ETV Bharat / state

জামুগুৰিহাটৰ চৰ চাপৰিত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মহত্তৰ নেতৃত্বত জামুগুৰিহাটৰ দক্ষিণ পশ্চিম অঞ্চলৰ চৰ চাপৰিৰ চৰকাৰী মাটিত অবৈধভাৱে বেদখল কৰি বসতি স্থাপন কৰা প্ৰায় ২ শতাধিক পৰিয়ালৰ বাসগৃহত শোণিতপুৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান ৷

author img

By

Published : Feb 11, 2020, 1:16 PM IST

Sonitpur district administration eviction at Jamugurihat
জামুগুৰিহাটৰ চৰ চাপৰিত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

চতিয়া, ১০ ফেব্ৰুৱাৰী : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দক্ষিণ পশ্চিম অঞ্চলৰ চৰ চাপৰিৰ চৰকাৰী মাটি অবৈধভাৱে বেদখল কৰি বসতি স্থাপন কৰা প্ৰায় ২ শতাধিক পৰিয়ালৰ বাসগৃহত মঙলবাৰে উচ্ছেদ অভিযান চলায় শোণিতপুৰ জিলা প্ৰশাসনে ৷ শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মহন্তৰ নেতৃত্বত যোৱা প্ৰশাসনৰ লোকে দিনৰ ১১ বজাৰপৰা চৰ চাপৰি অঞ্চলত এই অভিযান চলায় ৷ প্ৰায় ৬ শতাধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক লগত লৈ চলোৱা এই উচ্ছেদ অভিযানত ৪ খনকৈ জেচিবি আৰু ৭ খনকৈ ট্ৰেক্টৰো ব্যৱহাৰ কৰা হয় ৷ প্ৰথমেই চৰ চাপৰিৰ মকুৱা চাপৰিত অভিযানকাৰী দলে শতাধিক ঘৰ উচ্ছেদ কৰাৰ পিছত চিৰুৱানী আৰু বিহিয়া চাপৰিতো উচ্ছেদ কৰে বহুটো বাসগৃহ ৷ অৱশ্যে অভিযানৰ আগতীয়া উমান পাই একাংশ বেদখলকাৰী পুৱাৰ ভাগতেই নিজৰ নিজৰ বাসগৃহ এৰি আচবাব সমূহ লৈ সেই স্থান ত্যাগ কৰে যদিও আন একাংশ লোক সেই স্থানতে খোপনি পুতি থকাত প্ৰশাসনৰ লোকে জেচিবিৰ সহায়ত সেইসকল অবৈধ বেদখলকাৰীৰ বাসগৃহ ভাঙি চুৰমাৰ কৰে ৷

ইয়াৰ পূৰ্বে জামুগুৰিহাটৰ চৰ চাপৰি অঞ্চলৰ লালেটাপু, গটাইমাৰি, ভৰলী চাপৰি, ননকে গটাইমাৰিকে ধৰি কেবাটাও স্থানত চৰকাৰী মাটি বেদখল কৰি থকা ৫ শ পৰিয়ালক বিগত বৰ্ষৰ ৬ ডিচেম্বৰত শোণিতপুৰ জিলা উপায়ুক্তৰ উপস্থিতিত প্ৰশাসনৰ লোকে উচ্ছেদ কৰিছিল ৷ পাছত উচ্ছেদিত লোকসকলৰ একাংশই সেই স্থান ত্যাগ কৰাৰ বিপৰীতে আন একাংশই সেই অঞ্চলৰ মকুৱা চাপৰি, চিৰুৱানী আৰু বিহিয়া চাপৰিত জুপুৰি সদৃশ বাসগৃহ সাজি পুনৰ খোপনি পুতিবলৈ লৈছিল ৷ এই খোপনি পুতিবলৈ লোৱা বেদখলকাৰী সকলক জিলা প্ৰশাসনৰ ফালৰপৰা বাৰম্বাৰ সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও বেদখলকাৰীসকলে প্ৰশাসনৰ নিৰ্দেশক ভেঙুচালী কৰাৰ ফলতেই আজি পুনৰ দ্বিতীয়বাৰৰ বাবে এই উচ্ছেদ অভিযান চলাবলৈ বাধ্য হয় শোণিতপুৰ জিলা প্ৰশাসন ৷

চতিয়া সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলৰ চৰকাৰী মাটি অবৈধভাৱে বেদখল কৰা এই লোকসকলক এক ইঞ্চি মাটিও এৰি নিদিও বুলি কোৱাৰ উপৰিও সমষ্টিত কোনো কাৰণতেই থাকিবলৈ দিয়া নহ’ব বুলি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই হুংকাৰ প্ৰদান কৰিছিল ৷ আনহাতে দ্বিতীয়বাৰৰ বাবে উচ্ছেদ চলোৱাৰ পিছতো পুনৰ যদি চৰ চাপৰিৰ চৰকাৰী ভূমিত এইসকল বেদখলকাৰী লোকে পুনৰবাৰ বেদখল কৰাৰ চেষ্টা চলাই তেন্তে আইনগত ব্যৱস্থা লোৱা হ’ব বুলি সঁকিয়াই দিয়ে শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মহন্তই ৷

লগতে পঢ়ক:মৰিগাঁৱৰ এটা পৰিয়ালৰ কৰুণ গাঁথা

Intro:চতিয়া,১০ ফেব্ৰুৱাৰী : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দক্ষিণ পশ্চিম অঞ্চলৰ চৰ চাপৰিৰ চৰকাৰী মাটি অবৈধভাৱে বে-দখল কৰি বসতি স্থাপন কৰা প্ৰায় ২ শতাধিক পৰিয়ালৰ বাসগৃহত আজি উচ্ছেদ অভিযান চলাই শোণিতপুৰ জিলা প্ৰশাসনে৷শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক নোমল মহত্তৰ নেতৃত্বত যোৱা প্ৰশাসনৰ লোকে দিনৰ ১১ বজাৰপৰা চৰ চাপৰি অঞ্চলত এই অভিযান চলাই৷ প্ৰায় ৬ শতাধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক লগত লৈ চলোৱা এই উচ্ছেদ অভিযানত ৪ খনকৈ জেচিবি আৰু ৭ খনকৈ ট্ৰেক্টৰো ব্যৱহাৰ কৰা হয়৷ প্ৰথমেই চৰ চাপৰিৰ মকুৱা চাপৰিত অভিযানকাৰী দলে শতাধিক ঘৰ উচ্ছেদ চলোৱাৰ পিছত চিৰুৱানী আৰু বিহিয়া চাপৰিত এই অভিযান চলাই৷ অৱশ্যে অভিযানৰ আগতীয়া উমান পাই একাংশ বেদখলকাৰী পুৱাৰ ভাগতেই নিজৰ নিজৰ বাসগৃহ এৰি আচবাব সমূহ লৈ সেই স্থান ত্যাগ কৰে যদিও আন একাংশ লোক সেই স্থানতে খোপনি পুতি থকাত প্ৰশাসনৰ লোকে জেচিবিৰ সহায়ত সেইসকল অবৈধ বেদখলকাৰীৰ বাসগৃহ ভাঙি চুৰমাৰ কৰে ৷Body:৷ জামুগুৰিহাটৰ চৰ চাপৰি অঞ্চলৰ লালেটাপু,গটাইমাৰি,ভৰলী চাপৰি,ননকে গটাইমাৰিকে ধৰি কেবাটাও স্থানত চৰকাৰী মাটি বেদখল কৰি থকা ৫ শ পৰিয়ালক যোৱা ৬ ডিচেম্বৰত শোণিতপুৰ জিলা উপায়ুক্তৰ উপস্থিতিত প্ৰশাসনৰ লোকে উচ্ছেদ চলোৱাৰ পিছত উচ্ছেদিত লোকসকলৰ একাংশই সেই স্থান ত্যাগ কৰাৰ বিপৰীতে আন একাংশই সেই অঞ্চলৰ মকুৱা চাপৰি,চিৰুৱানী আৰু বিহিয়া চাপৰিত জুপুৰি সদৃশ বাসগৃহ সাজি পুণৰ খোপনি পুতিবলৈ লৈছিল৷এই খোপনি পুতিবলৈ লোৱা বেদখলকাৰী সকলক জিলা প্ৰশাসনৰ ফালৰপৰা বাৰম্বাৰ সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও বেদখলকাৰীসকলে প্ৰশাসনৰ নিৰ্দেশক ভেঙুচালী কৰাৰ ফলতেই আজি পুণৰ দ্বিতীয়বাৰৰবাবে এই উচ্ছেদ অভিযান চলাবলৈ বাধ্য হয় শোণিতপুৰ জিলা প্ৰশাসন৷ মনকৰিবলগীযা যে চতিয়া সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলৰ চৰকাৰী মাটি অবৈধভাৱে বেদখল কৰা এই লোকসকলক এক ইঞ্চি মাটিও এৰি নিদিও বুলি কোৱাৰ উপৰিও সমষ্টিত কোনো কাৰণতেই থাকিবলৈ দিয়া নহ’ব বুলি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই হুংকাৰ প্ৰদান কৰিছিল৷ Conclusion:অন্যহাতে দ্বিতীয়বাৰৰ বাবে উচ্ছেদ চলোৱাৰ পিছত পুণৰ যদি চৰ চাপৰিৰ চৰকাৰী ভূমিত এইসকল বেদখলকাৰী লোকে পুণৰবাৰ বেদখল কৰাৰ চেষ্টা চলাই তেন্তে আইনগত ব্যৱস্থা লোৱা হ’ব বুলি সকিয়াই দিয়ে শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক নোমল মহত্তই৷

Byte: অতিৰিক্ত আৰক্ষী অধীক্ষক,শোণিতপুৰ ৷

Pransankar bhuyan
Sootea
Etv bharat( assam)
10/2/2020
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.