ETV Bharat / state

YouTube channel ত শোণিতপুৰ অনলাইনে ছাত্ৰ-ছাত্ৰীক আগবঢ়াইছে পাঠদান - শোণিতপুৰ জিলাৰ কাৱৈমাৰিৰ যুগল হাইস্কুল

তেজপুৰৰ একাংশ বিদ্যালয়ৰ শিক্ষকে আৰম্ভ কৰিছে অনলাইন পাঠদানৰ বাবে youtube চেনেল ৷ বিদ্যালয়ৰ পাঠদান বন্ধ হৈ থকাৰ পৰিপেক্ষিততে শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই ব্যৱস্থা কৰিছে বিদ্যালয় কেইখনে ৷

Sonitpur online offers student teaching in YouTube channel
YouTube channel ত শোণিতপুৰ অনলাইনে আগবঢ়াইছে ছাত্ৰ-ছাত্ৰী পাঠদান
author img

By

Published : Jul 2, 2021, 10:46 PM IST

তেজপুৰ, ২ জুলাই : ক'ভিড পৰিস্থিতিৰ বাবে শিক্ষানুষ্ঠান সমূহৰ পাঠদান বন্ধ হৈ আছে ৷ ইয়াৰ মাজতে তেজপুৰৰ একাংশ চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ তৎপৰতাত আৰম্ভ কৰা হৈছে অনলাইন পাঠদান । ইয়াৰ ভিতৰত ব্যতিক্ৰমী শোণিতপুৰ জিলাৰ কাৱৈমাৰিৰ যুগল হাইস্কুল ।

প্ৰধান শিক্ষক বিশ্বজিত বড়োৰ নেতৃত্বত শিক্ষক সকলে বিদ্যালয় বন্ধৰ দিনকেইটা দৈনিক অনলাইনত শিক্ষা প্ৰদান কৰি আহিছে । Jugal High school YouTube channel ৰ জৰিয়তে আৰম্ভ কৰিছে এই অনলাইন পাঠদান ৷ তেওঁলোকৰ লিংটো হৈছে https://youtube.com/channel/UCvR2yjMXvUjtybIFhEd1Tmw ৷

মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে একেলগে আৰম্ভ কৰিছে এই শোণিতপুৰ অনলাইন নামেৰে পাঠদান প্ৰক্ৰিয়া আৰু youtube চেনেলত এই নামেৰে উচ্চতৰ মাধ্যমিক আৰু হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীক অনলাইন যোগে পাঠদান কৰা হৈছে ৷ এই কথা জানিবলৈ দিছে শোণিতপুৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তৰুণ বৰাই ৷

YouTube channel ত শোণিতপুৰ অনলাইনে আগবঢ়াইছে ছাত্ৰ-ছাত্ৰী পাঠদান

মিছামাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ কনক চন্দ্ৰ বৰদলৈয়ে Missamari HS School YouTube channel ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিছে । youtube চেনেলটোৰ লিংকটো হৈছে https://youtu.be/OaAhOz439oI ৷

উল্লেখযোগ্য যে 2019-20 বৰ্ষৰ সমীক্ষা অনুসৰি শোণিতপুৰ জিলাত 175 খন Uper primary অৰ্থাৎ পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ বিদ্যালয় আছে তাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় 108 খন আছে । ইয়াৰ একাংশ বিদ্যালয়ত অনলাইন পাঠদান চলিছে যদিও ভিতৰুৱা অঞ্চলত বহুতো ছাত্ৰ-ছাত্ৰীয়ে মোবাইল ফোনৰ অভাৱ আৰু নেটৱৰ্কৰ সমস্যাৰ বাবে এই সুবিধা গ্ৰহণ কৰিব পৰা নাই ৷

শোণিতপুৰ জিলাৰ চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহত প্ৰায় 69183 গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত 41664 ছাত্ৰ ছাত্ৰী আছে ৷ ইয়াৰে অধিকাংশই বিদ্যালয়ৰ শিক্ষকে প্ৰদান কৰা অনলাইনত শিক্ষা গ্ৰহণ কৰিব পৰা নাই । মূল অসুবিধা সমূহ হৈছে ম'বাইল ফোন তথা অনলাইন শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত উপযুক্ত সুবিধাৰ অভাৱ ৷

লগতে পঢ়ক: APSC-ৰ মৌখিক পৰীক্ষাৰ বিতং তথ্য বিচাৰিছে ন্যায়াধীশ শৰ্মা আয়োগে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.