ETV Bharat / state

শোণিতপুৰত ১৯ এপ্ৰিলৰ পৰা বিদ্যালয় বন্ধৰ নিৰ্দেশ - জিলা উপাযুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙ

বৰ্ধিত ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি 19 এপ্ৰিলৰ পৰা শোণিতপুৰ জিলা প্ৰশাসনে প্ৰাথমিকৰ লগতে ৫ম শ্ৰেণীলৈকে বিদ্যালয়সমূহ সম্পূৰ্ণ ৰূপে বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে । শোণিতপুৰ জিলাত দেওবাৰলৈকে নতুনকৈ ১৪৭ গৰাকী লোক ক’ভিড 19 ত আক্ৰান্ত হৈছে ৷

primary-school-will-be-close-from-19-april-due-covid-19-cases-increases
শোণিতপুৰ জিলাত ১৯ এপ্ৰিলৰ পৰা বিদ্যালয় বন্ধৰ নিৰ্দেশনা
author img

By

Published : Apr 18, 2021, 8:58 PM IST

তেজপুৰ,১৮ এপ্ৰিল: শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে বৰ্ধিত ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে এক নিৰ্দেশনা জাৰি কৰিছে । উপায়ুক্তই সমগ্ৰ শোণিতপুৰ জিলাত ক’ভিড সংক্ৰমণ বৃদ্ধিৰ বাবে 19 এপ্ৰিলৰ পৰা প্ৰাথমিকৰ লগতে ৫ম শ্ৰেণীলৈকে বিদ্যালয়সমূহ সম্পূৰ্ণ ৰূপে বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ।

এক নিৰ্দেশনা অনুসৰি নতুনকৈ ১০০ ৰো অধিক ব্যক্তিৰ দেহত ভাইৰাছবিধৰ সংক্ৰমণ হোৱা বাবে জিলাখনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । শোণিতপুৰত দেওবাৰলৈকে নতুনকৈ ১৪৭ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে । তেজপুৰ মেডিকেল কলেজ হাস্পতালত ২১ জন ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : দিল্লীৰ হাস্পতালত আইচিইউ বিচনাৰ নাটনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.