ETV Bharat / state

বিদ্যালয়ৰ বিৰুদ্ধে ব্যৱসায় চলোৱাৰ অভিযোগ অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ !

শুকুৰবাৰে ঘোষণা কৰা হৈছে HSLC 2021 পৰীক্ষাৰ ফলাফল ৷ কোনোৱে যদি মূল্যাংকন পদ্ধতিকলৈ সুখী নহয়, কোনোৱে আকৌ চৰকাৰৰ সিদ্ধান্তক সহজভাৱে মানি ল’ব পৰা নাই ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ-ছাত্ৰীসকলে ৷ প্ৰতিবাদী শিক্ষাৰ্থীয়ে বিভিন্ন শ্ল’গানেৰে ৰঙাপৰাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে ৷

author img

By

Published : Jul 31, 2021, 7:10 PM IST

উত্তীৰ্ণ নোহোৱা ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

ৰঙাপৰা, 31 জুলাই : ৰঙাপৰাৰ আমাৰাবাৰী মধ্য ইংৰাজী বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নোহোৱা ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদী শিক্ষাৰ্থীয়ে আমাক ন্যায় লাগে, আমাৰাবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক হায় হায়, শিক্ষক-শিক্ষয়িত্ৰী হায় হায়, অসম চৰকাৰ হায় হায়, শিক্ষা মন্ত্ৰী হায় হায়, আমাৰ ওপৰত ভেদভাৱ নচলিব আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে আমাৰীবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদ ৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছতে শনিবাৰে পৰীক্ষাত উত্তীৰ্ণ নোহোৱা ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনৰ চৌহদত উপস্থিত হৈ শিক্ষাগুৰুসকলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে ইচ্ছাকৃতভাৱে উত্তীৰ্ণ কৰি নিদিয়াৰ গুৰুতৰ অভিযোগ তুলি ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে বেনাৰ লৈ বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । ছাত্র-ছাত্ৰীসকলে ইয়াৰ এক উচিত তদন্তৰ দাবী উত্থাপন কৰিছে ৷ উল্লেখ্য যে, পৰীক্ষা বিহীন হাইস্কুল শিক্ষান্ত পৰীক্ষাত হাইস্কুলখনৰ পৰা 117 গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল যদিও মাত্ৰ 18 গৰাকী ছাত্ৰ-ছাত্ৰীহে উত্তীৰ্ণ হৈছে ।

ৰহাপৰাত সাব্যস্ত প্ৰতিবাদ

30 জুলাই শুকুৰবাৰে ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ ৷ মুঠ 14 টা ৱেবচাইটত উপলব্ধ হৈছে এইবাৰৰ ফলাফল ৷ ৱেবচাইটৰ পৰাই মাৰ্কশ্বীট সংগ্ৰহ কৰিব পাৰিব পৰীক্ষাৰ্থীয়ে ৷

এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC)ত অৱতীৰ্ণ হ’বলৈ মুঠ 4,26,553 গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন(candidate applied for) জনাইছিল ৷ ইয়াৰে 3,97,132 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ উত্তীৰ্ণৰ হাৰ 93.10 শতাংশ ৷ উত্তীৰ্ণ হোৱা সকলৰ ভিতৰত 92.90 শতাংশ ছাত্ৰী হোৱাৰ বিপৰীতে 93.34 শতাংশ ছাত্ৰ ৷

ইয়াৰে মুঠ 88,521 গৰাকী ছাত্ৰ-ছাত্ৰী এইবেলি প্ৰথম বিভাগ(first division)ত উত্তীৰ্ণ হৈছে ৷ দ্বিতীয় বিভাগ(second division)ত উত্তীৰ্ণ হৈছে 1,60,298 গৰাকী পৰীক্ষাৰ্থী ৷ আনহাতে, তৃতীয় বিভাগ(third division)ত উত্তীৰ্ণ হৈছে মুঠ 148313 গৰাকী ছাত্ৰ-ছাত্ৰী ৷

protests against decision on evaluation of results of class 10
পৰীক্ষাত উত্তীৰ্ণ নোহোৱা ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

কিন্তু এই ফলাফলত সন্তুষ্ট নহয় একাংশ ছাত্ৰ-ছাত্ৰী ৷ শুকুৰবাৰে পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে ঘোষণা কৰা ফলাফলক লৈ নগাঁৱৰ এখন চৰকাৰী বিদ্যালয়ত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে উৎকোচ লৈ একাংশ ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰোৱাৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ বিপৰীতে এই অভিযোগ সম্পূৰ্ণ মিছা বুলি দাবী কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীয়ে ।

এনেদৰেই ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ-ছাত্ৰীসকলে ৷ কোনোৱে যদি মূল্যাংকন পদ্ধতিকলৈ সুখী নহয়, কোনোৱে আকৌ চৰকাৰৰ সিদ্ধান্তক সহজভাৱে মানি ল’ব পৰা নাই ৷ পাছ কৰিবলগীয়া একাংশ ছাত্ৰ-ছাত্ৰীক ফেইল কৰাই দিয়াৰো অভিযোগ উৎত্থাপিত হৈছে শিক্ষকৰ বিৰুদ্ধে ৷

লগতে পঢ়ক: আমাতকৈও গাধ ছাত্ৰ-ছাত্ৰী কেনেকৈ উত্তীৰ্ণ হ'ল: কিয় এনেদৰে প্ৰশ্ন কৰিলে সহপাঠীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.