তেজপুৰ,9 জানুৱাৰী: অৰুণাচল প্ৰদেশৰ বিজয় নগৰৰ কণ কণ শিশুৰ এক ভিডিঅ’ শ্বেয়াৰ কৰিছে বায়ুসেনাই ৷ ভাৰতীয় বায়ুসেনাৰ মুখ্য এয়াৰ মাৰ্চেল আৰ কে এছ ভাদুৰীয়াই ৩ দিনীয়া ভ্ৰমণসূচীৰে অৰুণাচলত উপস্থিত হৈ ইষ্টাৰ্ণ কামাণ্ডৰ এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ডসমূহ পৰিদৰ্শন কৰাৰ সময়তে বিজয়নগৰ এডভাঞ্চ লেণ্ডিঙত বায়ুসেনাৰ মুখ্য এয়াৰ মাৰ্চেল গৰাকীৰ লগত এজাক শিশুৱে বাৰ্তালাপত মিলিত হয় ৷
শিশুৰ জাকটোৱে এয়াৰ মাৰ্চেলগৰাকীৰ সন্মুখত চাৰে জাহা চে আচ্ছা গীতটো পৰিৱেশন কৰে ৷ এয়াৰ মাৰ্চেল গৰাকীয়ে সীমান্তৰ শিশুসকলৰ সৈতে সময় অতিবাহিত কৰি উৎসাহিত কৰে ৷
লগতে চাওকঃ ৰাইজৰ দলৰ সভাপতি পদত অখিল গগৈ