ETV Bharat / state

সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ বিৰুদ্ধে মৌন প্ৰতিবাদ

author img

By

Published : Nov 14, 2020, 5:36 PM IST

কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যু ৷ এই মৃত্যুৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল সমগ্ৰ ৰাজ্য ৷ শনিবাৰে পৰাগ ভূঞাৰ মৃত্যুৰ মৌন প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয় পৰিষদৰ তেজপুৰৰ আহ্বায়ক কমিটিয়ে ৷

Protest against Parag Bhuyan suspected murder in tezpur assam etv bharat news
অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

তেজপুৰ,14 নৱেম্বৰ: ৰাজ্যজুৰি সাব্যস্ত হৈছে প্ৰতিবাদ ৷ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে তেজপুৰৰ আদালত চাৰিআলিত শনিবাৰে অসম জাতীয় পৰিষদৰ কাৰ্য-কৰ্তাসকলে সাংবাদিকগৰাকীৰ মৃত্যুৰ তদন্ত দাবীৰে মৌন প্ৰতিবাদ সাব্যস্ত কৰে ৷

অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

নিৰ্ভীক সাংবাদিক গৰাকীৰ মৃত্যুৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰাৰ দাবী তোলে সংগঠনটোৰ সদস্যসকলে ৷ সংগঠনটোৰ তেজপুৰৰ আহ্বায়ক জান বৰাই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয়, অসমত ইতিমধ্যে কেইবাজনো সাংবাদিক দুৰ্বৃত্তৰ হত্যাৰ বলি হ’বলগীয়া হৈছে ৷ সাংবাদিত হত্যাৰ তদন্তৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ ৷ উল্লেখ্য যে,বিগত সময়ছোৱাত 34 গৰাকী সাংবাদিকে এনেধৰণেৰে মৃত্যুক সাৱটি লৈছে ৷

লগতে চাওকঃ শিশুগাঁৱত শিশু দিৱস উদযাপন মুখ্যমন্ত্ৰী সোণোৱালৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.