ETV Bharat / state

অনুমতি অবিহনে তেজপুৰত SBIএ অনুষ্ঠিত কৰিছে পৰীক্ষা - ক’ভিডৰ সংক্ৰমন

প্ৰশাসনৰ অনুমতি অবিহনেই SBI য়ে পাতিছে নিয়োগৰ বাবে পৰীক্ষা ৷ ক'ভিডৰ ভয়ংকৰ পৰিস্থিতিত শোণিতপুৰ জিলাৰ সদৰ তেজপুৰত State Bank of Indiaই শনিবাৰে অনুষ্ঠিত কৰিছে পৰীক্ষা।

sbi-conducts-exam-in-tezpur-with-no-permission
অনুমতি অবিহনে তেজপুৰত SBI য়ে পাতিছে পৰীক্ষা
author img

By

Published : Jul 10, 2021, 10:02 PM IST

তেজপুৰ,১০ জুলাই: শোণিতপুৰ জিলাত এতিয়াও ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে ৷ একেদৰে যিমানে ক’ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে সিমানেই মৃত্যুৰ সংখ্যাও বৃদ্ধি পাই থকা পৰিলক্ষিত হৈছে ৷ সম্প্ৰতি ক'ভিডৰ তৃতীয় লহৰৰ আগমনৰ লগে লগে ৰাজ্যত ক’ভিড আক্ৰান্ত হোৱা শিশুৰ সংখ্যা বৃদ্ধি পাইছে ৷ যাৰ পৰিপ্ৰেক্ষিতত ক’ভিডৰ ভয়াবহতাৰ পতি লক্ষ্য ৰাখি শোণিতপুৰ জিলাৰ লগতে সমগ্ৰ ৰাজ্যতে সান্ধ্য আইন আৰু লকডাউন অব্যাহত আছে ।

sbi-conducts-exam-in-tezpur-with-no-permission
অনুমতি অবিহনে তেজপুৰত SBI য়ে পাতিছে পৰীক্ষা

তাৰ মাজতে শোণিতপুৰ জিলাত সংঘটিত হৈছে এক আজৱ কাণ্ড ৷ প্ৰশাসনৰ অনুমতি অবিহনেই SBIএ নিয়োগৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এনে ভয়ংকৰ পৰিস্থিতিত জিলাখনৰ সদৰ তেজপুৰত State Bank of Indiaই শনিবাৰে অনুষ্ঠিত কৰিছে পৰীক্ষা । উল্লেখযোগ্য যে, জিলা প্ৰশাসনৰ অনুমতি অবিহনে তেজপুৰ ৰাবাৰ বাগানৰ তিলোত্তমা বিবাহ ভৱনত অনুষ্ঠিত হৈছে SBIৰ জুনিয়ৰ এচিষ্টেণ্ট পদৰ পৰীক্ষা।

কেৱল শোণিতপুৰ জিলাৰেই নহয় নগাঁও, ওদালগুৰি আদি জিলাৰ পৰাও শিক্ষাৰ্থী আহিছে পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ । এতিয়া প্ৰশ্ন হয়, যি সময়ত আন্তঃজিলা যাতায়ত ব্যৱস্থা বন্ধ হৈ আছে সেই সময়ত কিদৰে আন জিলাৰ পৰা পৰীক্ষাৰ্থী আহি পৰীক্ষাত অৱতীৰ্ণ হৈছে । ক'ভিডৰ বাবে যি সময়ত ৰাজ্যত মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰীৰ দৰে দুটা গুৰুত্বপূৰ্ণ পৰীক্ষা বাতিল কৰিছে সেই সময়ত জিলাখনত প্ৰশাসনৰ অনুমতি নোহোৱাকৈ SBIএ পৰীক্ষা অনুষ্ঠিত কৰাকলৈ সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

উল্লেখযোগ্য যে, সম্প্রতি ৰাজ্যত সক্ৰিয় ক'ভিড ৰোগীৰ (Active Covid Patient) সংখ্যা হৈছে ২১,৬৮৯ গৰাকী । আনহাতে, বিগত ২৪ ঘণ্টাত ক’ভিডত প্রাণ হেৰুৱাইছে ২৪ গৰাকী লোকে। লক্ষণীয় বিষয় যে, গুৱাহাটী মহানগৰীত ক'ভিড আক্ৰান্তৰ হাৰ (Covid positivity rate) ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে । যাৰ পৰিপ্ৰেক্ষিতত মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে ক'ভিড নীতি-নিৰ্দেশনা কঠোৰভাৱে বলবৎ কৰাৰ বাবে যৌথভাৱে অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক: গুৱাহাটীত ক্ৰমাৎ বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ হাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.