ETV Bharat / bharat

ভাৰতৰ ছেমিকণ্ডাক্টৰ তন্ত্ৰৰ বাবে কিমান গুৰুত্বপূৰ্ণ জাগীৰোডৰ টাটা প্ৰকল্প ?

মৰিগাঁও ইউনিটে ১৫,০০০ প্ৰত্যক্ষ আৰু ১১,০০০-১৩,০০০ পৰোক্ষ চাকৰিৰ সৃষ্টি কৰি উল্লেখযোগ্য আৰ্থ-সামাজিক লাভ কঢ়িয়াই আনিব ৷ অসম আৰু নিকটৱৰ্তী অঞ্চলৰ অৰ্থনৈতিক বিকাশতো অৰিহণা যোগাব ।

Assam's Semiconductor Plant
ভাৰতৰ ছেমিকণ্ডাক্টৰ তন্ত্ৰৰ বাবে কিমান গুৰুত্বপূৰ্ণ জাগীৰোডৰ টাটা প্ৰকল্প ? (Representative Image)
author img

By ANI

Published : 3 hours ago

নতুন দিল্লী: অৰ্ধপৰিবাহী (Semiconductor) উদ্যোগৰ ক্ষেত্ৰত ভাৰতৰ অভিলাষী অগ্ৰগতিৰ সৰ্বোত্তম উদাহৰণ হ’ল টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেডৰ (TSAT) নেতৃত্বত অসমৰ মৰিগাঁও জিলাৰ জাগীৰোডত এটা ছেমিকণ্ডাক্টৰ প্ৰকল্প গঢ়ি তোলাটো ।

দেশৰ অন্যতম প্ৰধান উৎপাদন স্থান হিচাপে পৰিগণিত হ’বলগীয়া এই প্ৰকল্পটো স্বাৱলম্বী ছেমিকণ্ডাক্টৰ পৰিৱেশ তন্ত্ৰ স্থাপনৰ দেশৰ বৃহৎ লক্ষ্যৰ সৈতে খাপ খায় । ২৭ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে মৰিগাঁৱৰ জাগীৰোডত স্থাপন হ’বলগীয়া এই প্ৰকল্পই প্ৰতিদিনে ৪.৮ কোটি পৰ্যন্ত ছেমিকণ্ডাক্টৰ চিপ উৎপাদন কৰিব পাৰিব, য’ত ফ্লিপ চিপ আৰু ইন্টিগ্ৰেটেড চিষ্টেম ইন পেকেজ (আই এছ আই পি)ৰ দৰে উন্নত পেকেজিং প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব ।

দেওবাৰে ইলেক্ট্ৰনিকছ আৰু আই টি মন্ত্ৰালয়ে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি অটোমোটিভ, ইলেক্ট্ৰিক বাহন, টেলিকমিউনিকেচন আৰু কনজিউমাৰ ইলেক্ট্ৰনিকছৰ দৰে অত্যাৱশ্যকীয় খণ্ডসমূহৰ বাবে ডিজাইন কৰা এই প্ৰকল্প ২০২৫ চনৰ মাজভাগৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে ।

লগতে পঢ়ক: ছেমিকণ্ডাক্টৰ উদ্যোগ, ভাৰতৰ লক্ষ্য আৰু প্ৰত্যাহ্বান - Indian Semiconductor Industry

মৰিগাঁও ইউনিটে ১৫,০০০ প্ৰত্যক্ষ আৰু ১১,০০০-১৩,০০০ পৰোক্ষ চাকৰিৰ সৃষ্টি কৰি উল্লেখযোগ্য আৰ্থ-সামাজিক লাভ কঢ়িয়াই আনিব ৷ যিয়ে অসম আৰু নিকটৱৰ্তী অঞ্চলৰ আঞ্চলিক অৰ্থনৈতিক বিকাশত অৰিহণা যোগাব । উচ্চ ক্ষমতাসম্পন্ন উৎপাদন স্থান হিচাপে এই প্ৰকল্পৰ দৈনিক উৎপাদনে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বজাৰতে সেৱা আগবঢ়াব ৷ যাৰ ফলত ভাৰতক বিশ্বৰ ছেমিকণ্ডাক্টৰ যোগান শৃংখলত প্ৰতিযোগিতামূলক শক্তি হিচাপে স্থান দিয়া হ’ব বুলি প্ৰকাশ কৰা হৈছে ।

উদ্যোগৰ অনুমান অনুসৰি ২০২৩ চনত ভাৰতীয় ছেমিকণ্ডাক্টৰৰ বজাৰখন প্ৰায় ৩৮ বিলিয়ন ডলাৰ হ’ব, ২০৩০ চনৰ ভিতৰত ১০৯ বিলিয়ন ডলাৰলৈ বৃদ্ধিৰ ইংগিত পোৱা গৈছে । এই দ্ৰুত সম্প্ৰসাৰণক সমৰ্থন কৰিবলৈ আৰু আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ ভাৰত চৰকাৰে ঘৰুৱা অৰ্ধপৰিবাহী উৎপাদনক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে কেইবাটাও পদক্ষেপ ৰূপায়ণ কৰিছে ।

ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন (ISM)ৰ লক্ষ্য হৈছে বহনক্ষম ছেমিকণ্ডাক্টৰ আৰু ডিছপ্লে’ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলা, যিয়ে ভাৰতক ইলেক্ট্ৰনিকছ উৎপাদন আৰু ডিজাইনৰ ক্ষেত্ৰত আগশাৰীত স্থান দিব । আন্তঃৰাষ্ট্ৰীয় ছেমিকণ্ডাক্টৰ বিশেষজ্ঞৰ দ্বাৰা পৰিচালিত আই এছ এম-এ সম্পদ আৰু সমৰ্থনৰ দক্ষ নিয়োগ নিশ্চিত কৰিবলৈ চৰকাৰী মন্ত্ৰালয়, উদ্যোগ, আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মাজত প্ৰচেষ্টাসমূহৰ সমন্বয় সাধন কৰে বুলি প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক: জাগীৰোডত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ৫১৭.২৭ বিঘা ভূমি আৱন্টন প্ৰক্ৰিয়া সম্পন্ন - Tata Semiconductor Project

২০২১ চনত ৭৬ হাজাৰ কোটি টকাৰ আৰ্থিক ব্যয়ৰে আৰম্ভ হোৱা ছেমিকন ইণ্ডিয়া কাৰ্যসূচী প্ৰৰোচনা আৰু কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে ঘৰুৱা ছেমিকণ্ডাক্টৰ উদ্যোগক প্ৰসাৰিত কৰাৰ বাবে গঠন কৰা হৈছে । এই পদক্ষেপে ছেমিকণ্ডাক্টৰ উদ্যোগৰ বিভিন্ন খণ্ডক সমৰ্থন কৰে, কেৱল নিৰ্মাণ সুবিধা (ফেব)ৰ বাহিৰেও পেকেজিং, ডিছপ্লে তাঁৰ, আউটচ'ৰ্চড ছেমিকণ্ডাক্টৰ সমাবেশ আৰু পৰীক্ষণ (OSATs), চেন্সৰ, আৰু অন্যান্য জটিল উপাদানসমূহ অন্তৰ্ভুক্ত কৰি এক ব্যাপক পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰে ।

প্ৰকাশ কৰা অনুসৰি, এই কাৰ্যসূচীৰ অধীনত চাৰিখন আঁচনি প্ৰৱৰ্তন কৰা হৈছে যথা- ভাৰতত ছেমিকণ্ডাক্টৰ ফেব স্থাপনৰ বাবে পৰিৱৰ্তিত আঁচনি, ভাৰতত ডিছপ্লে’ ফেব স্থাপনৰ বাবে পৰিৱৰ্তিত আঁচনি, কম্পাউণ্ড ছেমিকণ্ডাক্টৰ/ ছিলিকন ফটোনিক্স/ চেন্সৰ ফেব/ বিচ্ছিন্ন ছেমিকণ্ডাক্টৰ ফেব আৰু ভাৰতত ATMP/ OSAT ছেমিকণ্ডাক্টৰৰ প্ৰকল্প আৰু ডিজাইন লিংকড ইনচেণ্টিভ (ডিএলআই) আঁচনি ।

মৰিগাঁৱৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পটো ভাৰতৰ ছেমিকণ্ডাক্টৰ উৎপাদন ক্ষমতাক শক্তিশালী কৰাৰ লক্ষ্যৰে চৰকাৰী সমৰ্থিত প্ৰকল্পৰ বহল নেটৱৰ্কৰ অংশ । কেন্দ্ৰীয় কেবিনেটে গুজৰাটৰ ঢোলেৰাত টাটা ইলেক্ট্ৰনিকছ আৰু গুজৰাটৰ ছানন্দত চিজি পাৱাৰৰ নতুন সুবিধাকে ধৰি সমগ্ৰ দেশতে একাধিক ছেমিকণ্ডাক্টৰ ইউনিট স্থাপনত অনুমোদন জনাইছে ।

লগতে পঢ়ক: জাগীৰোডত সম্পন্ন টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন - TATA semiconductor project

ইয়াৰ উপৰিও কায়েনেছ ছেমিকন প্ৰাইভেট লিমিটেডে ছানন্দতো এটা ইউনিট স্থাপন কৰিবলৈ অনুমোদন লাভ কৰে । এই সম্প্ৰসাৰণে ছেমিকণ্ডাক্টৰ আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে বিশ্বব্যাপী অৰ্ধপৰিবাহী মূল্য শৃংখলত নিজৰ স্থান সুদৃঢ় কৰাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক সূচায় বুলি বিবৃতিটোত কোৱা হৈছে ।

মোহালীৰ ছেমিকণ্ডাক্টৰ পৰীক্ষাগাৰ আধুনিকীকৰণৰ লগতে বৈদ্যুতিক উপাদান আৰু ছেমিকণ্ডাক্টৰ উৎপাদনৰ প্ৰসাৰৰ আঁচনি (SPECS) আৰু বৃহৎ পৰিসৰৰ ইলেকট্ৰনিকছৰ বাবে উৎপাদন সংযুক্ত প্ৰৰোচনা (পিএলআই) আঁচনি ৰূপায়ণতো চৰকাৰে গুৰুত্ব আৰোপ কৰিছে । এই প্ৰচেষ্টাসমূহে ছেমিকণ্ডাক্টৰ উৎপাদনৰ প্ৰতিটো অংশৰ বাবে সমৰ্থন নিশ্চিত কৰে, চিপ ডিজাইন, ফেব্ৰিকেশন, পৰীক্ষণ আৰু সমাবেশক সামৰি লোৱা এটা পৰিৱেশ তন্ত্ৰৰ পোষকতা কৰে বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে ।

অসমৰ মৰিগাঁৱত অৰ্ধপৰিবাহী ইউনিট প্ৰতিষ্ঠা ভাৰতৰ ছেমিকণ্ডাক্টৰৰ উচ্চাকাংক্ষা পূৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ । ছেমিকন ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত অনুমোদিত অন্যান্য প্ৰকল্পৰ লগতে এই প্ৰকল্পই ভাৰতৰ প্ৰযুক্তিগত ভেটি শক্তিশালী কৰে আৰু অৰ্থনৈতিক স্থিতিস্থাপকতা আৰু আত্মনিৰ্ভৰশীলতাৰ বাবে জাতিৰ দৃষ্টিভংগীক সমৰ্থন কৰে ।

বিশ্বজুৰি ছেমিকণ্ডাক্টৰৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে ভাৰতৰ বৃদ্ধি পোৱা ছেমিকণ্ডাক্টৰ আন্তঃগাঁথনিয়ে উদ্ভাৱনক আগুৱাই নিব, চাকৰিৰ সৃষ্টি কৰিব, আৰু বিশ্ব ডিজিটেল অৰ্থনীতিৰ এক উল্লেখযোগ্য খেলুৱৈ হিচাপে দেশখনৰ স্থান সুৰক্ষিত কৰিব বুলি প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক: 3300 কোটি টকা বিনিয়োগেৰে গুজৰাটত নিৰ্মাণ হ’ব ছেমি কণ্ডাক্টৰ ইউনিট - New semiconductor unit

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.