ETV Bharat / state

সৌৰশক্তি চালিত ফেন্সিঙেৰে ৰোধিব হাতী-মানুহৰ সংঘাত

হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ ওদালগুৰি জিলাত সৌৰশক্তি চালিত ফেন্সিঙৰ এক বিশেষ প্ৰকল্প অনুমোদন কৰিছে বন বিভাগে । এই প্ৰকল্পই মুঠ 15,000 খন গাঁৱৰ সুৰক্ষা প্ৰদান কৰিব ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...

author img

By

Published : Feb 10, 2021, 9:37 PM IST

Updated : Feb 10, 2021, 10:03 PM IST

solution-for-man-elephan-conflict
সৌৰশক্তি চালিত ফেন্সিঙে ৰোধিব হাতী-মানুহৰ সংঘাত

তেজপুৰ,10 ফেব্ৰুৱাৰী : অৱশেষত হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ বন বিভাগে এক পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়াস কৰিছে ৷ ওদালগুৰি জিলাত হাতী-মানুহৰ সংঘাত কম কৰাৰ অৰ্থে মুঠ 18 কিলোমিটাৰ দৈৰ্ঘৰ সৌৰশক্তি চালিত ফেন্সিঙৰ এক বিশেষ প্ৰকল্প অনুমোদন কৰিছে বন বিভাগে । এই প্ৰকল্পই মুঠ 15,000 খন গাঁৱৰ সুৰক্ষা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, ৰাজ্যৰ ভিতৰতে ওদালগুৰি জিলাৰ নাগ্ৰীজুলিত হাতী-মানুহৰ মাজৰ সংঘাত তুলনামূলকভাৱে যথেষ্ট বেছি ৷ বন বিভাগে অনুমোদন জনোৱা ফেন্সিঙৰ ক্ষমতা যথেষ্ট নিম্নমানৰ হোৱা বাবে সামান্য পৰিমাণৰ জোকাৰণিয়ে এটা হাতীক ভয় খুৱাব পাৰিব । এই প্ৰকল্প অৰণ্যকৰ আৰু বন বিভাগৰ যৌথ সহযোগিতাৰে স্থাপন কৰিব আৰু এলিফেণ্ট ফেমিলী ফাউণ্ডেশ্যনৰ পৰা ইয়াত সাহাৰ্য প্ৰদান কৰা হৈছে ৷

বিগত সময়চোৱাত অসমত যথেষ্ট সংখ্যক হাতী আৰু মানুহৰ মৃত্যু হৈছিল ৷ কিন্তু চৰকাৰ তথা বন বিভাগে কোনো বিশেষ ভূমিকা অৱলম্বন কৰা দেখা নাই । 2010 চনৰ পৰা 2020 চনলৈকে অসমৰ 7 খন জিলাত হাতী-মানুহৰ সংঘাতৰ বাবে 277 গৰাকীৰ মৃত্যু ঘটিছিল ৷ ইয়াৰ বিপৰীতে 88 টা বনৰীয়া হাতী মৃত্যুমুখত পৰে ।

তথ্য জনাৰ অধিকাৰৰ জৰিয়তে কেৱল 7 খন জিলাৰ তথ্যহে পোৱা গৈছে ৷ ইফালে আৰ.টি.আই. কৰ্মী দিলীপ নাথে জনায় যে, সৌৰশক্তি চালিত ফেন্সিং এক ভাল পদক্ষেপ গ্ৰহণ ৷ কিন্তু ইয়াতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে বনাঞ্চলৰ সমীপত থকা অবৈধ বেদখল ৷ এই অবৈধ বেদখলৰ ফলত বনৰীয়া হাতীৰ বাসস্থানৰ অভাৱ ঘটিছে আৰু ইয়াৰ ফলস্বৰূপে বনাঞ্চলৰ পৰিৱৰ্তে জনাঞ্চললৈ ধাৱমান হৈছে বন্যহস্তী ।

2010-2020 চনৰ সমীক্ষা মতে, অসমৰ 7 খন জিলাৰ ভিতৰত গোৱালপাৰাত 130 টা হাতী আৰু 30 গৰাকী লোকৰ মৃত্যু হৈছে ৷ অন্যহাতে, ধুবুৰীত 6 টা হাতীৰ মৃত্যু, বিশ্বনাথত 30 গৰাকী লোকৰ বিপৰীতে 69 টা হাতীৰ মৃত্যু, মাজুলীৰ 4 টা হাতীৰ মৃত্যু, বামুণী গাঁও, কামৰূপ জিলাৰ দক্ষিণ প্ৰান্তত 22 টা হাতী, গোলাঘাট জিলাত 15 গৰাকী লোক আৰু 43 টা হাতীৰ মৃত্যু, ডিব্ৰুগড় জিলাত 13 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 3 টাকৈ হাতী মৃত্যু মুখত পৰে । ইয়াৰোপৰি, বিগত বৰ্ষত শোণিতপুৰ জিলাত হাতী-মানুহৰ সংঘাতৰ ফলত 5 গৰাকী লোক আৰু 4 টা হাতীৰ মৃত্যু হয় ৷

হাতী-মানুহৰ সংঘাতৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত মৃত্যুমুখত পৰিছে বহু লোক ৷ একেদৰে মৃত্যু হৈছে বহুকেইটা বনৰীয়া হাতীৰো ৷ এই সংঘাত ৰোধ কৰিবলৈ বন বিভাগে গ্ৰহণ কৰা প্ৰয়াসে সফলতা আনিলে অনাগত সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্ততো ইয়াক কাৰ্যকৰী কৰাৰ থল থাকিব ৷

লগতে পঢ়ক : বিজেপিয়ে জাতি-জনগোষ্ঠীৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰিছেঃ আৰ পি শৰ্মা

Last Updated : Feb 10, 2021, 10:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.