ETV Bharat / state

আত্ম সহায়ক গোটৰ দৰে ৰাজনৈতিক দল গঠন কৰি লাভ নাই : পৃথ্বিৰাজ ৰাভা

author img

By

Published : Aug 25, 2020, 9:03 PM IST

বছৰটোৰ আৰম্ভণিতে ৰাজ্যত ব্যাপক ৰূপ লৈছিল নাগৰিকত্ব সংসোধনী আইন বিৰোধী আন্দোলনে ৷ তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যবাসীৰ বাবে অপ্ৰিয় হৈ পৰিছিল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি দল ৷ তাৰেই সুযোগ গ্ৰহণ কৰি ৰাজ্যৰ ৰাজনীতিত ভুমুকি মাৰিবলৈ সাজু হৈছে বহুকেইটা ৰাজনৈতিক দলে ৷ যেন অঘোষিত প্ৰতিযোগিতাহে চলিছে দল গঠনৰ ৷ অৱশ্যে এইধৰণৰ বিভাজিত শক্তিয়ে বৰঞ্চ বিজেপিক হে সহায় কৰিব বুলিও ক’ব খুজিছে একাংশই ৷

Prithviraj Rabha reaction on regional party opening
আত্ম সহায়ক গোটৰ দৰে ৰাজনৈতিক দল গঠন কৰি লাভ নাই : পৃথ্বিৰাজ ৰাভা

তেজপুৰ, 25 আগষ্ট : সমুখত 2021 ৰ বিধান সভা নিৰ্বাচন, ককালত টঙালি বান্ধিছে ৰাজ্যৰ ৰাজনৈতিক দল সমূহে ৷ সাজু হৈছে শাসনৰ গাদীত থকা বিজেপি তথা মিত্ৰদল অগপ । পাচ পৰি ৰোৱা নাই বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ৷ অব্যাহত আছে ৰাজনৈতিক দলত যোগদানৰ পৰম্পৰাও । সকলোৱে ৰণ কৌশল ৰচনা কৰিছে ভোটাৰক মন আকৰ্ষিত কৰাৰ বাবে ৷ ইতিমধ্যে বন্ধুত্ব স্থাপন হৈছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত ৷ একালত হু ইজ বৰদৰুদ্দিন বুলি তাচ্ছিল্য কৰা তৰণ গগৈয়ে এতিয়া বদৰুদ্দিন আজমলৰ কান্ধত ধৰি যো জা চলাইছে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ ৷ তাৰ মাজতে ৰাজ্যৰ ৰাজনীতিত উঠিছে আন এক জোৱাৰ ৷ সেইয়া হ’ল আঞ্চলিক ৰাজনৈতিক দলৰ জোৱাৰ

বছৰটোৰ আৰম্ভণিতে ৰাজ্যত ব্যাপক ৰূপ লৈছিল নাগৰিকত্ব সংসোধনী আইন বিৰোধী আন্দোলনে ৷ তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যবাসীৰ বাবে অপ্ৰিয় হৈ পৰিছিল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি দল ৷ তাৰেই সুযোগ গ্ৰহণ কৰি ৰাজ্যৰ ৰাজনীতিত ভুমুকি মাৰিবলৈ সাজু হৈছে বহুকেইটা ৰাজনৈতিক দলে ৷ যেন অঘোষিত প্ৰতিযোগিতাহে চলিছে দল গঠনৰ ৷ ৰাজ্যসভাৰ সাংসদ তথা ৰাজ্যৰ অগ্ৰণী সাংবাদিক অজিত ভূঞাৰ নেতৃত্বত গঠন হৈছে আঞ্চলিক গণ মৰ্চা ৷ অদীপ ফুকনৰ নেতৃত্বত অসম সংগ্ৰামী মঞ্চইও জল্পনা-কল্পনা চলাইছে নিৰ্বাচনত নমাৰ ৷ আনহাতে আছুৰ নেতৃত্বতো গঠন হ’বলৈ ওলাইছে নতুন এটা আঞ্চলিক দল ৷ পিচ পৰি ৰোৱা নাই কৃষক মুক্তি সংগ্ৰাম সমিতিও ৷ অখিল গগৈক মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে লৈ দল গঠনৰ দিশে আগবাঢ়িছে কৃষক মুক্তি ৷ শেহতীয়াকৈ আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চইও বিভিন্ন জনৰ পৰামৰ্শ গ্ৰহণ কৰিছে ৰাজনৈতিক দল গঠনৰ হেতু ৷

শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত দল গঠনৰ বাবে যি খৰখেদা লাগিছে সেই প্ৰত্যক্ষ কৰি পৃথ্বীৰাজ ৰাভাই কয় যে, বিহু কমিটি আৰু আত্মসহায়ক গোটৰ দৰে ৰাজনৈতিক দল গঠন কৰা উচিত নহয় ৷ ভাষা-বৰ্ণ নিৰ্বিশেষে সকলো এক গোট হ’লেহে লাভজনক হ’ব বুলি মত পোষণ কৰে পৃথ্বীৰাজ ৰাভাই ৷

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাই কয় যে, ৰাজনৈতিক মোকাবিলাৰ বাবে শত্ৰু-মিত্ৰ সকলোকে একগোট কৰি নিজ নিজ অহং ভাৱ পৰিহাৰ কৰি আগবাঢ়িব লাগিব ৷ ইয়াৰ লগতে তেখেতে উল্লেখ কৰে যে, ৰাজনৈতিক দল গঠনৰ পূৰ্বে 126 টা সমষ্টিৰ ৰাইজক একত্ৰিত কৰাতো অতি প্ৰয়োজন ৷

দেখা গৈছে যে, পৃথকে পৃথকে সংগঠন সমূহে আঞ্চলিকতাবাদী শক্তি শক্তিশালী কৰাৰ যি কুচ কাৱাজ চলাইছে, সেয়ালৈ চিন্তিত হৈছে ৰাজ্যৰ সচেতন মহল ৷ কিয়নো বিভাজিত সমৰ শৈলীৰে শক্তিশালী বিজেপি দলক প্ৰতিহত কৰাতো মুঠেই সহজসাধ্য নহয় ৷ প্ৰায় কেইটা দলে মূল ইছ্যু হিচাপে বাচি লৈছে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগতো ৷ কিন্তু, কেৱল নাগৰিকত্ব সংসোধনী আইনৰ বিষয়টোক লৈয়েই ৰাইজে ভোট দিবনে এই দল সমূহক ৷

1985 ত অসম আন্দোলনৰ ফলশ্ৰুতিত গঠন হৈছিল অসম গণ পৰিষদ ৷ ৰাইজে অশেষ আস্থাৰে আঁকোৱালি লোৱা দলটোৱে পৰৱৰ্তী সময়ত ৰাইজক যি ধৰণে প্ৰতাৰণ কৰিলে, সেইয়া ৰাইজে পাহৰা নাই ৷ এই সমূহ দলৰ ভৱিষ্যৎ কি হ’ব ? নতুনকৈ উত্থান ঘটা আঞ্চলিকতাবাদী শক্তিক ৰাইজে আকোঁৱালি ল’ব নে, সেইয়া নিৰ্বাচনৰ সময়লৈ পৰিস্কাৰ হৈ পৰিব ৷ অৱশ্যে এইধৰণৰ বিভাজিত শক্তিয়ে বৰঞ্চ বিজেপিক হে সহায় কৰিব বুলিও ক’ব খুজিছে একাংশই ৷

লগতে পঢ়ক : বেগমজানৰ সম্প্ৰচাৰ বন্ধৰ নিৰ্দেশ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.