ৰঙাপৰা, 17 মে’: দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল ৰঙাপৰাৰ এগৰাকী মেধাৱী ছাত্ৰী ৷ বৰজুলি হাইস্কুলৰ পৰা কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে অধ্যয়ন কৰি বুধবাৰে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৩ টা বিষয়ত লেটাৰসহ ৪৫৮ পাবলৈ সক্ষম হয় ৰুপছনা খান নামৰ মেধাৱী ছাত্ৰীগৰাকীয়ে ।
ৰুপছনা খানে হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাত গণিতত ৮১, অসমীয়াত ৭৪, ইংৰাজী ৬০, বিজ্ঞানত ৮৪, সমাজ বিজ্ঞানত ৮৪, ভূগোলত ৭৫ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ লগতে বৰজুলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । পিতৃৰ অবিহনে ছাত্ৰী গৰাকীয়ে পঢ়া-শুনা কৰি নিজৰ প্ৰতিভা বিকাশৰে পৰিচয় দাঙি ধৰাত যথেষ্ট উৎফুল্লিত হৈ পৰিছে ছাত্ৰীগৰাকীৰ মাতৃ ৷ অৱশ্য পৰিতাপৰ বিষয় এই যে, ছাত্ৰীগৰাকীয়ে বিজ্ঞান শাখাত উচ্চ শিক্ষা লোৱাৰ আগ্ৰহ আছে যদিও এতিয়া হেঙাৰ ৰূপে থিয় দিছে পৰিয়ালটোৰ দৰিদ্ৰতাই ৷
লগতে চাওকঃ "সংগ্ৰামৰ লগত মই জড়িত, বিস্ফোৰণৰ লগত নহয়"- প্ৰাণময় ৰাজগুৰু
মাতৃ আনোৱাৰা বেগমে মিছামাৰীস্থিত সেনা ছাউনীত নিৰ্মাণ কাৰ্য চলাই থকা এটা ব্যক্তিগত কোম্পানীত শ্ৰমিক হিচাপে কৰ্মৰত । মাতৃয়ে পোৱা সামান্য পাৰিশ্ৰামিকৰে তিনিজনীয়া পৰিয়ালটোক পোহপাল দি অহাৰ লগতে কন্যাক পঢ়ুৱাইছিল ৷ আনকি পৰিয়ালৰ সদস্য কেইজন থাকিবলৈ পৰ্যাপ্ত ঠাই নাই ঘৰটোত । ছাত্ৰী গৰাকীয়ে বিজ্ঞান শাখাত উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল যদিও মাতৃৰ দুখ উপলব্ধি কৰি বৰ্তমান ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক’লা শাখাত নামভৰ্তি কৰিব বুলি জানিবলৈ দিয়ে ।