ৰঙাপৰা,16 নৱেম্বৰ: শোণিতপুৰ জিলাৰ ৰঙাপৰাত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে সোমবাৰে পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত আহত হয় এজন যুৱক । যুৱকজন গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় যদিও কথমপি প্ৰাণ ৰক্ষা পৰে । ঘটনাটো সংঘটিত হয় ৰঙাপৰাৰ ১ নং নামনিগাঁৱত । আঘাতপ্ৰাপ্ত যুৱকজন হিম আনচাৰীৰ পুত্ৰ চান্দ আনচাৰী বুলি জানিব পৰা গৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, সন্ধিয়া প্ৰায় ৬-৩০ মান বজাত ৰঙাপৰা-তেজপুৰ সংযোগী লোক নিৰ্মাণ পথৰ ওপৰেদি এটা প্ৰকাণ্ড বনৰীয়া হাতী গৈ আছিল । ঠিক তেনে সময়তে নামনি গাঁৱৰ বাসিন্দা ৰহিম আনচাৰীৰ পুত্ৰ চান্দ আনচাৰীৰ সৈতে বনৰীয়া হাতীটোৰ মুখামুখি হয় আৰু যুৱকজনক আক্ৰমণ কৰে হাতীটোৱে ৷ বনৰীয়া হাতীটোৰ আক্ৰমণত যুৱকজন গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় । ইয়াৰ পাচতে স্থানীয় ৰাইজে যুৱকজনক লৈ যায় প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ ৷ বৰ্তমান চিকিৎসাধীন হৈ আছে যুৱকজন ৷
অন্য এক খবৰৰ বাবে: মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনা কৃষকৰ