ETV Bharat / state

Sonai Rupai Sanctuary: বনৰীয়া জীৱ হত্যা নকৰাৰ সংকল্পৰে চোৰাং চিকাৰীয়ে জমা দিলে বন্দুক

মিছামাৰীত চোৰাং চিকাৰীয়ে বন্দুক জমা দিলে বন বিভাগক (poachers surrendered in Misamari )। তেওঁলোকে ৬ টাকৈ হস্তনিৰ্মিত বন্দুক গাঁওবুঢ়াৰ জৰিয়তে বন বিভাগক জমা দিয়ে । মিছামাৰীৰ সোণাই-ৰূপাই অভয়াৰণ্যত চোৰাং চিকাৰ কৰা চিকাৰী কেইজনে জীৱ হত্য়া নকৰাৰ সংকল্প ল'লে ।

poachers surrendered Guns in Misamari
মিছামাৰীত চোৰাং চিকাৰীয়ে বন্দুক জমা দিলে বন্যপ্ৰাণী বিভাগক
author img

By

Published : Mar 14, 2023, 9:56 PM IST

ৰঙাপৰা, ১৪ মাৰ্চ: শোণিতপুৰ জিলাৰ মিছামাৰীত কেইবাজনো চোৰাং চিকাৰীয়ে হস্তনিৰ্মিত বন্দুক জমা দি অনাগত দিনত জীৱ-জন্তু হত্যা নকৰাৰ শপত ল'লে (poachers surrendered Guns in Misamari)। এই চোৰাং চিকাৰীকেইজনে এনেদৰে শপত লোৱাত আদৰণি জনাইছে বন বিভাগে । উল্লেখ্য যে মিছামাৰীৰ সোণাই-ৰূপাই অভয়াৰণ্যখনত চোৰাং চিকাৰীয়ে হাতে সজা বন্দুক লৈ অবৈধভাৱে প্ৰৱেশ কৰি বন্যপ্ৰাণী নিধন কৰি অহাটো সৰ্বজনবিদিত (Sonai Rupai Sanctuary in Misamari)।

poachers surrendered Guns in Misamari
মিছামাৰীত চোৰাং চিকাৰীয়ে বন্দুক জমা দিলে বন্যপ্ৰাণী বিভাগক

যোৱা ৬ মাৰ্চত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ কলামাটিস্থিত কাৰ্যালয়ৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগত থকা চাফাপানি বন শিৱিৰ এলেকা তথা অসম-অৰুণাচল সীমান্তৱৰ্তী দুৰ্গম অঞ্চলত শূন্যলৈ দুই জাঁই গুলি চলাই এটা হস্তনিৰ্মিত বন্দুকসহ এজন চোৰাং চিকাৰীক আটক কৰে বনকৰ্মীয়ে (Safapani Forest Camp)। ইয়াৰ পিছত অভয়াৰণ্যখনত কিদৰে বনৰীয়া জীৱ-জন্তু হত্যা নিৰ্মূল কৰিব পৰা যায় তাৰ এক পদক্ষেপ গ্ৰহণ কৰে বন্যপ্ৰাণী বিভাগে ।

এই অভয়াৰণ্যখনত থকা দুষ্প্ৰাপ্য জীৱ-জন্তু সংৰক্ষণ আৰু আপুৰুগীয়া বনজ সম্পদ ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যে যোৱা ৯ মাৰ্চত অসম-অৰুণাচল সীমান্তৱৰ্তী আম্লাইগুৰিত এখন সজাগতা সভা অনুষ্ঠিত হয় (Poacher vows not to kill wild animals)। আম্লাইগুৰি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সজাগতা সভাখনত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ শাখাৰ গুৱাহাটীৰ আঞ্চলিক বিষয়া, সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ কলামাটিস্থিত বনাঞ্চলিক বিষয়া বিভূতি মজুমদাৰ, গাঁওবুঢ়া দ্বিপেন মুছাহাৰী, নিখিল বড়ো ছাত্র সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি জি‍ৎ স্বৰ্গীয়াৰী, সম্পাদক ইনোছ মুছাহাৰী আদিকে ধৰি স্থানীয় ৰাইজ উপস্থিত থাকে (Wildlife Crime Control Branch)।

এই সজাগতা সভাখনত বন্যপ্ৰাণী বিভাগৰ বিষয়াসকলে বনৰীয়া জীৱ-জন্তু জীয়াই থাকিলে মানুহৰ কেনে ধৰণৰ উপকাৰ সাধন হয়, বনৰীয়া জীৱ-জন্তু হত্যা কৰিলে আইনৰ দ্বাৰা কি শাস্তিৰ সন্মুখীন হ'ব লাগিব সেই সন্দৰ্ভত বক্তব্য আগবঢ়ায় । সভাখন অনুষ্ঠিত হোৱাৰ কিছুদিনৰ পিছতে চোৰাং চিকাৰৰ সৈতে জড়িত থকা একাংশ লোকে ৬ টাকৈ হস্তনিৰ্মিত বন্দুক গাঁওবুঢ়াজনৰ হাতত জমা দি বনৰীয়া জীৱ-জন্তু হত্যা নকৰাৰ শপত লয় ।

ইয়াৰ পিছতেই হাতেসজা বন্দুককেইটা গাঁওবুঢ়া দ্বিপেন ৰামচিয়াৰিয়ে পশ্চিম শোণিতপুৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ বন প্ৰাধিকাৰীৰ হাতত জমা দিয়ে । চোৰাং চিকাৰী কেইজনে অবৈধভাৱে ৰখা হস্তনিৰ্মিত বন্দুকসমূহ জমা দি বনৰীয়া জীৱ-জন্তু হত্যা নকৰাৰ পন লোৱাত তেওঁলোকক বিশেষভাৱে অভিনন্দন জনাইছে বন বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক:Akhil Gogoi vs Assam Govt : চৰকাৰে ঋণ লোৱাৰ সপক্ষে যুক্তি মন্ত্রী পীযুষ হাজৰীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.