তেজপুৰ,11 অক্টোবৰ: শোণিতপুৰ আৰু বিশ্বনাথ জিলাক সামৰি শণিবাৰে অনুষ্ঠিত হোৱা এই বৈঠকত বিদেশী ন্যাধিকৰণ আৰু সীমান্তৰ সমস্যা সম্পৰ্কত কৰা হয় গুৰুত্বপূৰ্ণ আলোচনা। জিলা দুখনৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, আৰক্ষী অধীক্ষকে ভাগ লোৱা এই আলোচনাত বিশ্বনাথ, গহপুৰ আদি অঞ্চলৰ বিভিন্ন ৰাজনৈতিক সমস্যাকে ধৰি চুবিৰীয়া ৰাজ্য অৰুণাচলক চুই থকা জিলা দুখনৰ সীমান্তৰ সমস্যাৰ ওপৰতো আলোচনা কৰে এই বৈঠকত ।

উল্লেখযোগ্য যে আজি অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, আৰক্ষী সঞ্চালক প্ৰধান আৰু অতিৰিক্ত মুখ্য সচিবকে ধৰি শীৰ্ষ বিষয়াৰ এটা দলে অৰুণাচল প্ৰদেশৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানকে আৰু ৰাজ্যখনৰ শীৰ্ষ বিষয়াৰ সৈতে ৰাজ্যখনৰ ৰাজধানী ইটানগৰত সীমান্ত সুৰক্ষা, উগ্ৰপন্থী সমস্যাৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত এক আলোচনাত মিলিত হব বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে ।
অৰুণাচল প্ৰদেশৰ লগত অসমৰ সীমান্তত ৰাজ্য দুখনৰ সীমা বিবাদক লৈ বিভিন্ন সময়ত সৃষ্টি হৈ আহিছে অনেক সমস্যাৰ আৰু এই বিষয়টোৰ ওপৰতো দেওবাৰে অনুস্থিত হ‘ব লগা মুখ্য সচিব পৰ্য্যায়ৰ এই বৈঠকত ইয়াৰ সু-সমাধানৰ পথ মুকলি কৰিবলৈ আলোচনা কৰা হ’ব বুলি জানিব পৰা গৈছে ।
কেন্দ্ৰীয় চৰকাৰে অলপতে পুনৰ প্ৰৱৰ্তন কৰা আৰ্মছ ফ’ৰ্চ স্পেচিয়াল পাৱাৰ এক্ট দুয়োখন ৰাজ্যতে বাহাল থকা অৱস্থাত এই বৈঠকে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ।
আনহাতে শণিবাৰে তেজপুৰত অনুস্থিত আন এখন বৈঠকত ৰাজহ বিভাগৰ জৰিয়তে জিলা দুখনৰ ভূমিহীন লোকক ভূমিৰ পত্তা হস্তান্তৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশনাক কাৰ্যকৰী কৰিবলৈকো চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব গৰাকীয়ে দিলে পৰামৰ্শ ।