয় এই কাৰ্যসূচীৰ ।

Defence Research Laboratory
আৰোহনৰ অধীনত ডি আৰ এল পৰিদৰ্শন
author img

By

Published : Aug 20, 2023, 5:02 PM IST

তেজপুৰ,২০ আগষ্ট: ডিফেন্স ৰিচাৰ্চ লেব'ৰেটৰী (ডি আৰ এল) ডি আৰ ডি অ' তেজপুৰৰ সহযোগত শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সহযোগত আজি 'মেন্টিজ ডেভেলপমেণ্ট প্ৰগ্ৰেম'ৰ আয়োজন কৰা হয় । এই কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক মেণ্টৰিং আৰু কাউন্সেলিঙৰ জৰিয়তে ব্যাপক সহায় আগবঢ়োৱা । ছাত্ৰ-ছাত্ৰীসকলকৰ কেৰিয়াৰৰ অগ্ৰগতি সৱল কৰাৰ লগতে তেওঁলোকক সমাজ আৰু জাতিৰ ভৱিষ্যতৰ বাবে মূল্যৱান সম্পদ হ’বলৈ শক্তিশালী কৰিবলৈ এনেধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হয় ।

শোণিতপুৰ জিলাৰ বিভিন্ন চৰকাৰী বিদ্যালয়ৰ ভাল ফলাফল লাভ কৰা ১১২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰে । এই কাৰ্যসূচীৰ আৰম্ভণিতে জ্যেষ্ঠ বিজ্ঞানীয়ে আদৰণি ভাষণত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাভৰ দিশত ডি আৰ ডি অ'ৰ অৱদানৰ বিষয়ে চমু বৰ্ণনা কৰা হয় ।

Defence Research Laboratory
আৰোহনৰ অধীনত ডি আৰ এল পৰিদৰ্শন

ইপিনে, বিগত ছয় দশকত সংস্থাটোৰ সামগ্ৰিক সাফল্যৰ ওপৰত আলোকপাত কৰা হয় । তদুপৰি তেওঁ মিছাইল, যুঁজাৰু বিমান, ৰাডাৰ, ছ'লাৰ, ইলেক্ট্ৰনিক যুদ্ধ ব্যৱস্থা আৰু জীৱন সহায়ক প্ৰযুক্তিৰ ক্ষেত্ৰত ডি আৰ ডি অ'ৰ কৃতিত্বৰ বিষয়েও উল্লেখ কৰে।

জ্যেষ্ঠ বিজ্ঞানীগৰাকীয়ে ডি আৰ এল তেজপুৰৰ ভূমিকা আৰু কৃতিত্বৰ বিষয়েও ব্য়াখ্য়া কৰে । তদুপৰি ভেক্টৰ নিয়ন্ত্ৰণ,পানীৰ গুণাগুণ উন্নত কৰা, ঔষধ প্ৰযুক্তি, জৈৱ-প্ৰস্পেক্টিং,উচ্চ উচ্চতাৰ কৃষি আৰু জৈৱ-আৱৰ্জনা ব্যৱস্থাপনাৰ মূল দক্ষতাসমূহকে ধৰি বিভিন্ন ক্ষেত্ৰৰ আভাস দিয়ে ।

এই সকলোবোৰ সামৰি ছাত্ৰ-ছাত্ৰী সকলক এখন তথ্য চিত্ৰ প্ৰদৰ্শন কৰা হয় ডি আৰ ডি অ'ৰ কাৰ্যকলাপৰ ওপৰত । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে উৎসাহ আৰু কৌতুহল প্ৰদৰ্শন কৰি ডি আৰ এলৰ জ্যেষ্ঠ বিজ্ঞানীসকলৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ জ্ঞান বৃদ্ধি কৰে।

ডি আৰ এল প্ৰদৰ্শনী হ’ল ভ্ৰমণ কৰি অংশগ্ৰহণকাৰীসকলে পৰীক্ষাগাৰৰ উদ্ভাৱনসমূহৰ প্ৰত্যক্ষ অভিজ্ঞতা আহৰণ কৰা । সামগ্ৰিকভাৱে এই অনুষ্ঠানে ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান, প্ৰযুক্তি আৰু প্ৰতিৰক্ষা গৱেষণাৰ জগতখনৰ সৈতে সফলতাৰে পৰিচয় কৰাই দিয়ে ।

বিশেষজ্ঞসকলৰ সৈতে মেণ্টৰিং আৰু পাৰস্পৰিক ক্ৰিয়াৰ লগতে স্পষ্ট ফলাফল দেখাৰ সুযোগে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰেৰণাৰ উৎস হিচাপে কাম কৰিব । কিয়নো ইয়াৰ জৰিয়তে তেওঁলোকে নিজৰ কেৰিয়াৰ পথ বাছি লোৱাত ভৱিষ্যত সহায় হ'ব ।

আনহাতে, ছাত্ৰ-ছাত্ৰী সকলে তেজপুৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৈতৃক গৃহ "পকী", তেজপুৰ চিত্ৰলেখা উদ্যান আৰু বিভিন্ন ঐতিহাসিক স্থানসমূহ পৰিদৰ্শন কৰে জিলা প্ৰশাসনৰ বিষয়াসকলৰ সহযোগিতাত । কাৰ্যসূচীৰ সামৰণিত জিলা আয়ুক্তৰ সাভাকক্ষত আয়ুক্ত,তেজপুৰৰ সাংসদ আৰু বিধায়কৰ লগত বাৰ্তালাপ কৰে ।

লগতে পঢ়ক:Rahul Gandhi bike ride : চীনা সৈন্যৰ অনুপ্ৰৱেশ সন্দৰ্ভত মোদীৰ দাবীক মিথ্যা আখ্যা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.