তেজপুৰ,১০ মাৰ্চঃ অৰুণাচল প্ৰদেশৰ সমীপৰ ভালুকপুঙৰ চেঁচাৰ পৰা নেচিফুলৈ চলা সকলো ধৰণৰ যান-বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে জিলা প্ৰশাসনে ৷ পথটোৰ প্ৰায় ৭৫ কিল’মিটাৰ দূৰত্বৰ ছাদেলত অৱস্থিত এখন পকী দলং নিৰ্মাণৰ বাবে প্ৰশাসনে গ্ৰহণ কৰে এই পদক্ষেপ ৷
আনহাতে,প্ৰিনজলি দলঙৰ পৰা খোপিলৈ,কিমিৰ পৰা নেচিফুহৈ জিৰ’ পইণ্টৰে এটা সংযোগী পথ সাধাৰণ যান-বাহন চলাচলৰ বাবে মুকলিৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ৷ পশ্চিম কামেঙৰ জিলা উপায়ুক্ত কাৰমা লেকিয়ে উক্ত পথ নিৰ্দিষ্ট সময়ৰ ভিতৰত চলাচলৰ উপযোগী কৰি তুলিবলৈ নীপকোক নিৰ্দেশ জাৰি কৰিছে ৷
![Road Closed](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-10march-802-vis-arunachalroadclose-pranabkumardas-7203907_10032020183740_1003f_01456_819.jpg)
লগতে চাওকঃ ডিগবৈত চিকিৎসকৰ অভব্য আচৰণক কেন্দ্ৰ কৰি সৃষ্টি উত্তপ্ত পৰিস্থিতি