ETV Bharat / state

২০২৩ত শোণিতপুৰ-বিশ্বনাথত সংঘটিত হৈছে ২২৯৩ টা পথ দুৰ্ঘটনা - Assam Road Accident

Accident in Sonitpur: চলিত বৰ্ষত ৰাজ্যৰ ভিতৰতে শোণিতপুৰত সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হয় । শোণিতপুৰ আৰু বিশ্বনাথত জিলাত ২৩ ডিচেম্বৰলৈকে মুঠ ২২৯৩ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷

Sonitpur Road Accident
শোণিতপুৰ পথ দুৰ্ঘটনা
author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 9:32 PM IST

তেজপুৰ, ২৯ ডিচেম্বৰ: সমগ্ৰ ৰাজ্যৰ ভিতৰতে শোণিতপুৰ জিলাত ২০২৩ বৰ্ষত সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হোৱা তথ্য পোহৰলৈ আহিছে । জানিব পৰা মতে শোণিতপুৰ আৰু বিশ্বনাথত জিলাত চলিত বৰ্ষৰ ২৩ ডিচেম্বৰলৈকে মুঠ ২২৯৩ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ এয়া কেৱল জৰুৰীকালীন বিনামূলীয়া এম্বুলেন্স সেৱা ১০৮ ব্যৱহাৰৰ তথ্যহে ৷

ইয়াৰ উপৰিও এই সেৱা ব্যৱহাৰ নকৰা দুৰ্ঘটনাৰ সংখ্যা অধিক হোৱাৰ সম্ভাৱনা আছে ৷ উল্লেখযোগ্য যে, শোণিতপুৰত ১৬৪১ টা আৰু বিশ্বনাথত ২০২৩ৰ ২৩ ডিচেম্বৰলৈকে মুঠ ৬৫২ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে বুলি প্ৰকাশ কৰিছে ১০৮ এম্বুলেন্স সেৱাই ৷

উল্লেখযোগ্য যে, শোণিতপুৰত জানুৱাৰীত ১৯৯ টা, ফেব্ৰুৱাৰীত ১৩৫ টা, মাৰ্চত ১৪৪ টা, এপ্ৰিলত ১৪৭ টা, মে’ত ১৩১টা, জুনত ১০৩ টা, জুলাইত ৯৭ টা, আগষ্টত ৯৪ টা, ছেপ্তেম্বৰত ১১৩ টা, অক্টোবৰত ২২৭ টা, নৱেম্বৰত ১২২ টা আৰু ২৩ ডিচেম্বৰলৈ ১২৯ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷

আনহাতে বিশ্বনাথত জানুৱাৰীত ৮২ টা, ফেব্ৰুৱাৰীত ৪৬ টা, মাৰ্চত ৬২ টা, এপ্ৰিলত ৫৮ টা, মে’ত ৬৫ টা, জুনত ৩১ টা, জুলাইত ৩৩ টা, আগষ্টত ৩৯ টা, ছেপ্তেম্বৰত ৩৮ টা, অক্টোবৰত ৮২ টা, নৱেম্বৰত ৫৯ টা আৰু ২৩ডিচেম্বৰলৈকে বিশ্বনাথত সংঘটিত হৈছে ৫৭ টা পথ দুৰ্ঘটনা৷ প্ৰনিধানযোগ্য যে, ২০২২ত কেৱল ডিচেম্বৰ মাহতে শোণিতপুৰত সংঘটিত হৈছিল ১৬৫ টা আৰু বিশ্বনাথত ৮৫ টা পথ দুৰ্ঘটনা ৷

আনহাতে চলিত বৰ্ষত বিশ্বনাথত জানুৱাৰী আৰু অক্টোবৰতে সৰ্বাধিক ৮২ টাকৈ পথ দুৰ্ঘটনা সংঘটিত হৈছে৷ একেদৰে শোণিতপুৰত অক্টোবৰত বছৰটোৰ সৰ্বাধিক ২২৭ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ জানুৱাৰীত জিলাখনত সংঘটিত হৈছিল ১৯৯ টা পথ দুৰ্ঘটনা ৷

উল্লেখযোগ্য যে, অধিকাংশ দুৰ্ঘটনাৰ কাৰণ হৈছে সুৰাপায়ী চালক, নিয়ন্ত্ৰণহীন গতিবেগ, ট্ৰেফিক নিয়ম উলংঘন৷ ইংৰাজী নৱবৰ্ষৰ লগতে শাৰদীয় উৎসৱৰ সময়ত এই দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পায়৷ ব’হাগ বিহুৰ সময়তো তুলনামূলকভাৱে সেয়ে দুয়োখন জিলাত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাৰ তথ্য প্ৰকাশ পাইছে ৷

প্ৰণিধানযোগ্য যে, এপ্ৰিলত শোণিতপুৰত ১৪৭ টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে বিশ্বনাথত ৫৮ টা পথ দুৰ্ঘটনা সংঘটিত হয় ৷ সম্প্ৰতি বিনামূলীয়া ১০৮ এম্বুলেন্স সেৱা উপলব্ধ হোৱাত বহু দুৰ্ঘটনাগ্ৰস্তৰ প্ৰাণ সঠিক সময়ত চিকিৎসা লাভৰ বাবে ৰক্ষা পৰিছে যদিও এইক্ষেত্ৰত প্ৰতিগৰাকী চালক তথা পথচাৰী সচেতন হ’লেহে অনাকাংক্ষিত দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰি বুলি প্ৰকাশ কৰিছে ১০৮ এম্বুলেন্স সেৱাৰ সূত্ৰটোৱে ৷

লগতে পঢ়ক: ভাৰতত নতুনকৈ Covid-19 আক্ৰান্তৰ সংখ্যা ৭৯৭ জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.