তেজপুৰ, ১০ নৱেম্বৰ: তেজপুৰৰ বামপৰ্বতীয়া অঞ্চলৰ এটা পৰিয়ালৰ ঘৰত আজি পুৱা ৩-৩০বজাত সংঘটিত শিহৰণকাৰী ডকাইতিৰ ঘটনাই চহৰখনত চাঞ্চল্যৰ সৃষ্টি হৈছে । কনক দাস নামৰ লোকজনৰ বাসগৃহত পুৱতি নিশা দুৱাৰ ভাঙি প্ৰৱেশ কৰে এটা সশস্ত্ৰ ডকাইত ৷ এটা বন্দুক আৰু হাতত এখন চুৰি লৈ ঘৰটোত প্ৰৱেশ কৰা ডকাইতটোৱে দাসৰ বোৱাৰীয়েক জ্যোতিৰেখা দাসৰ ডিঙি চেপি ধৰি তেওঁৰ কন্যা সন্তানৰ মূৰত বন্দুক থৈ চিঞৰ বাখৰ কৰিবলৈ বাধা দিয়ে ৷ ইয়াৰ পাছতে কোঠাটোত থকা আলমাৰীৰ পৰা সোণৰ আ-অলংকাৰৰ লগতে কেঁচা সোন তথা আন ধাতুৰ অলংকাৰসহ নগদ ধনো লুটি নিয়ে ।
উল্লেখযোগ্য যে যোৱা নিশা জ্যোতিৰেখাৰ স্বামী ঘৰত নাছিল ৷ অসহায় মহিলাগৰাকীক গতিয়াই বিচনাত পেলাই দি ঘৰৰ আন সা-সামগ্ৰী লণ্ডভণ্ড কৰা ডকাইতটোৱে ইয়াৰ পাছতে দাসৰ চৌহদত ভড়াতীয়া হিচাপে থকা তিনিজন যুৱকৰ ঘৰত লুটপাত চলাই । আনকি দাসৰ ঘৰত পোৱা কেচি,ব্লেডৰেও ভাবুকি প্ৰদৰ্শন কৰা ডকাইতটোৱে ছাত্ৰ তিনিজনৰ ভাড়াঘৰৰ দৰ্জা ভাঙি লেপটপ আদি লুট কৰি নিয়ে । উল্লেখযোগ্য ছাত্ৰকেইজন সেই সময়ত ভাড়া ঘৰত নাছিল । ডকাইতিৰ এই ঘটনাত আতংকিত হৈ পৰা জ্যোতিৰেখাৰ চিঞৰত সমীপৰ কোঠাত থকা শাহুৱেক ওলাই আহে যদিও তেতিয়ালৈকে ডকাইত উধাও হয় ৷
ডকাইতিকাণ্ড সংঘটিত হোৱা আটাইকেইটা কোঠা লণ্ড-ভণ্ড কৰি যায় ডকাইতে ৷ স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি এই ঘটনাৰ বিষয়ে আৰক্ষীক জনোৱাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ডকাইতিকাণ্ডটোৰ অনুসন্ধান আৰম্ভ কৰিছে ৷ পুৱতি নিশা চহৰৰ কাষৰে অঞ্চলটোত সংঘটিত এই ঘটনাৰ উপৰি ডকাইতৰ হাতত মাৰণাস্ত্ৰ থকা বুলি ভুক্তভোগীয়ে প্ৰকাশ কৰা ভাষ্যক লৈ ৰাইজ শংকিত হৈ পৰিছে ৷ ইতিমধ্যে বিভিন্ন অপৰাধ সংঘটিত হোৱা তেজপুৰত এতিয়া সশস্ত্ৰ ডকাইতৰ বিচৰণে চহৰখনৰ নিৰাপত্তাৰ দিশটোৰ সোলোক-ঢোলোক অৱস্থাকে সূচাইছে ৷
লগতে পঢ়ক:Ali Aye Ligang Controversy: মিচিং জনগোষ্ঠীক নিচুকনি বঁটা দিয়াটো মানি ল'ব নোৱাৰো: নির্মল পায়েং