ETV Bharat / state

খহনীয়াৰ কৱলত তেজপুৰ সেনা ছাউনী

author img

By

Published : Jul 14, 2019, 2:43 PM IST

বালিপাৰা-টাৱাং পথৰ 12 মাইলস্থিত 20আছাম ৰাইফলছৰ ছাউনীলৈ অশনি সংকেট কঢ়িয়াইছে জীয়াভৰালী নদীৰ গৰাখহনীয়াই ৷ ছাউনীটোৰ 100 ফুটৰো অধিক মাটি নদীখনে খহাই নিয়াৰ উপৰিও বালিপাৰা-টাৱাং সংযোগী পথলৈও ভাবুকি কঢ়িয়াই অনাৰ কথা প্ৰকাশ কৰিছে সামৰিক বিষয়াই ৷

খহনীয়াৰ কৱলত তেজপুৰ সেনা ছাউনী

ৰঙাপৰা, 14 জুলাইঃ ৰাজ্যত অপৰিৱৰ্তিত আছে বান পৰিস্থিতি ৷ সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাটো বানে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগতে জীয়াভৰালী নৈৰ খহনীয়াত জাহ গৈছে বহু অঞ্চল ৷ বিশেষভাৱে গুৰুত্বপূৰ্ণ 12 মাইলস্থিত সামৰিক ছাউনীৰ প্ৰায় 100 ফুটৰো অধিক মাটি নৈখনে খহাই নিয়াৰ লগতে বিপদ মাতিছে অৰুণাচলৰ টাৱাং সংযোগী বালিপাৰা-টাৱাং পথটোলৈ ৷

12 মাইলত থকা 20আছাম ৰাইফলছৰ ছাউনীটোৰ প্ৰায় বহু অংশ গৰাখহনীয়াত জাহ যোৱাৰ লগতে অৰুণাচলৰ টাৱাং সংযোগী বালিপাৰা-টাৱাং পথলৈ বিপদ মাতি অনাৰ কথা প্ৰকাশ কৰিছে খোদ সামৰিক বিষয়াই ৷

খহনীয়াৰ কৱলত তেজপুৰ সেনা ছাউনী

বৰ্তমান শিবিৰত থকা জোৱানসকলক নদীখনৰ পাৰলৈ যোৱাটো নিষিদ্ধ কৰাৰ লগতে সকলো সময়তে সতৰ্ক হৈ থাকিবলৈ নিদেৰ্শ দিয়া হৈছে । বালিপৰা-টাৱাং সংযোগী সংযোগী পথচোৱা খহনীয়া কাষ চাপিবলৈ প্ৰায় ৬০ ফুট মানহে বাকী আছে । নদীখনৰ খহনীয়াই যদি পথচোবাৰ ক্ষতি সাধন কৰে ৰাজ্যখনৰ সৈতে ভালুকপুঙ আৰু চুবুৰীয়া ৰাজ্যখনৰ কেইবাখনো ঠাইৰ সৈতে যোগাযোগ বিছিন্ন হৈ পৰিব ।

এই বিষয়ে শোনিতপুৰ জিলা উপায়ুক্তৰ সৈতে বিগত বৰ্ষতে আলোচনাত মিলিত হৈছিল সামৰিক বিষয়াসকল যদিও বৰ্তমানলৈ কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে 20 আছাম ৰাইফলছৰ কামাণ্ডিং বিষয়াগৰাকীয়ে ৷ শীঘ্ৰেই অসম চৰকাৰৰ লগতে বান নিয়ন্ত্ৰণ বিভাগক নৈখনৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ আহ্বান জনোৱাৰ লগতে ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিবলৈও আহ্বান জনাই সামৰিক বিষয়াগৰাকীয়ে ৷

Intro:জীয়াভৰলী নদীৰ বুকুত জাহ গল অসম ৰাইফলৰ এটা শিবিৰঃ গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে বালিপৰা-টাৱাং সংযোগী পথলৈBody:ৰঙাপৰাঃ জীয়াভৰলী নদীৰ বুকুত জাহ গল অসম ৰাইফলৰ শিবিৰৰ এটা অংশ। নৈখনৰ গৰাখহনীয়াই চৰম ভাবুকি কঢ়িয়াই আনিছে বালিপৰা-টাৱাং সংযোগী পথচোৱালৈ। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কামেং জিলাৰ পৰা অসমলৈ বৈ অহা জীয়াভৰলীখন সম্প্ৰতি ফেনে-ফোটোকাৰে বাঢ়ি কালৰূপ ধাৰণ কৰিছে। খৰস্ৰোতা জীয়াভৰলী নদীখনৰ পাৰত থকা এটা সামৰিক বাহিনীৰ শিবিৰৰ এটা অংশ নদীখনৰ বুকুত জাহ গ’ল। নদীখনৰ গৰাখহনীয়াই নদীখনৰ পাৰত থকা আনটো শিবিৰটোলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে। যিকোনো মূহুৰ্তত নদীখনৰ বুকুত শিবিৰটো জাহ যোৱাৰ উপক্ৰম ঘটিছে। বালিপৰাৰ পৰা অৰুণাচল প্ৰদেশৰ টাৱাং সংযোগী পথচোৱাৰ ১২ মাইলত ২০ অসম ৰাইফলছে নদীখনৰ পাৰত আজি প্ৰায় দহ বছৰ পূৰ্বে এটা শিবিৰ স্থাপন কৰিছিল। ভাৰতীয় সেনা বাহিনীৰ চকুৰ সন্মূখতে নদীখনৰ প্ৰবল সোঁতে শিবিৰটোৰ এটা অংশ উঠোৱাই লৈ যায়। বৰ্তমান শিবিৰত থকা জোৱান সকলক নদীখনৰ পাৰলৈ যোৱাটো নিষিদ্ধ কৰাৰো লগতে সকলো সময়তে সতৰ্কহৈ থাকিবলৈ নিদেৰ্শ দিছে। নদীখনৰ খহনীয়াই বালিপৰা-টাৱাং সংযোগী সংযোগী পথচোৱাৰ প্ৰতিও চৰম ভাবুকি কঢ়িয়াই আনিছে৷ উক্ত পথচোৱাৰ খহনীয়া কাষ চাপিবলৈ প্ৰায় ৬০ ফুট মান হে বাকী আছে। নদীখনৰ খহনীয়াই যদি পথচোবাৰ ক্ষতি সাধন কৰে ৰাজ্যখনৰ সৈতে ভালুকপুঙ আৰু চুবুৰীয়া ৰাজ্যখনৰ কেইবাখনো ঠাইৰ সৈতে যোগাযোগ বিছিন্ন হৈ পৰিব।পৰিবৰ্তনকামী চৰকাৰখনৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই অনাগত দিনত নদীখনত গৰাখহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা হাতত নল’লে অতি সোনকালে পথচোবা নদীখনৰ বুকুত জাহ যাব সেয়ি নিশ্চিত হৈ পৰিছে৷Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.