ETV Bharat / state

ৰঙাপাৰাত চি আই টি ইউৰ প্ৰতিবাদ - মূল্যবৃদ্ধি ৰোধ

মূল্যবৃদ্ধি ৰোধৰ বাবে অসম ৰাজ্যিক সমিতিৰ আহ্বান মৰ্মে শুকুৰবাৰে ৰাজ্যজুৰি চি আই টি ইউৰ শ্ৰমিক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ ৰঙাপৰাতো চি আই টি ইউয়ে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ।

ৰঙাপাৰাত চি আই টি ইউৰ প্ৰতিবাদ
ৰঙাপাৰাত চি আই টি ইউৰ প্ৰতিবাদ
author img

By

Published : Mar 5, 2021, 9:26 PM IST

ৰঙাপৰা, ৫ মাৰ্চ: মূল্যবৃদ্ধিৰ বিৰুদ্ধে ভিন্ন দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে । অসম ৰাজ্যিক সমিতিৰ আহ্বান মৰ্মে শুকুৰবাৰে ৰাজ্যজুৰি চি আই টি ইউৰ শ্ৰমিক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ ৰঙাপৰাতো চি আই টি ইউয়ে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী । পেট্ৰল, ডিজেল, ৰন্ধন গেছসহ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আৰু বিজেপি চৰকাৰৰ মিথ্যাচাৰৰ প্ৰতিবাদত পুৰুষ-মহিলাসকলে হাতে-হাতে বেনাৰ লৈ বিজেপিৰ মিথ্যাচাৰৰ বিৰুদ্ধে ৰঙাপৰাবাসী ৰাইজ এক হওক, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ আৰু নাই দৰকাৰ, শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব নোৱাৰা চৰকাৰ আৰু নাই দৰকাৰ, বাৰে বাৰে মজুৰি বৃদ্ধি কৰা চৰকাৰ আৰু নাই দৰকাৰ, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিজেপি চৰকাৰ গ'বেক, বস্তুৰ দাম হ্ৰাস কৰিব নোৱাৰা বিজেপি চৰকাৰ মুৰ্দাবাদ, পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি কিয় হৈছে বিজেপি চৰকাৰে জৱাব দিয়ক, ইনক্লাৱ জিন্দাবাদ, মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মীৰ পৰিয়াল মাহেলী ১৫০০ টকাত কেনেকৈ চলিব? বিজেপি চৰকাৰ জৱাব দিয়ক আদি বিভিন্ন ধৰণৰ শ্লোগানৰে আকাশ-বতাহ মুখৰিত কৰি সমগ্ৰ চহৰখন পৰিক্ৰমা কৰে ।

ৰঙাপাৰাত চি আই টি ইউৰ প্ৰতিবাদ

এই সন্দৰ্ভত চি আই টি ইউৰ নেতা ৰয়েল চৰেঙে কয় যে, বিজেপি চৰকাৰখনে যিমানেই উন্নয়নৰ ঢাক-ঢোল নবজাওক কিয় এইখন চৰকাৰৰ দিনত শ্ৰমিক, কৃষক ৰাইজ কোনো উপকৃত হোৱা নাই । মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মীসকলক মাহিলী ১৫০০ টকা প্ৰদান কৰি কৰ্মত নিয়োজিত কৰি অহাটো অন্যায় হৈছে । চাহ শ্ৰমিকৰ প্ৰকৃত মজুৰি আদায় দিয়াৰ পৰিৱৰ্তে মাত্ৰ ৫০ টকা বৃদ্ধি কৰিলে যদিও সেয়া আজিলৈকে আদায় দিয়া নাই । বিজেপি চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হোৱা বুলি নেতা গৰাকীয়ে অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক:বঙাইগাঁৱত গৃহৰক্ষী বাহিনীৰ অসহযোগ আন্দোলন অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.