তেজপুৰ, 3 ছেপ্তেম্বৰ: শেহতীয়া অসম চৰকাৰৰ(Assam Govt) কেবিনেটে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৰাজীৱ গান্ধীৰ(Rajiv Gandhi) নাম কৰ্তন কৰি কেৱল ওৰাং ৰাষ্ট্ৰীয় উদ্যান(Orang National Park)ৰূপে নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কেবিনেটৰ এই সিদ্ধান্তক আদৰণি জনাইছে অৰণ্য সুৰক্ষা সমিতি অসমৰ(Aranya Suraksha Somitee Assam) লগতে চাহ জনগোষ্ঠী জাতীয় মহাসভা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP) আৰু অসম কুৰ্মী সমাজে(Asom Kurmi Samaj)।
উল্লেখ্য যে, ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৰাজীৱ গান্ধীৰ নাম কৰ্তন কৰাৰ বাবে অৰণ্য সুৰক্ষা সমিতি অসমে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছিল । অৰণ্য সুৰক্ষা সমিতি অসম, চাহ জনগোষ্ঠী জাতীয় মহাসভা, ওৰাং প্ৰেছ ক্লাবে এই সন্দৰ্ভত বিগত সময়ছোৱাত প্ৰতিবাদো সাব্যস্ত কৰিছিল ৷
লগতে পঢ়ক: ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পূৰ্বৰ নাম বাহাল থকাক লৈ সুখী অসমবাসী : বিজেপি
ৰাষ্ট্ৰীয় উদ্যানখনৰ ৰাজীৱ গান্ধীৰ নাম কৰ্তন কৰাৰ বাবে শেহতীয়াকৈ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিছিল সংগঠন কেইটাই । অৱশেষত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰৰ কেবিনেটে এই দাবী গ্ৰহণ কৰে ৷
![several organizations welcome assam government's decision of renaming orang national park](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12955948_njknkl.jpg)
প্ৰাচীন ওৰাং জনগোষ্ঠীৰ নামেৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যান নামকৰণ কৰি ওৰাং জনগোষ্ঠীক মৰ্যাদা প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় চাহ জনগোষ্ঠী জাতীয় মহাসভাই । কেবিনেটৰ এই সিদ্ধান্তক উষ্ম আদৰণি জনায় অৰণ্য সুৰক্ষা সমিতিৰ লগতে ওৰাঙৰ দল-সংগঠনে ।
![several organizations welcome assam government's decision of renaming orang national park](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12955948_huih.jpg)
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নতুন নামকৰণৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ তোৰণ নিৰ্মাণ আৰু ৰাষ্ট্ৰীয় উদ্যানখন অবৈধ বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ বাবে অসম চৰকাৰক আহ্বান জনায় দল-সংগঠনে ৷
লগতে পঢ়ক: জলমগ্ন ওৰাং ৰাষ্ট্ৰীয় উদ্যান