ETV Bharat / state

ঠিকাদাৰৰ গাফিলতিৰ বাবে দুৰ্ভোগ ৰাইজৰ - Rangapara Police Station

ৰঙাপৰা থানা তিনিআলি আৰু তাৰাজুলি চাহ বাগিচা সংযোগী পথচোৱাত ৰে’লৱে বিভাগৰ আৰ এম ৭৪ নং লেভেল ক্ৰছিঙৰ ওপৰত এখন উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য চলি আছে । লগতে অব্যাহত আছে অনুপম প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ অধীনত ৰঙাপৰা-বালিপৰা সংযোগী গড়কাপ্তানী পথৰ ওপৰত উৰণীয়া সেঁতুখনৰ কেইবাটাও পকী খুঁটা নিৰ্মাণৰ কাম ৷ উক্ত কামৰ ঠিকা লাভ কৰা ঠিকাদাৰজনে নিয়ম অনুসৰি পথচোৱা সঠিকভাৱে আৰু বহলকৈ নিৰ্মাণ কৰিব লাগিছিল । কিন্তু ইয়াৰ বিপৰীতে পথচোৱা নিৰ্মাণৰ বাবে যথেষ্ট ভূমি থকাৰ পিছতো ঠিকাদাৰজনে অতি সংকীৰ্ণভাৱে এটা পথ নিৰ্মাণ কৰি দায়িত্ব সামৰে ৷

Poor condition of a road at rangapara tezpur assam etv bharat news
পথৰ দুৰৱস্থা
author img

By

Published : Jul 21, 2020, 11:01 AM IST

ৰঙাপৰা,21 জুলাই: বিকশিত অসমৰ উন্নয়নৰ প্ৰকৃত ছবিখন প্ৰতিফলিত হৈছে তেজপুৰৰ ৰঙাপৰাত ৷ অঞ্চলটোৰ বাট-পথৰ দুৰৱস্থাই ৰাজ্যৰ দুৰৱস্থাক দাঙি ধৰিছে ৷ চহৰখনৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ পথেৰে যাতায়াতৰ ক্ষেত্ৰত সম্প্ৰতি চৰম দুৰ্ভোগ ভূগিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷ পথটি পকী হোৱা স্বত্বেও সম্প্ৰতি একপ্ৰকাৰৰ কেঁচা পথলৈ পৰিণত হৈছে ৷ উল্লেখ্য যে, ৰঙাপৰা থানা তিনিআলি আৰু তাৰাজুলি চাহ বাগিচা সংযোগী পথচোৱাত ৰে’লৱে বিভাগৰ আৰ এম ৭৪ নং লেভেল ক্ৰছিঙৰ ওপৰত এখন উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য চলি আছে । লগতে অব্যাহত আছে অনুপম প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ অধীনত ৰঙাপৰা-বালিপৰা সংযোগী গড়কাপ্তানী পথৰ ওপৰত উৰণীয়া সেঁতুখনৰ কেইবাটাও পকী খুঁটা নিৰ্মাণৰ কাম ৷ উক্ত কামৰ ঠিকা লাভ কৰা ঠিকাদাৰজনে নিয়ম অনুসৰি পথচোৱা সঠিকভাৱে আৰু বহলকৈ নিৰ্মাণ কৰিব লাগিছিল । কিন্তু ইয়াৰ বিপৰীতে পথচোৱা নিৰ্মাণৰ বাবে যথেষ্ট ভূমি থকাৰ পিছতো ঠিকাদাৰজনে অতি সংকীৰ্ণভাৱে এটা পথ নিৰ্মাণ কৰি দায়িত্ব সামৰে ৷ অঞ্চলটোৰ এখন পশু চিকিৎসালয়ৰ সন্মুখেৰে নিৰ্মাণ হোৱা উক্ত পথটোৰে সম্প্ৰতি যাতায়াতৰ ক্ষেত্ৰত ৰাইজে ভুগিছে চৰম দুৰ্ভোগ । পথছোৱাৰ নিৰ্মাণৰ গাফিলতিৰ ফলত বাৰিষাৰ এজাক বৰষুণতে উপচি পৰে বোকা-পানীৰে ৷

পথৰ দুৰৱস্থা

ইয়াৰ লগতে উক্ত পথছোৱাত দৈনন্দিন সৃষ্টি হয় তীব্ৰ যান-জঁটৰ ৷ মূলতঃ পথছোৱা অত্যন্ত ঠেক হোৱাৰ বাবে এই যান-জঁটৰ সৃষ্টি হোৱাৰ কথা প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে । কিন্তু অঞ্চলবাসীৰ সমস্যাৰ প্ৰতি কোনো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ পথ নিৰ্মাণত অনিয়ম সংঘটিত কৰাৰ পিছতো ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই ৷ ফলত বোকা-পানী গচকিয়েই দৈনন্দিন পথটোৰে যাতায়াত কৰিবলগীয়া হৈছে ৰাইজে ৷

লগতে চাওকঃ ধেমাজিৰ কুলাজানত ১২৭ টা অবৈধ গৰু জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.