ETV Bharat / state

ঘন কুঁৱলী: বৃদ্ধি পাইছে পথ দুৰ্ঘটনা

author img

By

Published : Jan 18, 2021, 10:08 PM IST

কেন্দ্ৰীয় পথ পৰিবহণ বিভাগ আৰু ৰাষ্ট্ৰীয় অপৰাধ বিভাগৰ দ্বাৰা 2013 চনত প্ৰকাশিত তথ্য অনুসৰি ভাৰত বৰ্ষত প্ৰতিদিনে পথ দুৰ্ঘটনাৰ বাবে 377 জন লোকে প্ৰাণ হেৰুৱায় ৷ পৰিবহণ বিভাগে সময়ে সময়ে এই ক্ষেত্ৰত বিভিন্ন সজাগতামূলক অভিযান চলাই আহিছে যদিও ই দুৰ্ঘটনা নিৰ্মূল কৰিবলৈ সক্ষম হোৱা নাই ৷ যাৰ বাবে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰণালয়ে 18 জানুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ কৰিছে পথ সুৰক্ষা মাহ ৷

As_Tezpur_road-safety-month-to-be-observed-from-18-january-to-17-february_vis_7203907
ঘন কুঁৱলী: বৃদ্ধি পাইছে পথ দুৰ্ঘটনা

তেজপুৰ,18 জানুৱাৰী : বিগত কিছু দিন ধৰি ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে শীতৰ প্ৰকোপ ৷ শীতৰ লগে লগে ডাঠ কুঁৱলীয়ে আৱৰি ধৰিছে চৌপাশ ৷ কিন্তু এই ঘন কুঁৱলী এতিয়া বাহন চালক সকলৰ বাবে হৈ পৰিছে বিপদ ৷ বাট-পথ ঘন কুঁৱলীয়ে আৱৰি ধৰাৰ ফলত বৃদ্ধি পাবলৈ ধৰিছে পথ দুৰ্ঘটনাৰ সংখ্যা ৷ বিশেষকৈ দুচকীয়া বাহনসমূহ পতিত হৈছে দুৰ্ঘটনাত ৷ ৰাষ্ট্ৰীয় অপৰাধ শাখাৰ তথ্য অনুসৰি 2019 বৰ্ষত অসমত 3,843 গৰাকী লোকৰ পথ দুৰ্ঘটনা মৃত্যু হয় ৷ ইয়াৰ ভিতৰত 41% শতাংশই দুচকীয়া বাহন ৷

শোণিতপুৰ জিলাতো 2020 চনত 206 টা পথ দুৰ্ঘটনাজনিত গোচৰ ৰুজু হৈছিল ৷ ইয়াৰ ভিতৰত 75 জন লোকৰ পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হয় ৷ একমাত্ৰ তেজপুৰ চহৰৰ সদৰ আৰক্ষী চকীত 2020 চনত 197 টা পথ দুৰ্ঘটনাৰ গোচৰ পঞ্জীয়ন কৰা হয় ৷ আনহাতে, 2021 বৰ্ষৰ আৰম্ভনিৰে পৰা বৰ্তমানলৈকে 10 টা পথ দুৰ্ঘটনাৰ গোচৰ পঞ্জীয়ন কৰা হৈছে ৷ এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে 1 জন লোকে ৷

ঘন কুঁৱলী: বৃদ্ধি পাইছে পথ দুৰ্ঘটনা

কেন্দ্ৰীয় পথ পৰিবহন বিভাগ আৰু ৰাষ্ট্ৰীয় অপৰাধ বিভাগৰ দ্বাৰা 2013 চনত প্ৰকাশিত তথ্য অনুসৰি ভাৰত বৰ্ষত প্ৰতিদিনে পথ দুৰ্ঘটনাৰ বাবে 377 জন লোকে প্ৰাণ হেৰুৱায় ৷ এই প্ৰতিবেদনতেই ভাৰতৰ 10 খন প্ৰধান চহৰ পথ দুৰ্ঘটনা প্ৰৱণ হিচাপে চিনাক্ত কৰা হৈছে ৷ ঘন কুঁৱলীৰ উপৰিও ভাৰতত সংঘটিত পথ দুৰ্ঘটনাৰ আন এক প্ৰধান কাৰণ হৈছে সুৰাপান কৰি গাড়ী চলোৱা ৷

পৰিবহণ বিভাগে সময়ে সময়ে এই ক্ষেত্ৰত বিভিন্ন সজাগতামূলক অভিযান চলাই আহিছে যদিও ই দুৰ্ঘটনা নিৰ্মূল কৰিবলৈ সক্ষম হোৱা নাই ৷ যাৰ বাবে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰণালয়ে 18 জানুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ কৰিছে পথ সুৰক্ষা মাহ ৷ চালক তথা যাত্ৰীৰ সুৰক্ষাৰ বাবে পালন কৰা পথ সুৰক্ষা মাহৰ প্ৰতি সহাঁৰি জনাবলৈ চৰকাৰেও সকলোকে আহ্বান জনাইছে ৷

লগতে পঢ়ক-বাৰ্ড ফ্লু'ৰ আতংক : নিষেধাজ্ঞাৰ পিচতো বংগৰ পৰা নিতৌ আমদানি ব্ৰইলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.