তেজপুৰ, ২৯ ডিচেম্বৰ: সমগ্ৰ ৰাজ্যত ডিচেম্বৰ মাহৰ শেষৰ ফালে আৰম্ভ হৈছে পথ সুৰক্ষা সজাগতা আৰু হেলমেট পৰিধান নকৰা আৰু সুৰাপায়ী চালকৰ বিৰূদ্ধে অভিযান(Operation against MV act violations)। ব্যতিক্ৰম নহয় শোণিতপুৰ জিলাৰ মটৰ পৰিবহণ বিভাগ । আৰক্ষীয়ে আইন উলংঘাকাৰীক জৰিমনা বিহাৰ সমান্তৰালকৈ সজাগতা সৃষ্টিৰ অভিযান চলাইছে ছাত্ৰ-ছাত্ৰী সকলে(Awareness Campaign of Students) । যান-বাহন আইন উলংঘা কৰা লোকসকলৰ বিৰূদ্ধে শিক্ষাৰ্থীসকলো ওলাই অহা পৰিলক্ষিত হৈছে ।
শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক, জিলা পৰিবহণ বিষয়াৰ উপস্থিতিত যান বাহন আইনৰ নিয়ম নমনাসকলক জৰিমনা বিহাৰ পৰিৱৰ্তে শিক্ষা দিলে শিক্ষাকৰ্থীসকলে । তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বাটৰ নাটৰ জৰিয়তে সজাগতা সৃষ্টিৰ চেষ্টা কৰিছে (Street play by Darrang college student) ।
ইফালে দৰং আৰক্ষী তথা পৰিবহণ বিভাগেও দৰং মহাবিদ্যালয়ত শিক্ষাৰ্থীসকলৰ মাজত পথ সুৰক্ষা আৰু সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে । শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকে হেলমেট পৰিধান নকৰা আৰু সুৰাপান কৰি গাড়ী চলোৱাসকলক কঠোৰ সকীয়নী প্ৰদান কৰে । সজাগতামূলক কাৰ্যসূচীৰ লগতে নিয়ম ভংগকাৰীসকলৰ বিৰূদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱা হ’ব বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷
উল্লেখ্য যে, শোণিতপুৰ জিলাত বৰ্তমানলৈকে ১০ জন সুৰাপায়ী চালকক আটক কৰিছে আৰক্ষীয়ে । নিতৌ তেজপুৰ চহৰতে প্ৰায় এক লাখতকৈ অধিক জৰিমনা বিহা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনৱাতে (Sonitpur Police strictly implement helmet rules, slap fines) । লগতে জিলা পৰিবহণ বিভাগে দিনে-নিশাই অব্যাহত ৰাখিছে যান-বাহন আইন উলংঘাকাৰীৰ বিৰূদ্ধে অভিযান ।
লগতে পঢ়ক: Fine for driving without helmet: হেলমেট পৰিধান নকৰি আৰক্ষীয়ে ভৰিলে জৰিমনা