তেজপুৰ, ১ এপ্ৰিল : পৰিৱেশ্য কলা, সাহিত্য আৰু সুকুমাৰ কলাৰ জৰিয়তে সমগ্ৰ বিশ্বৰ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোৱে যাতে নিজৰ স্বকীয় সত্তা বিচাৰি পাই সেই লক্ষ্যৰে ২০১১ চনৰ পৰা তেজপুৰৰ বিশিষ্ট নৃত্যশিল্পী ড৹ প্ৰতিভা শৰ্মাৰ তৎপৰতাত এক আলোকসন্ধানী যাত্ৰা আৰম্ভ কৰে ৷ শুকুৰবাৰে তেজপুৰৰ অন্যতম সামাজিক-সংস্কৃতিক আৰু নৃত্যানুষ্ঠান সপ্তাশ্বৰ দশম বাৰ্ষিক শাস্ত্ৰীয় নৃত্য তথা সাংস্কৃতিক সমাৰোহৰ নৃত্য কল্প শীৰ্ষক অনুষ্ঠানৰ প্ৰথম নিশাৰ কাৰ্যসূচী সম্পন্ন হয় (Saptaswar 10th Annual Classical Dance and Cultural Festival began) ।
উল্লেখ্য যে, শুক্ৰবাৰে নিশা প্ৰথম দিনটো তেজপুৰ ভূপেন হাজৰিকা কলাভূমি প্ৰাংগনত শাস্ত্ৰীয় নৃত্যৰে জীপাল হৈ পৰে । সত্ৰীয়া নৃত্য, ওডিছী নৃত্য, কথক নৃত্য, ভোৰতাল নৃত্য, সুৰ সমলয়ৰ সুমধুৰ পৰিৱেশনেৰে মনোৰম হৈ পৰা এই ৰুচীশীল অনুষ্ঠানটো ৷ বন্তি প্ৰজ্বলন কৰি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।
শোণিতপুৰ প্ৰেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱাই আঁতধৰা দৃষ্টিনন্দন অনুষ্ঠানটি উদ্বোধন কৰি শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৷ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই শুদ্ধ শৈলীৰে অভিজ্ঞ শিল্পীৰ দ্বাৰা শাস্ত্ৰীয় নৃত্য শিকি তেজপুৰৰ পৰা সুনাম কঢ়িয়াই অনাত মনোনিবেশ কৰিবলৈ ন শিকাৰু সকলক আহ্বান জনায় ৷ লগতে তেওঁ সপ্তাশ্ব দহ বছৰীয়া এনে প্ৰয়াসক ভূয়সী প্ৰশংসা কৰে ।
ইয়াৰ মাজতে বিগত সময়ত সপ্তাশ্বৰ কাৰ্যসূচীসমূহত মাৰ্গদৰ্শন কৰি উদ্বুদ্ধ কৰা প্ৰয়াত হেমন্ত কুমাৰ বৰুৱাৰ প্ৰতিচ্ছবিৰ লগতে শশীন্দ্ৰ নাথ শৰ্মা, সবিতা শৰ্মা আৰু বিশিষ্ট শিক্ষাবিদ জিতেন্দ্ৰ কুমাৰ বৈশ্যৰ প্ৰতিচ্ছবিত সপ্তাশ্বৰ হৈ হেমন্ত কুমাৰ বৰুৱাৰ সহধৰ্মিনী হিমাদ্ৰী বৰুৱা, শৰ্মা দম্পতীৰ কন্যা আৰু জোঁৱাই ক্ৰমে ড৹ প্ৰতিভা শৰ্মা, মৃদুল কুমাৰ শৰ্মা আৰু জিতেন্দ্ৰ কুমাৰ বৈশ্যৰ সহধৰ্মিনী ৰোহিনী বৈশ্যই বন্তি প্ৰজ্বলন কৰে ।
উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰাপক ডাঃ জাহানাৰা বেগম, শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ বঁটা লাভ কৰা জিতুমণি কলিতা আৰু লাচিত বুৰঞ্জী লিখা তৰোৱাল নাটকেৰে তেজপুৰলৈ সুনাম কঢ়িয়াই অনা নাট্যকাৰ, পৰিচালক তথা সাংবাদিক পুলক কুমাৰ ডেকাক সপ্তাশ্বৰ হৈ শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা আৰু ৰূপকোঁৱৰৰ ভতিজা, শিল্পী অপৰূপ আগৰৱালাই একোখনকৈ আৰনাই, স্মাৰক আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।
সম্বৰ্ধনা গ্ৰহণ কৰি তিনিওগৰাকীয়ে অনুভৱ সদৰী কৰা অনুষ্ঠানৰ পিচতেই হংসজা শৰ্মা, সাৰণ্যা মহন্ত, তানজিম চুলতানা ভাৰ্গৱী পকোৱালৰ সত্ৰীয়া নৃত্যৰে আৰম্ভ হয় মনোৰম অনুষ্ঠানটি । আনহাতে, তেজপুৰৰ একাংশ ৰুচীশীল দৰ্শকৰ উপস্থিতিত এই দৃষ্টিনন্দন অনুষ্ঠানটিত ড৹ প্ৰতিভা শৰ্মা, মায়াৰাণী বৰা, প্ৰেৰণা বৈশ্য আৰু ঈৰাণী মহন্তই মাধৱদেৱ বিৰচিত বৰগীতৰ আধাৰত পৰিৱেশন কৰা এই আকৰ্ষণীয় অনুষ্ঠানে সকলোকে মুগ্ধ কৰি তোলে ।
সেইদৰে অনুষ্ঠানটিত তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক বিষয়া মধুস্মিতা দত্তৰ দৃষ্টিনন্দন ওডিছী নৃত্য, বিদিশা সাহা আৰু প্ৰেৰণা বৈশ্যৰ আকৰ্ষণীয় কথক নৃত্য, বিশিষ্ট সংগীতশিল্পী লিখন শৰ্মাৰ পৰিচালনাত তেজপুৰৰ সংগীতমৰ শিল্পীৰ মনোৰম সুৰ সমলয় অনুষ্ঠানৰ লগতে আকৰ্ষণীয় ভোৰতাল নৃত্যৰে এনেদৰে ভূপেন হাজৰিকা কলাভূমি প্ৰাংগন জীপাল হৈ পৰে ।
লগতে পঢ়ক : Master Chef 1st Runners up : স্বগৃহত উপস্থিত হৈয়েই অভিজ্ঞতা ব্যক্ত কৰে ফাৰ্ষ্ট ৰাণাৰ্ছ আপ শান্তা শৰ্মাই