তেজপুৰ, 18 জুলাই : "প্ৰতি মৰমৰ.....মৰম ল’বা ৷ আশা কৰোঁ তুমি কুশলে আছা...মাৰফৎ তুমি..." সেই যে, পদুলিমুখত ডাকোৱালৰ টিলিঙাটোত উজলি উঠা আইৰ চকুহাল, লাজত কোচমোচ খোৱা চেনেহীৰ চকুজুৰি ৷ পিতাইৰ চকুৰ আঁৰ লৈ ৰঙা বাকচটোত গুজি দিয়া চিঠিখনত আঁটি আঁটি বান্ধি থোৱা এগালমান কথা ৷
মনত পৰিছেনে ? সেই খবৰৰ বাকচটো যি আজি এক নষ্টালজিয়া ! নিজৰ আত্মীয়-স্বজন তথা প্ৰিয়জনৰ খবৰ বিচাৰি ৰঙা দীঘলীয়া বাকচ এটাত গুজি পঠিওৱা সেই বিশেষ চিঠিখন ৷ গাঁৱৰ কেঁচা পথৰে টুলুং-ভুটুং কৈ চাইকেলখন চলাই গৈ ডাকোৱালজনে দুৰ-দুৰণিত থকা নিজৰ আত্মীয়ৰ খবৰৰ খামটো মোনাটোৰ পৰা উলিয়াই হাতত দিওঁতে এক তৃপ্তিৰ উন্মাদনাই মন ব্যাকুল কৰি তোলাবোৰ যেন আজিও পাহৰিব নোৱাৰা স্মৃতি ৷ পিচে দুৰ্ভাগ্যৱশতঃ সময়ৰ সোঁতত ডাকঘৰৰ চিনাকী ৰঙা বাকচটো এতিয়া এলাগী হৈ পৰিল, এক মাত্ৰ দুই এখন চৰকাৰী পত্ৰৰ বাহিৰে এতিয়া নাহে ব্যক্তিগত পত্ৰ, পদুলিলৈ চাই অপেক্ষা নকৰে চেনেহীয়ে ৷ সময়ৰ ধামখুমীয়াত অতীত হৈ পৰিছে সেই সোণালী সময় ৷ ক্ৰমাৎ অতীত হৈ যাবলৈ ধৰিছে চিঠি কিম্বা সেই ৰঙা বাকচটো ৷
ডাকঘৰটো বন্ধ হৈ যোৱাৰ পিচত সেই ৰঙা দীঘলীয়া টিনৰ বাকচটোত পত্ৰখন ভৰাই থৈ গুচি অহা হয় ,পাছত ডাকোৱালজনে সেই বাকচটো খুলি পত্ৰ সমূহ ডাক ঘৰৰ যোগেদি নিৰ্দিষ্ট ঠাইলৈ পঠিয়াই দিয়ে ৷ বৰ্তমান মোবাইল ফোন, ইণ্টাৰনেটৰ যোগেদি ই-মেইলত যি কোনো খবৰ প্ৰেৰণ কৰা ,পৃথিৱীৰ যি কোনো ঠাইত থকা ব্যক্তিজনৰ লগত সংযোগ কৰাটো ক্ষন্তেকৰ কাম ৷ কিন্তু ইয়াৰ পিচতো আমিবোৰে এতিয়াও এই ৰঙা বাকচটো দেখিলে ৰোমাঞ্চিত হৈ উঠো ৷ অতীতৰ গাত এবাৰ ভেঁজা দি মনত পেলাও আইৰ মুখৰ সাধু সাধু লগা কথাবোৰ ৷ টেকন’লজীৰ চিকমিকনিৰ মাজতো এই ৰঙা পোষ্ট বক্সটোৰ আজিও একেই সতেজ, নিভাজ, স্বাভিমানী ৷
উল্লেখ্য যে, অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত পোষ্ট বক্স ঠায়ে ঠায়ে উপলব্ধ যদিও ইয়াৰ ব্যৱহাৰ খুবেই কম ৷ অসমত এই ডাক সেৱাৰ মুঠ 9 টা ডিভিজন আছে তাৰ ভিতৰত 2 টা RMS ডিভিজন ৷ মুঠ 19 টা প্ৰধান ডাকঘৰ, 605 টা চাব ডিভিজন আৰু 3383 টা শাখা ডাকঘৰ ৷ এতিয়া একমাত্ৰ বিশেষ চৰকাৰী পত্ৰ প্ৰেৰণৰ বাহিৰে অন্যান্য কামত ব্যৱহাৰ নহয় এই ডাকঘৰসমূহ ৷
কিন্তু অতীতক এৰাই চলি বৰ্তমানত জীয়াই থকা সম্ভৱ জানো ? এতিয়াও ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ ক্ষেত্ৰত এই ব্যৱস্থা সম্পূৰ্ণ সুকীয়া ৷ কাৰণ আজিও সেনা বাহিনীৰ বিভিন্ন স্থানত সীমান্তত দেশৰ সুৰক্ষা বাবে নিয়োজিত হৈ থকা লোকসকলৰ পৰিয়ালে তেওঁলোকক ডাকযোগে পত্ৰ প্ৰেৰণ কৰে ৷ তথ্য প্ৰযুক্তিৰ সমাহাৰৰ মাজতো তেওঁলোকে বহু সময়ত সেই অতীতৰ বাৰ্তা ব্যৱস্থাৰ ওপৰতে নিৰ্ভৰশীল হ’ব লগা হয় ৷ ঘৰৰ পৰা সেই ৰঙা দীঘলীয়া টিনৰ বাকচটোৰ ভিতৰত ভৰাই দিয়া পত্ৰখনলৈ অধীৰ আগ্ৰহেৰে ৰৈ থাকে জোৱানসকলে ৷ আজিও পোষ্ট বক্স তেওঁলোকৰ আপোন ৷
দিন বাগৰি যোৱাৰ লগে লগে প্ৰযুক্তিবিদ্যাই দোপত দোপে উন্নতিৰ শিখৰ চুব ৷ ফলত বহু সময়ত প্ৰশ্ন উত্থাপন হয় যে আধুনিকতা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ধামখুমীয়াত সঁচাকৈয়ে অতীত হোৱাৰ পথত নেকি এই পোষ্ট বক্স! আমাৰ ভৱিষ্যত প্ৰজন্মই কেৱল ফটো অথবা সজোৱা সামগ্ৰীৰ দৰেহে চিনি পাব নেকি এই পোষ্ট বক্সসমূহ!
লগতে পঢ়ক: ULFA activities in Upper Assam:উজনি অসমত ধনদাবীৰে পুনৰ সক্ৰিয় ৰূপত আলফা স্বাধীন