তেজপুৰ, ১৯ জানুৱাৰী : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে SKOCH গ্ৰুপৰ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে (Kaziranga National Park own SKOTCH award) । ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰিসৰ বৃদ্ধি আৰু ইয়াৰ বন্যপ্ৰাণীসমূহৰ মুক্ত বিচৰণৰ অত্যধিক সুবিধা উপলব্ধ হোৱাৰ বাবে এই খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে । বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন প্ৰাধিকাৰী ৰমেশ গগৈয়ে এই বিষয়ে জানিবলৈ দিয়ে । বন্যপ্ৰাণীৰ বিচৰণ ভূমিৰ পৰিসৰ বৃদ্ধি আৰু বন্যপ্ৰাণীৰ সংৰক্ষিত এলেকাৰ বাবে বন্যপ্ৰাণী বিভাগৰ বিশেষ সোণৰ পদক অৰ্জন কৰে ৰাষ্ট্ৰীয় উদ্যানখনে (SKOTCH gold medal to Kaziranga National Park) ।
SKOCH গ্ৰুপ হৈছে ১৯৯৭ চনৰ পৰা আৰম্ভ ভাৰতৰ আগশাৰীৰ সম্পূৰ্ণ সেৱা পৰামৰ্শদাতা প্ৰতিষ্ঠান । ইয়াত এটা কৌশল পৰামৰ্শদাতা প্ৰেকটিচ, এটা অলাভজনক ফাউণ্ডেচন, এটা মিডিয়া উইং আৰু এটা উদ্যোগ সংস্থা অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ বিছ বছৰতকৈও অধিক সময় ধৰি প্ৰমাণিত ট্ৰেক ৰেকৰ্ড আছে (world heritage site Kaziranga Natioanal Park) । ইয়াৰ গৱেষণা প্ৰতিবেদন আৰু পৰামৰ্শসমূহ বিশ্বৰ নেতা, ভাৰতৰ প্ৰধানমন্ত্ৰী, মন্ত্ৰী, সাংসদ, নীতি নিৰ্ধাৰক, নিয়ন্ত্ৰক আৰু উদ্যোগে একেদৰেই উল্লেখ আৰু উদ্ধৃতি দিয়ে । SKOCH-ৰ ব্যৱসায় আৰু নীতিৰ সফলতা প্ৰদানৰ এক অতুলনীয় ট্ৰেক ৰেকৰ্ড আছে ।
![SKOCH গ্ৰুপৰ সোণৰ পদক লাভ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-02-19jan-pix-kaziranga-pranabkumardas-7203907_19012023175050_1901f_1674130850_546.jpg)
যিয়ে ইয়াৰ ক্লায়েণ্টসকলক অধিক দ্ৰুততাৰে সেৱা আগবঢ়াই সন্তুষ্ট কৰি ৰাখে । ফলত ইয়াৰ বিশ্বাসযোগ্যতা অধিক । ইয়াৰ ক্লায়েণ্টৰ ভিতৰত আছে চৰকাৰী, ৰাজহুৱা খণ্ড, ফৰ্চুন ৫০০ কোম্পানীসমূহৰ লগতে ভাৰতীয় শীৰ্ষ নিগমসমূহ । আই টি, নিৰাপত্তা, আন্তঃগাঁথনি, বি এফ এছ আই, শাসন আৰু চহৰৰ দৰে বিষয়সমূহৰ মাজেৰে বিস্তৃত হৈ আছে ইয়াৰ কৰ্ম পৰিসৰ । অসমৰ গোলাঘাট আৰু নগাঁও জিলাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্বৰ দুই তৃতীয়াংশ এশিঙীয়া গঁড়ৰ ৰম্যভূমি । এই উদ্যানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ ।
অসম চৰকাৰৰ বন বিভাগ আৰু কিছুমান স্বীকৃতিপ্ৰাপ্ত বন্যপ্ৰাণী এনজিঅ’ৰ দ্বাৰা যৌথভাৱে ২০১৮ চনৰ মাৰ্চ মাহত অনুষ্ঠিত লোকপিয়ল অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা ২৬১৩ টা । ইয়াত ১,৬৪১ টা প্ৰাপ্তবয়স্ক গঁড় (৬৪২টা মতা, ৭৯৩ জনী মাইকী, ২০৬ টা লিংগহীন); ৩৮৭ টা উপ-প্ৰাপ্তবয়স্ক (১১৬ টা মতা, ১৪৯ জনী মাইকী, ১২২ টা লিংগহীন) আৰু ৩৮৫ টা পোৱালি বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানখনত আছে । এই ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰত ৯ টা অতিৰিক্ত সংযোজন একত্ৰিত কৰা হৈছে । ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন গহপুৰৰ পৰা নৱম সংযোজন নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্যলৈকে বিস্তৃত হৈ আছে ।
লগতে পঢ়ক :Assam govt new job appointments: একেদিনাই ৭৭৭ গৰাকী চিকিৎসকক নিযুক্তি পত্র প্ৰদান