তেজপুৰ, 30 জানুৱাৰীঃ বৃহস্পতিবাৰে কণ্ঠশিল্পী পংকজ বৰদলৈ আৰু কন্যা ভায়'লিনাৰ যুগলবন্দীৰে বাণীবদ্ধ, 'শৰতৰ জোনালী ৰাতি' শীৰ্ষক এক দৃশ্য শ্ৰাব্য গীত উন্মোচন কৰা হয় ৷ কণ্ঠশিল্পী গৰাকীৰ নিজা বাসগৃহত আজি সন্ধ্যা কন্যা ভায়'লিনাই উন্মোচন কৰে গীতটি ৷ উল্লেখ্য যে, ১৯৯৮ চনত বিশিষ্ট কণ্ঠশিল্পী পংকজ বৰদলৈয়ে লিখা এই গীতটিত তেওঁ কণ্ঠদান কৰিছিল জনপ্ৰিয় কণ্ঠ শিল্পী সন্ধ্যা মেননৰ সৈতে ৷
বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী ভায়'লিনাই ঘৰলৈ আহি, পিতৃৰ সৈতে কণ্ঠদান কৰে প্ৰায় ২২ বছৰ পুৰণি পিতৃৰ ৰচিত গীতটিত ৷ একাংশ আত্মীয়ৰ উপস্থিতিত উন্মোচন হোৱা গীতটিৰ প্ৰযোজনা কৰিছে কণ্ঠশিল্পী পংকজ বৰদলৈৰ পত্নী, নৃত্য পতীয়সী ৰুবী বৰা বৰদলৈয়ে ৷ গীতটিৰ সংগীত ব্যৱস্থাপনা পলাশ সূৰ্য গগৈৰ আৰু দৃশ্যগ্ৰহণ ৰিতুপৰ্ণ বৰুৱাৰ ।
লগতে পঢ়ক ঃ গুৱাহাটীত কেৰেলাৰ কলা-কৃষ্টি প্ৰদৰ্শন