ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ত ’ৰিফলেকচনছ অৱ ডেঞ্চ এলং দি ব্ৰহ্মপুত্ৰ’ শীৰ্ষক গ্ৰন্থ উন্মোচন - বিশিষ্ট নৃত্য বিশাৰদ যতীন গোস্বামী

তেজপুৰ বিশ্ববিদ্যালয়ত “ৰিফলেকচনছ অৱ ডেঞ্চ এলং দি ব্ৰহ্মপুত্ৰ” শীৰ্ষক গ্ৰন্থ উন্মোচন ৷ গ্ৰন্থ উন্মোচন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা অধ্যাপক শম্ভু নাথ সিঙে ৷

Reflections of Dance along the Brahmaputra Book Released in Tezpur
’ৰিফলেকচনছ অৱ ডেঞ্চ এলং দি ব্ৰহ্মপুত্ৰ’ শীৰ্ষক গ্ৰন্থ উন্মোচন
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 2:12 PM IST

তেজপুৰ, 13 ডিচেম্বৰ: তেজপুৰ বিশ্ববিদ্যালয়ত মংগলবাৰে “ৰিফলেকচনছ অৱ ডেঞ্চ এলং দি ব্ৰহ্মপুত্ৰ” শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হয় ৷ প্ৰকাশিত গ্ৰন্থখনৰ সম্পাদনা কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক অধ্যয়ন বিভাগৰ অধ্যাপক দেৱৰ্ষি প্ৰসাদ নাথ আৰু অ’কলেণ্ড বিশ্ববিদ্যালয়ৰ ড° বাৰ্বাৰা স্নুক আৰু অধ্যাপক ৰালফ বাকে । উল্লেখযোগ্য যে, নিউজিলেণ্ডৰ অকলেণ্ড বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ যুটীয়া সহযোগিতাত এই গ্ৰন্থখন প্ৰকাশ কৰা হৈছে ৷

গ্ৰন্থখনৰ প্ৰকাশক ৰ’টলেজ । একাধিক খণ্ডত প্ৰকাশ পাবলগীয়া গ্ৰন্থখনৰ সদ্য উন্মোচিত প্ৰথমটো খণ্ডত তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে ৰচনা কৰা 16 টা অধ্যায় সন্নিৱিষ্ট । এই গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি তথা গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা অধ্যাপক শম্ভু নাথ সিং ৷ উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰা আৰু সংস্কৃতি সন্দৰ্ভত এখন তথ্যসমৃদ্ধ গ্ৰন্থ লিখি উলিওৱাৰ বাবে লেখকক প্ৰশংসা কৰে সিঙে ।

সিঙে কয় যে গ্ৰন্থখনত সত্ৰীয়াৰ পৰা খেৰাই, ৰাতি বিহুৰ পৰা হুদুমলৈকে বিভিন্ন নৃত্য পৰম্পৰাৰ বিষয়ে আলোচনা কৰা হৈছে । গ্ৰন্থখনত অসমৰ এগৰাকী বিশিষ্ট নৃত্য বিশাৰদ যতীন গোস্বামী, ঘনকান্ত বৰা, ইন্দিৰা পি.পি বৰা আদিৰ জীৱন-অভিজ্ঞতাও বৰ্ণনা কৰা হৈছে । আনহাতে এই সভাত অংশ লৈ ড° স্নুকে কয় যে বিশাল ব্ৰহ্মপুত্ৰৰ পাৰৰ লোকনৃত্যৰ অনন্য দিশটো হৈছে যে এই লোকনৃত্যই এই অঞ্চলসমূহৰ ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিচয় প্রকাশ কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্যকো তুলি ধৰিছে ৷

উল্লেখযোগ্য যে, এই অনুষ্ঠানতে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° সিঙে বিশ্বিদ্যালয়খনত পাঁচদিনীয়াকৈ অনুষ্ঠিত নৃত্য, সৃষ্টিশীল পাঠদান কৌশল শীৰ্ষক কৰ্মশালাৰো উদ্বোধন কৰে ৷ সাংস্কৃতিক অধ্যয়ন বিভাগৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত ডীন ফাৰহিনা দন্তাও উপস্থিত থাকে ।

লগতে পঢ়ক: মাত্ৰ 8 টকা ব্যয় কৰি 30 কিঃমিঃ যাব পাৰিব এখন বাহনেৰে, জানিবলৈ পঢ়ক এই প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.