ETV Bharat / state

জাৱৰৰ দমলৈ পৰিণত ৰঙাপৰা, চাফাই কৰ্মীৰ কৰ্মবিৰতি

ৰঙাপৰা পৌৰসভাৰ অধীনত কৰ্মৰত চাফাই কৰ্মীসকলে বিগত সাত মাহে লাভ কৰা নাই মাহেকীয়া পাৰিতোষিক ৷ তাৰে ক্ষোভত শনিবাৰৰ পৰা চাফাই কৰ্মচাৰীসকলে পালন কৰিছে কৰ্মবিৰতি

জাৱৰৰ দমলৈ পৰিণত ৰঙাপৰা, চাফাই কৰ্মীৰ কৰ্মবিৰতি
author img

By

Published : Jun 22, 2019, 7:54 PM IST

ৰঙাপৰা, 22 জুনঃ ৰঙাপৰাত পৌৰসভাৰ চাফাই কৰ্মীৰ কৰ্মবিৰতি ৷ জাৱৰৰ দমলৈ পৰিণত ৰঙাপৰা নগৰ । ৰঙাপৰাৰ নগৰত এতিয়া চৌদিশে লেতেৰা আৰু কৰ্দযময় পৰিৱেশ ৷ চাফাই কৰ্মীসকলৰ কৰ্মবিৰতি পালনৰ পৰিপ্ৰেক্ষিততে লেতেৰা হৈ পৰিছে নগৰখনৰ চৌদিশ ৷ নগৰখনৰ বাট-পথ, ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখ, দৈনিক বজাৰৰ চাৰিওদিশে এতিয়া কেৱল জাৱৰৰ দম ৷ উৎকট দুৰ্গন্ধৰ প্ৰকোপত দুৰ্ভোগ ভুগিছে পথচাৰীয়ে ৷ কাৰণ শুক্ৰবাৰৰ পৰা ৰঙাপৰা পৌৰসভাৰ অধীনত কৰ্মৰত চাফাই কৰ্মীসকলে বিগত সাত মাহে লাভ কৰা নাই মাহেকীয়া পাৰিতোষিক ৷ তাৰে ক্ষোভত শনিবাৰৰ পৰা চাফাই কৰ্মচাৰীসকলে পালন কৰিছে কৰ্মবিৰতি ৷ তেখেতসকলৰ দাবী কৰ্মচাৰীয়ে নিজৰ দৰমহা নিয়মীয়াভাৱে লাভ নকৰে তেতিয়ালৈকে এইসকল কৰ্মচাৰীয়ে কৰ্মবিৰতি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ যাৰ ফলত জাৱৰৰ দমৰে উপচি পৰিছে ৰঙাপৰা নগৰ ৷

Intro:ৰঙাপৰাত পৌৰসভাৰ চাফাই কৰ্মীৰ কৰ্মবিৰতি পালনঃ জাৱৰৰ দ’মলৈ পৰিনত ৰঙাপৰা নগৰ।Body:ৰঙাপৰাঃ চৌদিশে লেতেৰা আৰু কৰ্দযময় পৰিৱেশে বিৰাজ কৰিছে ৰঙাপৰা নগৰখন। চাফাই কৰ্মীসকলে কৰ্মবিৰতি পালন কৰাৰ পৰিপ্ৰেক্ষিতত নগৰখন লেতেৰা হৈ পৰিছ। স্বচ্ছ ভাৰত অভিযানৰ এক বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে ৰঙাপৰাত। নগৰখনৰ বাট পথ, ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মূখত, দৈনিক বজাৰৰ চাৰিওদিশত এতিয়া কেৱল জাৱৰৰ দ’ম৷ উৎকট দুৰ্গন্ধৰ প্ৰকোপত পথচাৰীয়ে নাকত ৰুমাল লবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। কাৰণ ৰঙাপৰা পৌৰসভাখনৰ অধীনত কৰ্মৰত চাফাই কৰ্মচাৰী হৰিজন সকলে বিগত আঠ মাহেকীয়া পাৰিতোষিক লাভ কৰা নাই। তাৰে ক্ষোভত চাফাই কৰ্মচাৰী সকলে কালিৰে পৰা কৰ্মবিৰতি ঘোষনা কৰিছে। আঠ মাহ ধৰি এই সকল কৰ্মচাৰীয়ে প্ৰাপ্য দৰমহা লাভ নকৰাত তেখেতসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে সৃষ্টি হৈছে।যেতিয়ালৈকে এইসকল কৰ্মচাৰিয়ে নিজৰ দৰমহা নিয়মীয়াভাৱে লাভ নকৰে তেতিয়ালৈকে এইসকল কৰ্মচাৰীয়ে কৰ্মবিৰতি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।যাৰ ফলত ৰঙাপৰা নগৰখনৰ চৌদিশ এতিয়া জাৱৰৰ দ’মলৈ পৰিনত হৈ কদৰ্যময় হৈ পৰিছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.