ৰঙাপৰা, 19 অক্টোবৰ : কৰ’ণা মহামাৰীৰ মাজতে শাৰদী ৰাণীক আদৰিবলৈ সাজু ৰাজ্য়বাসী ৷ ধৰালৈ আগমন ঘটিছে দূৰ্গতি নাশিনী দেৱী দূৰ্গাৰ ৷ অৱশ্যে এইবাৰ দুৰ্গা পূজা অনুষ্টুপীয়াকৈ উদযাপন কৰিবলৈ চৰকাৰে জাৰি কৰিছে নীতি-নিৰ্দেশনা ৷ এইবাৰৰ পূজাত নাথাকিব জাক-জমকতা ৷
দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইদিন বাকী থকাৰ মাজতে শোণিতপুৰৰ ৰঙাপৰাত মৃন্ময় শিল্পীসকলে দুৰ্গা প্ৰতিমাত দিছে অন্তিম পৰশ । কৰ’ণাৰ বাবে যিহেতু এইবাৰ কম সংখ্যকে প্ৰতিমাৰে পূজা কৰিব সেয়েহে পূৰ্বতকৈ এইবাৰ মৃন্ময় শিল্পীসকলে মাত্ৰ কেইটামান দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিছে । ৰঙাপৰাৰ সঞ্জু দেৱনাথ নামৰ মৃন্ময় শিল্পীজনে দুৰ্গা মূৰ্তিত দিছে তেওঁৰ অন্তিমটো পৰশ দিছে ৷
পূজাৰ বাবে 20 টা প্ৰতিমাৰ অৰ্ডাৰ লাভ কৰিছিল যদিও 8 টা প্ৰতিমাৰ অৰ্ডাৰ বাতিল কৰাৰ পিছত 12 টা প্ৰতিমা সাজিছে মৃন্ময় শিল্পীজনে ৷ প্ৰতিবছৰে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ 5 পৰা 7 টা মূৰ্তিৰ অৰ্ডাৰ পাইছিল দেৱনাথে ৷ তেওঁলোকৰ জীৱন-জীৱিকাত ভাবুকি আহিছে যদিও তেওঁ নিজৰ শিল্প কৰ্মৰ পৰা আঁতৰি যোৱা নাই ।
লগতে পঢ়ক : ATM ব্যৱহাৰ কৰিবলৈ বাধ্যতামূলক হ'ব ফিংগাৰ ক'ভাৰ