ETV Bharat / state

ইছলামিক আগ্ৰাসনে কৰ'ণা মহামাৰীৰ ৰূপ ধাৰণ কৰিছে: সত্যৰঞ্জন বৰা - শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ন

বুধবাৰে তেজপুৰৰ শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদমেলত অংশগ্ৰহণ কৰি এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে তীব্ৰ মন্তব্য প্ৰকাশ কৰে ৷

সত্যৰঞ্জন বৰা
সত্যৰঞ্জন বৰা
author img

By

Published : Sep 30, 2020, 5:23 PM IST

তেজপুৰ, 30 ছেপ্তেম্বৰ: "যেতিয়াই ভাৰতীয় সভ্যতা সংস্কৃতি,হিন্দু সভ্যতা সংস্কৃতিৰে অসমীয়া জাতীয় সত্বাৰ কথা কৈছো তেতিয়াই তাত দেখা গৈছে যে, ইছলামিক আগ্ৰাসন,ইছলামিক সন্ত্ৰাস,ইছলামিক জেহাদ এই গোটেইবোৰেই একো একোটা ৰোগৰ দৰে আমাৰ ভাৰতীয় সত্বাৰ শৰীৰটোক নষ্ট কৰিছে ৷" বুধবাৰে তেজপুৰৰ শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদমেলত এই মন্তব্য কৰে,বিতৰ্কৰ আৱৰ্তত থকা নেতা সত্যৰঞ্জন বৰাই ৷ ইয়াৰোপৰি তেওঁ কয়,"আমি ভাৰতীয় সত্বা ৰক্ষা কৰিবলৈ যাওতে ইয়াক একো একোটা ৰোগৰ দলে ক্ষতি কৰা ৰোগবোৰ উপশম কৰিবলৈ যাওতে যদি সেই ৰোগৰ কথা কোৱাতো কোনোৱে অপৰাধ বুলি ভাৱে তেন্তে আজি আমি কৰ'ণাৰ পৰা ৰক্ষা পাবলৈ যিবোৰ সজাগতা অৱলম্বন কৰিছো সেইবোৰকো বেয়া বুলি ক'ব লাগিব ৷"

ইছলামিক আগ্ৰাসনে কৰ'ণা মহামাৰীৰ ৰূপ ধাৰণ কৰিছে: সত্যৰঞ্জন বৰা

আনহাতে তেওঁ কয়,ইছলামিক আগ্ৰাসনে যেতিয়া কৰ'ণাৰ দৰে আমাৰ সকলোবোৰ দখল কৰিব তেতিয়াও জানো আমি সেইবোৰ আলোচনা নকৰিম ? ইয়াৰোপৰি তেওঁ সংবাদমেল খনত উপস্থিত থাকি এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে তীব্ৰ মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: এজেপিয়ে অধিক ক্ষতিগ্ৰস্ত কৰিব বিজেপিক : ডাঃ নজৰুল ইছলাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.