ETV Bharat / state

পোনপ্ৰথমবাৰৰ বাবে বহিঃৰাজ্যৰ বজাৰত শোণিতপুৰৰ ফল-মূল

শোণিতপুৰ জিলাৰ কৃষকে উৎপাদন কৰা ফল-মূল পোনপ্ৰথমবাৰৰ বাবে বহিঃৰাজ্যলৈ ৰপ্তানি(Export) ৷ বুধবাৰে শোণিতপুৰৰ কৃষকৰ দ্বাৰা উৎপাদিত 150 টা আনাৰস, 400 টা নেমু আৰু 25 টা কঁঠাল হায়দৰাবাদ আৰু 50 টা আনাৰস নতুন দিল্লীলৈ ৰপ্তানি কৰা হৈছে ৷

sonitpur fruits export
হিঃৰাজ্যৰ বজাৰত শোণিতপুৰৰ ফল-মূল
author img

By

Published : Jul 21, 2021, 9:51 PM IST

তেজপুৰ,21 জুলাই : পোনপ্ৰথমবাৰৰ বাবে বহিঃৰাজ্যলৈ ৰপ্তানি (Export) হ’ল শোণিতপুৰ জিলাৰ কৃষকে উৎপাদন কৰা ফল-মূল ৷ শোণিতপুৰৰ কৃষকসকলৰ দ্বাৰা উৎপাদিত ফল-মূলে ইতিমধ্যে দেশৰ অন্যান্য ৰাজ্য তথা আন্তৰ্জাতিক বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ লগতে কৃষকে উৎপাদিত সামগ্ৰীৰ অধিক বিক্ৰীমূল্য লাভ কৰাত সুবিধা হোৱাকৈ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প (APART) শোণিতপুৰ জিলাই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ এই পদক্ষেপৰ অংশ হিচাপে বুধবাৰে চাৰিদুৱাৰৰ কৃষকসকলে উৎপাদন কৰা আনাৰস, নেমু আৰু কঁঠাল আদি ফল-মূল প্ৰথমবাৰৰ বাবে ৰাজ্যৰ বাহিৰলৈ ৰপ্তানি কাৰ্যৰ শুভাৰম্ভ কৰে ৷

হিঃৰাজ্যৰ বজাৰত শোণিতপুৰৰ ফল-মূল

নৱমিলন কৃষি উৎপাদক কোম্পানী লিমিটেড, বালিপাৰাৰ উদ্যোগত আয়োজন কৰা এক কাৰ্যসূচীত জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে এই কাৰ্যৰ শুভাৰম্ভণি কৰে ৷ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কৃষকৰ দ্বাৰা উৎপাদিত 150 টা আনাৰস, 400 টা নেমু আৰু 25 টা কঁঠাল হায়দৰাবাদ আৰু 50 টা আনাৰস নতুন দিল্লীলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হয় ৷ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ফুলবাৰী গাৰো গাঁও, সোণাই পাম আৰু চটাই আদি উদ্যান শস্যৰ বাবে বিখ্যাত ৷ ইয়াত বিশেষকৈ আনাৰস, নেমু, কঁঠাল যথেষ্ট পৰিমাণে উৎপাদন হয় ৷

উক্ত সভাত উপায়ুক্ত দাসে উপস্থিত কৃষকসকলক নিজ আয় বৃদ্ধিৰ বাবে উদ্যান শস্যৰ পৰিমাণ বৃদ্ধি কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ৷

এই ক্ষেত্ৰত জিলা প্ৰশাসন তথা জিলা কৃষি বিভাগৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে ৷ কৃষকসকলক উৎপাদিত কৃষিজাত সামগ্ৰী বহিঃৰাজ্যত বিক্ৰীৰ সুবিধা দিয়াৰ বাবে কৃষি বিভাগৰ বিষয়াসকলৰ শলাগ লয় উপায়ুক্তগৰাকীয়ে ৷ সভাৰ অন্তত এপাৰ্টৰ সহযোগত স্থাপন কৰা ধান কেফেটেৰিয়া আৰু আদা শুকোৱা ইউনিট (Ginger Drying Unit) পৰিদৰ্শন কৰে নৱমিলন কৃষি উৎপাদক কোম্পানী লিমিটেডে ৷

উল্লেখ্য যে, চৰকাৰী তথ্য অনুসৰি 2019-20 বিত্তীয় বৰ্ষত 12.42 কোটি টকাৰ সামগ্ৰীৰ বিপৰীতে 2020-21 বিত্তীয় বৰ্ষত ভূটানলৈ 51.55 কোটি টকাৰ কৃষিজাত আৰু সহযোগী সামগ্ৰী ৰপ্তানি কৰা হৈছিল । অৱশ্যে 2019-20 বিত্তীয় বৰ্ষত 21.02 কোটি টকাৰ সামগ্ৰীৰ বিপৰীতে 2020-21 বিত্তীয় বৰ্ষত বাংলাদেশলৈ ৰপ্তানি 11.38 কোটি টকাৰ সামগ্ৰীলৈ হ্ৰাস পাইছে । কৃষি বিভাগৰ সূত্ৰ অনুসৰি, অসমত বছৰি উৎপাদন হয় প্ৰায় 21 লাখ মেট্ৰিক টন ফল ৷

ৰাজ্যখনে বছৰি উৎপাদন কৰে প্ৰায় 54 লাখ মেট্ৰিক টন পাচলি । যদি প্ৰতিটো ফল আৰু পাচলিৰ এটা অংশ ৰপ্তানি কৰিব পাৰি, তেন্তে চৰকাৰৰ লগতে ৰাজ্যখনৰ কৃষকসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব ।

বুধবাৰৰ এই কাৰ্যসূচীত উপস্থিত থাকে জিলা কৃষি বিষয়া প্ৰকাশ বৰা, ৰাজহ চক্ৰ বিষয়া অদিতি গগৈ, কৃষি বিভাগৰ সহকাৰী সঞ্চালক হৰেশ্বৰ দাস, কৃষি বিভাগৰ অন্যান্য বিষয়াৰ লগতে এপাৰ্টৰ বিষয়ববীয়া আৰু নৱমমিলন কৃষি উৎপাদক কোম্পানী লিমিটেডৰ কৰ্মকৰ্তাসকল ৷

লগতে পঢ়ক : প্ৰভূত্ব বিস্তাৰৰ বাবেই জনসংখ্যা বৃদ্ধিৰ অভিযান মুছলমানৰ : মোহন ভাগৱত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.