ETV Bharat / state

ৰঙাপৰাত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ - পথ নিৰ্মাণ

ৰঙাপৰাত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ ৷ পথ নিৰ্মাণত ঠিকাদাৰে গাফিলতি কৰা বুলি অভিযোগ তুলি শীঘ্ৰে এই অনিয়মক তদন্ত বিচাৰিছে ৰঙাপৰাবাসীয়ে ৷

road corruption at rangapara
ৰঙাপৰাত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ
author img

By

Published : Mar 14, 2021, 10:46 PM IST

ৰঙাপৰা,14 মাৰ্চ: শোণিতপুৰ জিলাৰ ৰঙাপৰাত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথ নিৰ্মাণত উত্থাপন হৈছে ব্যাপক অনিয়মৰ অভিযোগ ৷ এই অভিযোগ তুলিছে চাহ বাগিচাৰ একাংশ ৰাইজে ।

উল্লেখ্য যে, ৰঙাপৰা-উৰহীলগা গাঁও সংযোগী পথচোৱাৰ পুনৰ নিৰ্মাণৰ কাম চলি আছে । 7.81 কিল’মিটাৰ দৈৰ্ঘৰ পথচোৱা পকীকৰণৰ বাবে মুঠ 2 কোটি 77 লাখ 39 হাজাৰ 800 টকা ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ উন্নয়ন আঁচনি পুঁজিৰ পৰা অনুমোদন কৰা হৈছিল ৷ এই পথচোৱাৰ ঠিকা লাভ কৰিছিল ঠিকাদাৰ মহম্মদ নুৰ উদ্দিন আহমেদ পাঠানে ।

ৰঙাপৰাত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ

ৰাইজৰ অভিযোগ অনুসৰি, গুৰুত্বপূৰ্ণ পথচোৱা বৰ্তমানো আঁচনি অনুসৰি নিৰ্মাণ হোৱা নাই । পথচোৱা ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা বুলি আন এক অভিযোগ উত্থাপন কৰিছে তাৰাজুলি চাহ বাগিচাৰ একাংশ ৰাইজে । গতিকে পথচোৱাত সংঘটিত হোৱা অনিয়মৰ তদন্ত কৰিবলৈ বাগিচাখনৰ ৰাইজে দাবী জনাইছে বিভাগীয় কৰ্তৃপক্ষক । অন্যথা ৰাইজে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

জানিব পৰা মতে, ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তাৰাজুলি চাহ বাগিচা হৈ উৰহীলগা গাঁৱলৈ যোৱা পথচোৱাৰে নিতৌ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অহা-যোৱা কৰি থকাৰ উপৰিও দৈনিক শতাধিক যান-বাহন চলাচল কৰে । উক্ত পথচোৱাৰে অসম-অৰুণাচলৰ সীমান্তৱৰ্তী কেইবাখনো গাঁৱৰ ৰাইজে ৰঙাপৰা চহৰলৈ অহা-যোৱা কৰে ৷

লগতে পঢ়ক: মৰিগাঁৱত নৱ নিযুক্ত উপায়ুক্তৰ কাৰ্যভাৰ গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.