তেজপুৰ,৫ নৱেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া চাপৰিত এইবাৰ বনৰীয়া ম‘হৰ চোৰাং চিকাৰী আটক হৈছে । উদ্যানখনৰ বুঢ়া চাপৰিৰ অঞ্চলত বনৰীয়া ম‘হ চিকাৰ কৰা তিনিজন চিকাৰীক আটক কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা বিভাগে । আটকাধীন চোৰাং চিকাৰী কেইটা ক্ৰমে, আব্দুল বাৰেক, মুছদিক হক, সহমৰ আলি ৷

চোৰাং চিকাৰী কেইটাক শোণিতপুৰ জিলাৰ লাওখোৱা চাপৰি অঞ্চলৰ পৰা আটক কৰা হৈছে বুলি জানিব দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে ৷
লগতে পঢ়ক: ড° সমুজ্জল ভট্টাচাৰ্যই আছু ত্যাগ কৰা সিন্ধান্ত সন্দৰ্ভত কি ক'লে লুৰিনে?