ETV Bharat / state

2021 বিধানসভা নিৰ্বাচনত তেজপুৰৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা ৰিপুন বৰাৰ

author img

By

Published : Feb 15, 2020, 9:15 PM IST

শেহতীয়াকৈ আগন্তুক 2021 বিধানসভা নিৰ্বাচনত তেজপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ জানিব পৰা মতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীক এই বিষয়ে প্ৰশ্ন কৰাত তেখেতে এই বিষয়টো ঊৰ্ধতম কৰ্তৃপক্ষই বিবেচনা কৰিব বুলি ব্যক্ত কৰে ৷

Ripun Bora may be contest from Tezpur in 2021 election
2021 বিধানসভা নিৰ্বাচনত তেজপুৰৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা ৰিপুন বৰাৰ

তেজপুৰ,15 ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দল সম্পূৰ্ণৰূপে ধৰাশায়ী হোৱাৰ পিছৰে পৰা তৎপৰতা বৃদ্ধি পাইছে অসম প্ৰদেশ কংগ্ৰেছত ৷ শেহতীয়াকৈ আগন্তুক 2021 বিধানসভা নিৰ্বাচনত তেজপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ জানিব পৰা মতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীক এই বিষয়ে প্ৰশ্ন কৰাত তেখেতে এই বিষয়টো ঊৰ্ধতম কৰ্তৃপক্ষই বিবেচনা কৰিব বুলি ব্যক্ত কৰে ৷ ইতিমধ্যে বিভিন্ন ক্ষেত্ৰৰ পৰা এনেধৰণৰ প্ৰস্তাৱ আহি আছে যদিও ঊৰ্ধতম কৰ্তৃপক্ষই এই বিষয়ে বিবেচনা কৰিব বুলি মন্তব্য কৰে ৰিপন বৰাই ৷

উল্লেখ্য যে, বৰ্তমান ৰাজ্যজুৰি চলি থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদে আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ পক্ষত থিয় দিব বুলিও ৰাজ্যৰ সচেতন মহলে মত পোষণ কৰি আহিছে ৷ তেনে ক্ষেত্ৰত ৰিপুন বৰাই তেজপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়ালে ই ৰাজ্যৰ ৰাজনীতিৰ দৃশ্যপট সলনি কৰাৰ এক সম্ভাৱনা প্ৰকট হৈ উঠিছে যদিও সেইয়া পৰৱৰ্তী সময়তহে স্পষ্ট হৈ পৰিব ৷

লগতে পঢ়ক-তেজপুৰত কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জাগৰণ আৰু পদ যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.