ETV Bharat / state

ৰঙাপৰাত অসম চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদ

author img

By

Published : Sep 11, 2019, 8:57 PM IST

কৰ্মচাৰী সকলৰ দৰমহা পুনৰ নিৰ্ধাৰণৰ দাবীত ৰঙাপৰাত অসম চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদ ৷

ৰঙাপৰাত অসম চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদ

ৰঙাপৰা, 11 ছেপ্তেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত চাহ বাগিছাত কৰ্মৰত চাহ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি,মালিক পক্ষৰ শোষণ নীতিৰ বিৰুদ্ধে আৰু কৰ্মচাৰীসকলৰ দৰমহা পুনৰ নিৰ্ধাৰণৰ দাবীত ৰঙাপৰাত অসম চাহ কৰ্মচাৰী সংঘই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ৰঙাপৰাৰ তাৰাজুলি,বৰজুলি,ঘইৰালি,কছাৰীগাঁও,নাহৰণী,চেঁচা,ধূলাপাদুং,কলনী আদি চাহ বাগিচা সমূহত অসম চাহ কৰ্মচাৰী সংঘৰ প্ৰাথমিক গোটৰ সদস্য-সদস্যাসকলে চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মূখত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে মালিক পক্ষৰ শোষণ নীতি নচলিব,আমাৰ দৰমহা বৃদ্ধি কৰক,মালিক পক্ষ মিছলীয়া, চাহ উদ্যোগৰ সংকট ভুৱা প্ৰচাৰ বন্ধ কৰক, অসম চাহ কৰ্মচাৰী সংঘ জিন্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলীসমূহ।

ৰঙাপৰাত অসম চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদ

উল্লেখ্য যে বাগিছা কৰ্তৃপক্ষই প্ৰতি তিনি বছৰৰ অন্তৰে অন্তৰে চাহ কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধি কৰি আহিছে যদিও পৰৱৰ্তী সময়ত চাহ কৰ্মচাৰী সকলৰ দৰমহা বিগত কেইবাবছৰ ধৰি বৃদ্ধি নকৰাত ক্ষোভিত হৈ পৰিছে বাগিচাৰ কৰ্মচাৰীসকল। লগতে ৩ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈকে তিনিদিনকৈ দৰমহা বৃদ্ধিৰ দাবীত চাহ কৰ্মচাৰী সকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল যদিও মালিক গোষ্ঠীয়ে সমস্যা সমাধান কৰাত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত নহ'ল ৷ যদি চাহ কৰ্মচাৰী সকলৰ দৰমহা অতি শীঘ্ৰে বৃদ্ধি কৰাৰ ব্যৱস্থা নকৰে তেতিয়া হ'লে অনাগত দিনত আন্দোলনৰ গতি তীব্ৰ কৰি তুলিব বুলি প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি চাহ উদ্যোগৰ মালিকপক্ষক সকীয়াই দিয়ে অসম চাহ কৰ্মচাৰী সংঘই ।

Intro:কৰ্মচাৰী সকলৰ দৰমহা পুনৰ নিৰ্ধাৰণৰ দাবীত ৰঙাপৰাত অসম চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদBody:ৰঙাপৰাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চাহ বাগিছাত কৰ্মৰত চাহ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি, মালিক পক্ষৰ শোষননীতিৰ বিৰুদ্ধে আৰু কৰ্মচাৰীসকলৰ দৰমহা পুণৰ নিৰ্ধাৰণৰ দাবীত পুনৰ ৰঙাপৰাত অসম চাহ কৰ্মচাৰীসকলে বাগিছাই বাগিছাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ৰঙাপৰাৰ তাৰাজুলি, বৰজুলি, ঘইৰালি, কছাৰীগাঁও, নাহৰণী, চেঁচা, ধূলাপাদুং, কলনী আদি চাহ বাগিচা সমূহত অসম চাহ কৰ্মচাৰী সংঘৰ প্ৰাথমিক গোটৰ সদস্য-সদস্যাসকলে চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মূখত উপস্থিত হৈ মালিক পক্ষৰ শোষননীতি নচলিব, আমাৰ দৰমহা বৃদ্ধি কৰক, মালিক পক্ষ মিছলীয়া, চাহ উদ্যোগৰ সংকট ভুৱা প্ৰচাৰ বন্ধ কৰক, অসম চাহ কৰ্মচাৰী সংঘ জিন্দাবাদ আদি বিভিন্ন শ্লো’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখ্য যে বাগিছা কৰ্তৃপক্ষই প্ৰতি তিনি বছৰৰ মুৰত চাহ কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধি কৰি আহিছে যদিও পৰৱৰ্তী সময়ত চাহ কৰ্মচাৰী সকলৰ দৰমহা বিগত কেইবাবছৰ ধৰি বৃদ্ধি নকৰাত ক্ষোভিত হৈ পৰিছে বাগিচাৰ কৰ্মচাৰীসকল। যদিহে চাহ কৰ্মচাৰী সকলৰ দৰমহা অতি শীঘ্ৰে বৃদ্ধি কৰাৰ ব্যৱস্থা নকৰে তেতিয়া হলে অনাগত দিনত আন্দোলন তীব্ৰ কৰি তুলিব বুলি চাহ উদ্যোগৰ মালিক পক্ষক সকীয়াই দিয়ে। যোৱা ৩ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈকে তিনিদিনকৈ দৰমহা বৃদ্ধিৰ দাবীত চাহ কৰ্মচাৰী সকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল যদিও মালিক গোষ্ঠীৰ সমস্যাটি সমাধান কৰাত গুৰুত্ব আৰোপ নকৰিলে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.