ETV Bharat / state

Bura Chapori Eviction: বুঢ়া চাপৰি সংৰক্ষিত বনাঞ্চলত চলা উচ্ছেদ অভিযানৰ আজি দ্বিতীয় দিন - Tezpur MLA Prithiraj Rabha

শোণিতপুৰ জিলাৰ বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত উচ্ছেদ অভিযান (Bura Chapori Eviction) ৷ প্ৰথম দিনা 682 হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ পিছত দ্বিতীয় দিনা লাঠিমাৰী, গণেশ টাপু, বাঘে টাপু, গুলিৰপাৰ আৰু ছিয়ালিত চলিছে উচ্ছেদ অভিযান (Eviction drive in Burha chapori wildlife sanctuary) ৷

Eviction in Burha Chapori
বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য
author img

By

Published : Feb 15, 2023, 10:37 AM IST

তেজপুৰ, ১৫ ফেব্ৰুৱাৰী: শোণিতপুৰ জিলাৰ বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত মঙলবাৰৰ পৰা আৰম্ভ হোৱা (Bura Chapori Wildlife Sanctuary) উচ্ছেদ অভিযানৰ আজি দ্বিতীয় দিন (Eviction drive in Burha chapori wildlife sanctuary) ৷ বুধবাৰে দ্বিতীয় দিনা পুৱাৰে পৰাই উচ্ছেদ আৰম্ভ হৈছে শোণিতপুৰ বুঢ়াচাপুৰী সংৰক্ষিত বনাঞ্চলত । কালি এই উচ্ছেদৰ বাবে নিয়োগ কৰা আৰক্ষী, বন বিভাগ আৰু চি আৰ পি এফ বাহিনীয়ে আজিও অঞ্চলটোত পহৰা দি আছে ৷ বিগত সময়ত ৰাজ্য়ৰ বিভিন্ন জিলাত চলোৱা উচ্ছেদৰ ভিতৰত আটাইতকৈ বৃহৎ উচ্ছেদ অভিযান বুলি চৰ্চা লাভ কৰিছে । উল্লেখ্য় যে প্ৰথম দিনা জিলা প্ৰশাসনৰ লগতে বন বিভাগৰ যৌথ অভিযানত ৬৬২ হেক্টৰ ভূমি বেদখল ভূমি উচ্ছেদ কৰা হৈছে ৷

জিলাখনৰ তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত উচ্ছেদ সন্দৰ্ভত যোৱা ২৫ জানুৱাৰীত অবৈধ ভাৱে বাস কৰি অহা লোকসকললৈ জাননী জাৰি কৰিছিল শোণিতপুৰ জিলা প্ৰশাসনে (Eviction in Burha Chapori) । ইয়াৰ পিছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব বুলি ভবা হৈছিল যদিও কালি শান্তপূৰ্ণভাৱে প্ৰথম দিনটোৰ উচ্ছেদ অভিযানৰ সামৰণি পৰাৰ পিছত আজি দ্বিতীয় দিনাও সহস্ৰাধিক আৰক্ষী, সুৰক্ষা বাহিনীৰ লোকৰ কটকটীয়া বেষ্টনীৰ মাজত শোণিতপুৰ জিলা প্ৰশাসনে বুঢ়া চাপৰিৰ ১৮৯২ হেক্টৰ বেদখলকৃত ভূমিত উচ্ছেদ চলাব । আজি অভয়াৰণ্য পাঁচটাকৈ স্থানত উচ্ছেদ কৰা হ'ব । এই স্থানতকেইটা হৈছে লাঠিমাৰী, গণেশ টাপু, বাঘে টাপু, গুলিৰপাৰ আৰু ছিয়ালি ৷ প্ৰথম দিনা লংকে তাপু, বেটনি আৰু কমালাগড়ত ৬৮২ হেক্টৰ ভূমিত (৫১৩০ বিঘা) উচ্ছেদ কৰা হৈছিল (Tezpur Sonitpur Burha Chapori Eviction)৷

উল্লেখ্য় যে জৈৱ বৈচিত্ৰৰে পৰিপূৰ্ণ অভয়াৰণ্যখন ১৯৭৪ চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল । সেই সময়ৰে পৰাই অভয়াৰণ্যখন শোণিতপুৰ জিলাৰ বন বিভাগৰ অধীনত আছিল । পৰৱৰ্তী সময়ত ১৯৯৫ চনৰ ১১ জুলাইত এক গেজেট নটিফিকেচন জৰিয়তে ইয়াক বন্য প্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় । কিন্ত ২০১৩ চনৰ ১১ নৱেম্বৰত বন বিভাগে দিয়া আন এক নিৰ্দেশযোগে অভয়াৰণ্যখন নগাঁও জিলা বন্য প্ৰাণী মণ্ডলৰ অধীনলৈ যায় । কিন্তু এই সমগ্ৰ অঞ্চলটো শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ মহকুমাৰ অন্তৰ্গত তেজপুৰ ৰাজহ চক্ৰৰ অধীনত । বৰ্তমান এই অভয়াৰণ্যখন তেজপুৰ বিধানসভা অন্তৰ্গত । বিগত সময়ত এই ঠাইত অবৈধভাৱে বসতি স্থাপন কৰা লোকৰ সংখ্যা বৃদ্ধি হৈছিল যদিও কোনো ধৰণৰ উচ্ছেদ অভিযান চলোৱা হোৱা নাছিল ।

জিলাখনৰ বিভিন্ন দল-সংগঠনে উচ্ছেদ অভিযান চলাবলৈ দাবী জনোৱাৰ পিছতো চৰকাৰে এই ক্ষেত্ৰত কোনো ব্য়ৱস্থা গ্ৰহণ কৰা নাছিল । শেহতীয়াভাৱে অভয়াৰণ্যখন সংলগ্ন বনগাঁৱৰ গৰু ম'হৰ খুটি আৰু খেতিয়কে চাপৰি অঞ্চলত যুগ-যুগ ধৰি বিভিন্ন খেতি কৰি আহিছে আৰু চাৰিটাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰি অহা বিষয়টো তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই (Tezpur MLA Prithiraj Rabha) বিগত বিধানসভাত উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰে । চৰকাৰে ইয়াৰ পিছতেই ব্য়ৱস্থা গ্ৰহণ কৰে ।

লগতে পঢ়ক:Asom Sammilita Mahasangha: নাগৰিকত্ব ভিত্তি বৰ্ষ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ৰ শুনানি গ্ৰহণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.