ETV Bharat / state

30 বছৰে শিক্ষকতা কৰি পালে মাথোঁ বঞ্চনা; হাৰ মানিব নোখোজা মনটোৱে তেওঁক দিলে সফলতাৰ অন্য এক পথ

Self Reliant: প্ৰত্য়াহ্বান নেওচি সফল হোৱা এজন লোকৰ কাহিনী । আলুচপ, ঘুগুনী, সিজোৱা কণীৰ সোৱাদ ল'বলৈ যাৰ ওচৰত সন্ধিয়া গ্ৰাহকে কৰে ভিৰ...

Self Reliant by shop
প্ৰত্য়াহ্বান নেওচি সফলতা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 2 hours ago

ধেমাজি: ধেমাজিৰ মাছখোৱা চাৰিআলিৰ ফালে গ’লে এই মানুহজনক আপুনি নিশ্চয় দেখা পাব ৷ আলুচপ, ঘুগুনী, পকৰি, সিজোৱা কণী আদি বিক্ৰী কৰা এই মানুহজনৰ দোকানৰ সমুখত সন্ধিয়া হ’লেই মানুহ ভৰি পৰে ৷ কোনোৱে ঘুগুনী, কোনোৱে আলুচপ, আন কোনোৱে পকৰিৰ সোৱাদ ল’বলৈ আহে ৷ এই মানুহজন এজন সাধাৰণ বিক্ৰেতা নহয় পিচে, তেওঁৰ এই ব্যৱসায়ৰ আঁৰত আছে বহু দীঘলীয়া কাহিনী ৷ আহক তেওঁৰ সৈতে চিনাকী হওঁ-

মানুহজনৰ নাম ভৱেশ কোচ ৷ পেচাত তেওঁ আছিল এজন শিক্ষক ৷ 30 বছৰ ধৰি শিক্ষকতা কৰি বহুতৰে জীৱন গঢ় দিলে তেওঁ ৷ কিন্তু তাৰ পুৰষ্কাৰ স্বৰূপে ভৱেশ কোচে পালে মাত্ৰ চৰকাৰী বঞ্চনা ৷ ধেমাজিৰ মাছখোৱা টাউন এম ই স্কুল নামৰ শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠা কৰি 30 বছৰে তেওঁ শিক্ষক হিচাপে সেৱা আগবঢ়ালে ৷ চাকৰিটো নিয়মীয়াকৰণৰ বাবে চৰকাৰক বহু খাটনিও ধৰিলে ৷ কিন্তু চৰকাৰী মেৰপেচত আৱদ্ধ হৈ থাকিল তেওঁৰ চাকৰিটো ৷

প্ৰত্য়াহ্বান নেওচি সফলতা (ETV Bharat Assam)

এদিন চৰকাৰী নিৰ্দেশত বন্ধ হৈ পৰিল মাছখোৱা টাউন এম ই স্কুল, ভৱেশ কোচৰ চাকৰিটোও নহ’ল ৷ উপায়হীন হৈ শিক্ষকতাৰ বৃত্তি পৰিহাৰ কৰি জীৱিকা আৰ্জনৰ অন্য পথৰ সন্ধান কৰিলে তেওঁ ৷ ঘৰত পৰিয়াল আছে, গতিকে একো নকৰাকৈ থাকিলে পোহ-পাল দিব কেনেকৈ ? চৰকাৰী বঞ্চনাক প্ৰত্যাহ্বান হিচাপে লৈ ভৱেশ দাসে আৰম্ভ কৰিলে এখন সৰু দোকান ৷ য’ত তেওঁ ঘুগুনী, পৰকি, সিজোৱা কণী আদি বেচিলৈ আৰম্ভ কৰিলে ৷

তাৰ পিচত আৰু তেওঁ পিচলৈ ঘূৰি চাবলগীয়া হোৱা নাই ৷ লাহে লাহে এজন দুজনকৈ তেওঁৰ গ্ৰাহকৰ সংখ্যা বাঢ়িল ৷ এতিয়া সন্ধিয়া হ’লেই তেওঁৰ দোকানৰ সমুখ গ্ৰাহকেৰে ভৰি থাকে ৷ ‘‘বাণিজ্যে বসতি লক্ষ্মী’’- সঁচাকৈয়ে লক্ষ্মী আয়ে যেন লগ দিলে ভৱেশ কোচক ৷ এই দোকানখনৰ উপৰিও তেওঁ নতুনকৈ আৰম্ভ কৰিছে এখন ফাষ্ট ফুডৰ হোটেল ৷ অৱশ্যে হোটেলখন পুত্ৰ-বোৱাৰীক চলাবলৈ দি তেওঁ নিজৰ ব্যৱসায়তেই আত্মনিয়োগ কৰি আছে ৷

এনেকুৱা সৰু-সুৰা বেপাৰ কৰিবলৈ আমাৰ বহুতেই কুণ্ঠাবোধ কৰে বা আগতেই লাভ-লোকচানৰ চিন্তা কৰি আগবাঢ়িব নোখোজে ৷ কিন্তু সাধাৰণ এখন দোকান দিয়েই ভৱেশ কোচে হোটেলখন খোলাৰ লগতে দুখনকৈ চাৰিচকীয়া গাড়ীও ক্ৰয় কৰিছে ৷ নিতৌ তেওঁ আলুচপ, ঘুগুনী আদি বিক্ৰী কৰি 10 হাজাৰৰো অধিক ধন উপাৰ্জন কৰে ৷ একালত বিনা টকাৰে শিক্ষকতা কৰা ভৱেশ কোচ আজি সফল হৈছে ব্যৱসায়ৰ জৰিয়তে ৷

চৰকাৰী, বেচৰকাৰী চাকৰিকেই জীৱনৰ একমাত্ৰ উপাৰ্জনৰ সম্বল হিচাপে ভাবি লোৱা বহুতৰ বাবে আদৰ্শ স্বৰূপ ভৱেশ কোচৰ দৰে ব্যৱসায়, কৃষি আদিৰে স্বনিয়োজনৰ বাটবোলা লোকসকল ৷ যিয়ে স্বাধীনভাৱে কষ্ট কৰি এজন সাধাৰণ চাকৰিয়ালতকৈও অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ বহুতেই নিজৰ লগতে নিয়োজনৰ বাট মোকলাই দিবলৈ সক্ষম হৈছে আন বহুতকে ৷

লগতে পঢ়ক:এসময়ত গাঁৱে গাঁৱে বিস্কুট বেচি ফুৰা হামিদ এতিয়া বিস্কুট ফেক্টৰীৰ মালিক - Success story

মীন পালনৰে কিদৰে লাভান্বিত হ'ব পাৰি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.