ETV Bharat / state

Cultural programme in Tezpur: তেজপুৰত জনতাৰ শিল্পী দিলীপ চৌধুৰীক স্মৰণ - Cultural programme in Tezpur

সোমবাৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত স্মৰণ কৰা হয় জনতাৰ শিল্পী দিলীপ চৌধুৰীক(Remembering artist Dilip Chaudhary in Tezpur) । সোমবাৰে নিশা এসময়ৰ তেজপুৰৰ অতি জনপ্ৰিয় তথা আদৰৰ শিল্পী গৰাকীক তেজপুৰৰ বাণ থিয়েটাৰত এক সুৰীয়া, সুমধুৰ অনুষ্ঠানেৰে স্মৰণ কৰিলে তেজপুৰৰ ৰাইজে(Cultural programme in Tezpur) ।

remembering artist dilip chaudhary in tezpur
তেজপুৰত জনতাৰ শিল্পী দিলীপ চৌধুৰীক স্মৰণ
author img

By

Published : Oct 19, 2022, 1:23 PM IST

তেজপুৰ,১৯অক্টোবৰ: "মোৰ সুৰৰ অৰণ্যত সোণৰ হৰিণা জনী বিচাৰি নেপালোঁ মই","মোৰ স্বপ্ন মৌ প্ৰেমত নন ক্ৰেম", "তুমি দুচকুত কাজল ল'লে ডাৱৰে ডাৱৰে বিজুলী খেলে," "ৰাতি বাঁহী বায়" - আদি অতি মনপৰশা গীতেৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত স্মৰণ কৰা হয় জনতাৰ শিল্পী দিলীপ চৌধুৰীক(Remembering artist Dilip Chaudhary in Tezpur) । জনতাৰ শিল্পীগৰাকীৰ একাংশ গীতৰ আধাৰত সোমবাৰে নিশা এসময়ৰ তেজপুৰৰ অতি জনপ্ৰিয় তথা আদৰৰ শিল্পী গৰাকীক তেজপুৰৰ বাণ থিয়েটাৰত এক সুৰীয়া, সুমধুৰ অনুষ্ঠানেৰে স্মৰণ কৰিলে তেজপুৰৰ ৰাইজে(Cultural programme in Tezpur) ।

remembering artist dilip chaudhary in tezpur
শিল্পী গৰাকীক তেজপুৰৰ বাণ থিয়েটাৰত এক সুৰীয়া, সুমধুৰ অনুষ্ঠানেৰে স্মৰণ কৰিলে তেজপুৰৰ ৰাইজে

প্ৰয়াত দৰদী কন্ঠশিল্পী,দিলীপ চৌধুৰীৰ ৭৯ সংখ্যক ওপজা দিনটোত পৰিয়ালৰ উদ্যোগত আৰু জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়, বন্দনা সংগীত কানন, ওপজা গাঁও ডিপোটাৰ অসমীয়া সাংস্কৃতিক সমাজৰ লগতে উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এক আকৰ্ষণীয় অনুষ্ঠান ।

অনুষ্ঠানটিৰ আৰম্ভণিতে প্ৰয়াত দিলীপ চৌধুৰীৰ ঘনিষ্ঠ সান্নিধ্য লাভ কৰা বিশিষ্ট গীতিকাৰ, সুৰকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা আৰু শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপ সভাপতি মৃগেন চন্দ্র বড়া, বিশিষ্ট অভিনেত্ৰী ডা০ জাহানাৰা বেগম, অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱা, লেখিকা জয়শ্ৰী ভূঞা আৰু শিল্পী গৰাকীৰ বহু গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ইয়াৰ পিছতে প্ৰয়াত শিল্পী গৰাকীৰ পুত্ৰ আলিম্পন চৌধুৰীয়ে পিতৃৰ শিল্পী জীৱনৰ উত্তৰণত সহযোগিতা আগবঢ়োৱা প্ৰয়াত হৰেন কটকী, ৰেৱকান্ত দাস, শান্তি শংকৰ দাসগুপ্ত, মণ্টু তামুলী আৰু শিল্পী মাণিক শৰ্মাক বিশেষ ভাবে স্মৰণ কৰে । আনহাতে, লেখক তথা সাংস্কৃতিক কৰ্মী শান্তনু বৰুৱা আৰু অভিনেত্ৰী তথা আকাশবাণীৰ ঘোষিকা অনামিকা বৰদলৈয়ে আঁত ধৰা এই সুৰীয়া অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।

দৃষ্টিনন্দন সমবেত নৃত্যত জীপাল তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ

উদ্বোধনী ভাষণত উপায়ুক্ত গৰাকীয়ে প্ৰয়াত দিলীপ চৌধুৰীৰ সান্নিধ্য লাভ কৰা নাছিল যদিও শিল্পী গৰাকীৰ গীতে তেঁওক আপ্লুত কৰে বুলি কৈ পৰিয়ালে এনেদৰে স্মৰণ কৰা প্ৰয়াসৰ শলাগ লয় । উল্লেখ্য যে, সোমবাৰৰ নিশাৰ এই সুৰীয়া-সাংগীতিক অনুষ্ঠানটি আৰম্ভ হয় তেজপুৰ মহোৎসৱ উপলক্ষে বংকিম শৰ্মাই ৰচনা কৰা আৰু দিলীপ চৌধুৰীয়ে সুৰেৰে সজোৱা বিশেষ সমবেত গীতেৰে ।

ইয়াৰ পিছতেই দিলীপ চৌধুৰীৰ কেবাটাও গীতৰ আধাৰত নৃত্যশিল্পী ঈৰাণী মহন্তই পৰিচালনা কৰা দৃষ্টিনন্দন সমবেত নৃত্যই জীপাল কৰি তোলে বাণ থিয়েটাৰৰ মঞ্চ । ইয়াৰ মাজতে দিলীপ চৌধুৰীৰ গীতৰ ওপৰত "বন্দনা সংগীত কানন" এ আয়োজন কৰা কৰ্মশালাৰ অংশগ্ৰহণকাৰী কণ কণ শিক্ষাৰ্থীয়ে পৰিৱেশন কৰে কেশৱ মহন্ত ৰচিত "এখন দেশত এক ৰজা আছিল" শীৰ্ষক শিশু উপযোগী গীতটি ।

সেইদৰে সংগীত শিল্পী দিলীপ চৌধুৰীৰ জ্যেষ্ঠ পুত্ৰ চিৰঞ্জীৱ চৌধুৰী, মনোজ নাথ, হিৰণ্য শইকীয়া, মৃদুল দাসৰ জৰিয়তে দিলীপ চৌধুৰীৰ পুত্ৰ কন্ঠশিল্পী আলিম্পন চৌধুৰীয়ে অনুষ্ঠানটিত পৰিৱেশন কৰে দিলীপ চৌধুৰীৰ কন্ঠৰ আটাইতকৈ বিখ্যাত, পুৰুষোত্তম দাস ৰচিত "মোৰ সুৰৰ অৰণ্যত" শীৰ্ষক গীতটি । উল্লেখ্য যে, দিলীপ চৌধুৰীৰ শিল্পী সত্ত্বাক জীয়াই ৰাখিবৰ বাবে বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে সহযোগিতা আৰু পৰামৰ্শ আগবঢ়োৱা বহু কেইগৰাকী ব্যক্তিক পৰিয়ালৰ তৰফৰ পৰা সন্মান জনোৱা হয় ।

এই অনুষ্ঠানটিত বন্দনা সংগীত কাননৰ সভানেত্ৰী, কন্ঠশিল্পী বনদীপা শইকীয়া হাজৰিকাই দিলীপ চৌধুৰীৰ কন্ঠৰ হিৰেণ ভট্টাচাৰ্য ৰচিত গীত পৰিৱেশন কৰাৰ লগতে
এসময়ৰ বহু নৃত্য নাটিকাৰ স্ৰষ্টা আৰু পৰিচালক গৰাকীৰ "ঋতু আৰু বাসৱদত্তা" শীৰ্ষক নৃত্য নাটিকাখনৰ কিয়দংশ সোমবাৰে অনুষ্ঠিত এই অনুষ্ঠানতে বিশিষ্ট সংগীতশিল্পী লিখন শৰ্মাৰ পৰিচালনাত পৰিৱেশন কৰা হয় ।

এই বৰ্ণাঢ্য আৰু বৰ্ণিল সুৰীয়া-সাংগীতিক অনুষ্ঠানটিত অৰ্চনা দাসে "মোৰ সুৰৰ অৰণ্যত" শীৰ্ষক গীতটি আবৃত্তিৰ কৰাৰ লগতে নাট্যকাৰ দিলীপ চৌধুৰীক স্মৰণ কৰি তেওঁৰ দ্বাৰা ৰচিত "যুগে যুগে কুৰুক্ষেত্ৰ" নাটকখনৰ ভূপেন শৰ্মাৰ পৰিচালনাত কিয়দংশ প্ৰদৰ্শনৰ উপৰি মিলন বাকৰি ৰাস মহোৎসৱৰ দীঘলীয়া সময়ৰ নৃত্য নাটিকাৰ পৰিচালক দিলীপ চৌধুৰীক স্মৰণ কৰি অৰ্পণ বেজবৰুৱা পৰিচালিত তেনে নৃত্য নাটিকাৰ কিয়দংশও পৰিৱেশন কৰে ।

লগতে পঢ়ক: Erosion in Bihpuria : সোৱণশিৰিৰ বুকুত জাহ গ'ল ১৪ কোটি টকীয়া আঁচনি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.